অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জাঁজী নদী

জাঁজী নদী (Jhanji River) হৈছ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। এই নদীখনে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে। নাগালেণ্ডৰ মোককচাং নগৰৰ উত্তৰ দিশৰ কোনো এক ঠাইৰপৰা জাঁজী নদীৰ উৎপত্তি হৈছে। ১৯১৭ চনৰ মানচিত্ৰৰ মতে, জাঁজী নদী খনৰ দীঘ ১০৭ কি:মি: আৰু অৱবাহিকাৰ কালি ১৩৫০ বৰ্গ কি:মি:।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

জাঁজী নদী (Jhanji River) হৈছ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। এই নদীখনে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে। নাগালেণ্ডৰ মোককচাং নগৰৰ উত্তৰ দিশৰ কোনো এক ঠাইৰপৰা জাঁজী নদীৰ উৎপত্তি হৈছে। ১৯১৭ চনৰ মানচিত্ৰৰ মতে, জাঁজী নদী খনৰ দীঘ ১০৭ কি:মি: আৰু অৱবাহিকাৰ কালি ১৩৫০ বৰ্গ কি:মি:।

গতিপথ

জাঁজী নদীখন নাগালেণ্ডৰ মোককচাং নগৰৰ কিছু উত্তৰ পৰা মেলেক নৈ নামেৰে ওলাই উত্তৰ-পশ্চিমমুৱা হৈ ১২ কি:মি: আহি উত্তৰ-পূৱমুৱা হয়। তাৰ পিচত মেলেক নৈ খনে ১৬ কি:মি: আহি মেনুং নামৰ এখন নৈৰ লগ লাগি মেলেক নৈখনে জাঁজী নাম লয়। জাঁজী নৈয়ে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাইদি বৈ আহি শিমলুগুৰিৰ পৰা উত্তৰমুৱা হৈ ৪ কি:মি: আহি আমগুৰি ৰেলপথ পাৰ হয়। আমগুৰিৰ পৰা উত্তৰ-পশ্চিমমুৱাহৈ বৈ আহি জাঁজী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই-পথ পাৰ হয়। তাৰ পাচত বহুতো যান আৰু সৰু নৈ লগ লাগি ধনতোলা পায়। তাৰ পৰা ৫ কি:মি: ভটিয়াই বনাই পায়, বনাই পৰা ৭ কি:মি: ভটিয়াই চীনাতলিৰ ন-জাঁজী ওচৰত নৈখন ঠেক হৈ আৰু ৫ কি:মি: আহি কুমাৰ গাঁৱত মিটং-মৰি জাঁজী নৈ সৈতে লগ লাগি জাঁজীমুখত ব্ৰহ্মপুত্ৰ নদৰ লগ লাগে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদীব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাঁজী নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৬৮৩ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।