ডিব্ৰু-শদিয়া ৰেলৱে (Dibru Sadiya Railway, চমুকৈ DSR) ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। মূলতঃ চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই মিটাৰগজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল। ডিব্ৰু-শদিয়া ৰেলপথত ১৮৮২ চনৰ ১ মে'তডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰেল চলে। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।১ ১৯৪৫ চনত চনত ডিব্ৰু-শদিয়া ৰেলৱেক 'বেংগল আসাম ৰেলৱে'ত অন্তৰ্ভুক্ত কৰা হয়।২৩৪
ইতিহাস

১৮৭০ৰ দশকত অবিভক্ত ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিছাৰ উত্পাদিত সামগ্ৰী, চাহবাগিছাৰ বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি কঢ়িয়াবলৈ এজন চাহ খেতিয়ক আৰু অৱসৰপ্ৰাপ্ত সৈন্যবাহিনীৰ বিষয়াজন বেৰী হোৱাইটে নেৰ'গজ ৰেলপথ খোলাৰ বাবে চৰকাৰৰ ওচৰত অনুমতি বিচাৰে। ভাৰত চৰকাৰে অনুমতি দিয়াত বেৰী হোৱাইটে লণ্ডনলৈ গৈ এটা কোম্পানী পঞ্জীভুক্ত কৰে। কিন্তু কোম্পানীৰ শ্বেয়াৰ কিনাত ৰাইজৰ আশানুৰূপ সঁহাৰি নোপোৱাত লোকচান ভৰি এই প্ৰচেষ্টা বন্ধ কৰি দিয়া হয়।৩
ৰেলপথ নিৰ্মাণ কৰা বিখ্যাত অভিযন্তা বেঞ্জামিন পিয়াৰ্চিয়ে ভায়েক ৰবাৰ্ট' পিয়াৰ্চি আৰু এডোৱাৰ্ড উইলচনক চৰ-জমিন তদন্ত কৰিবলৈ উজনী অসমলৈ পঠিয়ায়। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে ৰেলপথটো ১ মিটাৰ বহলকৈ নিৰ্মাণ কৰাৰ আৰু কয়লা উত্পাদনৰ অনুমতি দিলে বেঞ্জামিন পিয়াৰ্চিয়ে এই পৰিকল্পনাত সঁহাৰি দিবলৈ মান্তি হয়। সেইমতে ৩০ জুলাই ১৮৮১ত 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰি দিয়া হয়। ১ মে' ১৮৮২ৰ দিনা ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলোৱা হয়। ইতিমধ্যে মাকুমলৈ ৰেলপথচোৱা নিৰ্মাণৰ কাম সমাপ্ত হোৱাত ১৬ জুলাই ১৮৮৩ৰ পৰা ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।৩
ৰবাৰ্ট পিয়াৰ্চিৰ বিচাৰত লিডু কয়লাখনিৰ গুৰুত্ব অধিক হোৱাত ৰেলপথটো মাকুমৰ পৰা বুঢ়ীদিহিঙলৈ সম্প্ৰসাৰণ কৰাত বিশেষ গুৰুত্ব দিয়া হয়। ১৮ ফ্ৰেব্ৰুৱাৰী ১৮৮৪ত দিহিং নৈত নিৰ্মাণ কৰা কাঠৰ দলঙৰ ওপৰেৰে এখন বিশেষ ৰেল ডিব্ৰুগড়ৰ পৰা লিডুলৈ যাত্ৰা কৰে।
ইফালে মাকুমৰ পৰা চৈখোৱাঘাটলৈও শাখাপথচোৱাৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থাকে। একেটা বছৰৰে ২ মে'ৰ দিনা ডুমডুমালৈ ৰেলপথ মুকলি কৰা হয়। এই পথটো ১৮৮৫ চনত তালাপলৈ আৰু ১৯০৯ চনত অন্তিম ষ্টেচন চৈখোৱাঘাটলৈ সম্প্ৰসাৰণ কৰা হয়।
লামডিঙৰ দিশৰ পৰা নিৰ্মাণ কৰি অহা আসাম বেংগল ৰে’লৱেৰ লাইন ১৯০৩ চনত তিনিচুকীয়াত ডিব্ৰু-শদিয়া ৰেলৱেৰ সৈতে সংযোগ হয় আৰু তিনিচুকীয়া এটা জংচন ষ্টেচনলৈ ৰূপান্তৰ হয়।
উত্তৰসূৰী

