২০২৬ চন
৮ প্ৰবন্ধ
-
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন ১২৬টা সমষ্টিৰ বাবে ২০২৬ চনৰ ৯ এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হোৱা ষষ্ঠদশ বিধানসভা নিৰ্বাচন। ভোট গণনা আৰু ফলাফল ২০২৬ চনৰ ৪ মে’ত ঘোষণা কৰাৰ কথা আৰু ভোটাৰ তালিকাত মুঠ ২,৪৯,৫৮,১৩৯ জন যোগ্য ভোটাৰ অন্তৰ্ভুক্ত।
-
২০২৬ চন
২০২৬ (দুহাজাৰ ছাব্বিশ চন; MMXXVI) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি বৃহস্পতিবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৬ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ সপ্তম বছৰ।
-
২০২৬ চনত মৃত্যু
মূল প্ৰবন্ধ: ২০২৬ চন শ্যাম বিহাৰী লাল, ৬০, ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য। এল. গণেশন, ৯১, ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য। সুৰেশ কালমাদি, ৮১, ভাৰতীয় ৰাজনীতিবিদ আৰু ক্ৰীড়া প্ৰশাসক। মাধৱ গাডগিল, ৮৩, ভাৰতীয় পৰিৱেশবিদ আৰু পৰিৱেশবিজ্ঞানী।
-
২০২৬ চনৰ ব্ৰড পিক হিমস্খলন
২০২৬ চনৰ ৩০ জুলাইত পাকিস্তানৰ কাৰাকোৰাম পৰ্বতশ্ৰেণীৰ ব্ৰড পিকত উপনীত হ’বলৈ চেষ্টা কৰা ১০ জনীয়া পৰ্বতাৰোহীৰ এটা দলৰ ওপৰত হিমস্খলন হয়। কেম্প ২ আৰু কেম্প ৩ৰ মাজৰ ঢালত প্ৰায় ৬,৬০০ মিটাৰ (২১,৭০০ ফুট) উচ্চতাত সংঘটিত হোৱা এই হিমস্খলনে সকলো পৰ্বতাৰোহীকে পৰ্বতৰপৰা তললৈ ঠেলি দিয়ে।
-
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপ
২০২৬ আইচিচি মহিলা টি-২০ বিশ্বকাপ হ’ল আইচিচি মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ২০২৬ চনৰ ১২ জুনৰ পৰা ৫ জুলাইলৈ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ দ্বাৰা ইংলেণ্ডত আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০০৯ চনত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল।
-
২০২৫–২৬ চনত অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেট দলটোৱে ২০২৫ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিব। এই ভ্ৰমণত তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ'ব।
-
২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ
২০২৬ আইচিচি পুৰুষ টি–২০ বিশ্বকাপ হৈছে আইচিচি পুৰুষ টি–২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু শ্ৰীলংকা ক্ৰিকেটৰ যৌথ আয়োজনত ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ ২০২৬লৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে শ্ৰীলংকাই ২০১২ চনত আৰু ভাৰতে ২০১৬ চনত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।
-
২০২৬ৰ উজনি অসমৰ বান
২০২৬ চনৰ ১৯ জুলাইত নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হয় আৰু বানৰ সৃষ্টি হয়বুলি কোৱা হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তথ্য প্ৰকাশ কৰে।