অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২২ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৩ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৪৯৯ - স্বাবিয়ান যুদ্ধৰ (Swabian War) বাছেল চুক্তি (Treaty of Basel) স্বাক্ষৰিত হয় আৰু যুদ্ধ সমাপ্ত হৈছিল।
  • ১৯৩৪ - ব্ৰিটেইনৰ গ্ৰেছফ'ৰ্ড কয়লা খনিত বিস্ফোৰণ ঘটি ২৬৬জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাক গ্ৰেছফ'ৰ্ড দুৰ্যোগ (Gresford disaster) বুলি জনা যায়।
  • ১৯৬৫ - আমেৰিকাৰ দ্বাৰা যুদ্ধ বিৰতি আহ্বানত কাশ্মীৰক লৈ হোৱা ভাৰত-পাকিস্থানৰ যুদ্ধৰ অৱসান ঘটে।
  • ১৯৮০ - ইৰাক-ইৰানৰ যুদ্ধ আৰম্ভ হয়।
  • ২০১৩ - পাকিস্থানৰ পেছাৱৰত থকা এটা গীৰ্জা ঘৰত আত্মঘাতী বোমাৰু উগ্ৰপন্থীয়ে দুটা বোমা বিস্ফোৰণ ঘটাইছিল আৰু সেই বিস্ফোৰণত ১২৭জন লোক নিহত হৈছিল।

জন্ম

  • ১৭৫৯ - ৱিলিয়াম প্লেইফেয়াৰ, স্কটলেণ্ডৰ অভিযন্তা আৰু অৰ্থ-ৰাজনীতিবিদ (political economist)। পৰিসংখ্যা গ্ৰাফ বা লেখ চিত্ৰৰ (statistical graphs) উদ্ভাৱক। ব্ৰিটেইনৰ হৈ গুপ্তচৰ কৰিছিল।
  • ১৭৯১ - মাইকেল ফেৰাডে, ইংৰাজ পদাৰ্থ বিজ্ঞানী, বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত হৈছিল। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
  • ১৮২৯ - আনন্দৰাম ঢেকিয়াল ফুকন, আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক।
  • ১৮৬৩ - আলেকজান্দ্ৰে ইয়াৰছিন (Alexandre Yersin), ছুইজাৰলেণ্ড-ফ্ৰান্সৰ চিকিৎসক আৰু বেক্টেৰিয়া বিশেষজ্ঞ, প্লেগ ৰোগৰ বীজাণু আৱিষ্কাৰক।
  • ১৮৭০ - চাৰ্লট কোপাৰ (Charlotte Cooper), ইংৰাজ মহিলা টেনিছ খেলুৱৈ, অলিম্পিকৰ মহিলা টেনিছত প্ৰথম সোণৰ পদক বিজেতা।
  • ১৯৩৭ - শিৱপ্ৰসাদ ঠাকুৰ, অসমৰ এজন চলচ্চিত্ৰ পৰিচালক।
  • ১৯৫৮ - আন্দ্ৰেয়া বোছেলি (Andrea Bocelli), ইটালীৰ জনপ্ৰিয় সংগীত শিল্পী।
  • ১৯৬২ - মাৰ্টিন ক্ৰ' (Martin Crowe), নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৭৯ - ৰোহিত চাৰ্দানা, ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক।
  • ১৯৮২ - নয়ন নীলিম, অসমীয়া চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮৪ - থিয়াগ' ছিলভা (Thiago Silva), ব্ৰাজিলৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫৩৯ - গুৰু নানক, শিখ ধৰ্মৰ প্ৰৱৰ্তক।
  • ১৮৫০ - জে এইছ ভন থুনেন (Johann Heinrich von Thünen),জাৰ্মান মানৱ ভূগোলবিদ আৰু অৰ্থনীতিবিদ, কৃষি ভূমি ব্যৱহাৰৰ সূত্ৰৰ (The Von Thunen model of agricultural land use) বাবে জনাজাত।
  • ১৯৫৬ - ফ্ৰেডৰিক ছ'ডি (Frederick Soddy), ইংৰাজ ৰসায়ন বিজ্ঞানী, আইচ'টপৰ (isotopes) আৱিষ্কাৰক, ন'বেল বঁটা বিজেতা (১৯২১)।
  • ১৯৭০ - শৰদিন্দু বন্দ্যোপাধ্যায়, এজন ভাৰতীয় বঙালি লেখক। (জঃ ৩০ মাৰ্চ, ১৮৯৯)
  • ১৯৯১ - দুৰ্গা খোটে, পদ্মশ্ৰী আৰু দাদা চাহেব ফালকে বঁটা জয়ী অভিনেত্ৰী।
  • ২০১১ - মনছুৰ আলী খান পাটাউদী, ভাৰতীয় ক্ৰিকেট খেলুৱৈ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।

দিৱস

  • বিশ্ব গঁড় দিৱস। (World Rhino Day)

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৭৯০২৯ (২১ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।