ডিব্ৰু-শদিয়া ৰেলৱে এটা সফল বাণিজ্যিক প্ৰতিষ্ঠান আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামৰিক প্ৰয়োজনত চৰকাৰৰ দ্বাৰা যথেষ্ট পূঁজি বিনিয়োগ কৰি ইয়াৰ উন্নয়ন সাধন কৰা হয়। ১৯৪২ চন ১ জানুৱাৰীত আসাম বেংগল ৰে’লৱে আৰু ইষ্টাৰ্ণ বেংগল ৰেলৱে লগ লগাই চৰকাৰে বেংগল আসাম ৰেলৱে গঠন কৰে।৫ ১৯৪৫ চনত "লিডু এণ্ড টিকক মাৰ্ঘেৰিটা কলিয়েৰী ৰেলৱে"ৰ ৰেলপথখিনিৰ লগতে ডিব্ৰু-শদিয়া ৰেলৱেকো চৰকাৰে কিনি লয় আৰু 'বেংগল-আসাম ৰেলৱে'ত ইয়াক চামিল কৰে।২৩ এই ঐতিহাসিক ৰেলপথটো বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্ভুক্ত।২
ৰেলপথ

১৯৪২ চনৰ ৰেল মানচিত্ৰ অনুসৰি ডিব্ৰু-শদিয়া ৰেলৱেৰ মুখ্য পথটো ডিবৰুমুখৰ পৰা আৰম্ভ হৈ লিডুত শেষ হৈছিল। এইচোৱা পথৰ মুখ্য ষ্টেচনবোৰ আছিল- ডিব্ৰুগড় টাউন, চাবুৱা, তিনিচুকীয়া, মাকুম, ডিগব, মাৰ্ঘেৰিটা মহকুমা আৰু লিডু। মাকুম জংচনৰ পৰা আন এটা শাখা গৈছিল চৈখোৱাঘাটলৈ। শাখাপথৰ মুখ্য ষ্টেচনবোৰ আছিল- বৰা-হাপজান, ডুমডুমা, তালাপ, ডাঙৰী আৰু চৈখোৱাঘাট। ১৯০৩ চনত আসাম বেংগল ৰেলৱে তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰাত এই ষ্টেচনটো ডিব্ৰু-শদিয়া ৰেলৱে আৰু আসাম বেংগল ৰে’লৱেৰ জংচন ষ্টেচনলৈ ৰূপান্তৰিত হৈছিল। মাৰ্ঘেৰিটাৰ পৰা এটা ৰেলপথ নামদাং আৰু লিডুৰ পৰা এটা ৰেলপথ টিপংপানী কয়লাক্ষেত্ৰলৈ গৈছিল।৬৭
বৰ্তমান
ৰাজ্যখনৰ প্ৰথমটো ৰেলপথ ডিব্ৰু-শদিয়া ৰেলৱে বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে অন্তৰ্গত আৰু ইয়াক ব্ৰডগজলৈ ৰূপান্তৰ কৰা হৈছে। ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পত ডাঙৰী আৰু চৈখোৱাঘাটৰ মাজৰ ৰেলপথৰ বিস্তৰ ক্ষতি হয়, যাৰবাবে ডাঙৰী ষ্টেচনৰ পৰা চৈখোৱাঘাটলৈ ৰেলপথটো বন্ধ কৰি দিয়া হৈছিল। কুৰি শতিকাৰ শেষটো দশকত তিনিচুকীয়া-ডাঙৰী শাখাটো উত্তৰ-পূব সীমান্ত ৰেলৱেই বন্ধ কৰি দিয়াৰ যো-জা চলাইছিল যদিও ৰাইজৰ প্ৰবল দাবীত ইয়াক ব্ৰডগজলৈ পৰিবৰ্তন কৰে। বৰ্তমান এখন যাত্ৰীবাহী ৰেল৮ মাকুম আৰু ডাঙৰীৰ মাজত চলাচল কৰে।১
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (December 13, 2011). State’s first railway track closed down. assamtribune.com. assamtribune
- ↑ History of NF Railway. nfr
- ↑ ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা. (২০০৭). ব্ৰহ্মপুত্ৰ উপত্যাকাত ৰেলগাড়ী. মন্থন. পৃ. ১৯, ২০
- ↑ www.irfca.org/faq/faq-history2.html
- ↑ আৰ্কাইভ কপি
- ↑ ১৯৪২ চনৰ ৰেল মানচিত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ enquiry.indianrail.gov.in/ntes/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰু-শদিয়া ৰেলৱে” প্ৰবন্ধৰ সংশোধন ৩৮১১৯৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।