হৰিপ্ৰসাদ চৌৰসিয়া (ইংৰাজী: Horiprasad Chaurasia; জন্ম: ১ জুলাই ১৯৩৮) এজন ভাৰতীয় সংগীত পৰিচালক আৰু হিন্দুস্তানী শাস্ত্ৰীয় পৰম্পৰাৰ ধ্ৰুপদী বাঁহীবাদক১ তথা সুৰকাৰ।
প্ৰাৰম্ভিক জীৱন
১৯৩৮ চনৰ ১ জুলাইত ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ এলাহবাদত (বৰ্তমানৰ প্ৰয়াগৰাজ) চৌৰসিয়াৰ জন্ম হৈছিল৷২ তেওঁৰ ছবছৰ বয়সতে মাতৃৰ বিয়োগ ঘটিছিল৷ তেওঁৰ দেউতাকে তেওঁ মল্লযোদ্ধা হোৱাটো বিচাৰিছিল সেয়ে তেওঁ দেউতাকৰ অজ্ঞাতে সংগীত শিকিছিল৷ চৌৰসিয়াই দেউতাকৰ সৈতে আখাৰালৈ গৈ কিছুদিনৰ বাবে মল্লযুদ্ধৰ অনুশীলন কৰিছিল যদিও তেওঁ বন্ধুৰ ঘৰত সংগীতৰ শিক্ষা আৰু অনুশীলন আৰম্ভ কৰিছিল৷৩৪
কৰ্মজীৱন
চৌৰসিয়াই ১৫ বছৰ বয়সৰ পৰাই চুবুৰীয়া ৰাজাৰামৰ পৰা কণ্ঠ সংগীত শিকিবলৈ আৰম্ভ কৰে। পিছলৈ বাৰাণসীৰ ভোলানাথ প্ৰসন্নৰ তত্ত্বাৱধানত আঠ বছৰ ধৰি বাঁহী বজোৱাৰ প্ৰশিক্ষণ লয়। ১৯৫৭ চনত তেওঁ ওড়িশাৰ কটকৰ অল ইণ্ডিয়া ৰেডিঅ' (আকাশবাণী)ত যোগদান কৰে আৰু সুৰকাৰ আৰু পৰিবেশক হিচাপে কাম কৰে।২৫ আকাশবাণীত কাম কৰি থাকোঁতে তেওঁ বাবা আল্লাউদিন খানৰ কন্যা অন্নপূৰ্ণা দেৱীৰ পৰা শিকিবলৈ সুযোগ লাভ কৰে। তেওঁ পূৰ্বতে শিকা সকলোখিনি ত্যাগ কৰাৰ পিছতহে তেওঁক শিকাবলৈ সন্মত হৈছিল।৬ আন এটা প্ৰবাদ মতে তেওঁ সোঁহাতেৰে বজোৱাৰ সলনি বাওঁহাতেৰে বজালেহে তেওঁক শিকাবলৈ সন্মত হৈছিল।৭ যিকোনো ক্ষেত্ৰতে চৌৰসিয়াই আজিলৈকে বাওঁহাতেৰেই বাঁহী বজায়।
শাস্ত্ৰীয় সংগীতৰ উপৰিও হৰিপ্ৰসাদে শিৱকুমাৰ শৰ্মাৰ সৈতে লগলাগি শিৱ-হৰি নামৰ এটা দল গঠন কৰে।৮ এই যুটিয়ে চিলচিলা আৰু চান্দনীকে ধৰি বহু জনপ্ৰিয় চলচ্চিত্ৰৰ সংগীত ৰচনা কৰাৰ লগতে কিছুমান অতি জনপ্ৰিয় গীতৰ সৃষ্টি কৰে। চৌৰসিয়াই ভুৱনেশ্বৰ মিশ্ৰৰ সহযোগিতাত "ভুবন-হৰি" (শিৱ-হৰিৰ সৈতে সংগতি ৰাখি) যুটি গঠন কৰে আৰু এই যুটিয়ে বহু ওড়িয়া চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰি অসংখ্য গীতৰ সৃষ্টি কৰে আৰু ৰাজ্যখনত বিপুল জনপ্ৰিয়তা লাভ কৰে। মুজে জানেনা কহা বাটা (সুমন কল্যাণপুৰে গোৱা; চলচ্চিত্ৰ: গাপা হেলেবি সাতা); আৰু মা ও মমতাৰ সকলো গীত, আৰু অন্য বহুতো গীত ইয়াৰ উদাহৰণ।
চৌৰসিয়াৰ ভতিজা আৰু ছাত্ৰ ৰাকেশ চৌৰসিয়া বৰ্তমান এজন অতি নিপুণ বাঁহীবাদক, আৰু জাকিৰ হুছেইনৰ দৰে বিশিষ্ট সংগীতজ্ঞৰ সৈতে বিশ্বজুৰি অনুষ্ঠান পৰিৱেশন কৰিছে।
তেওঁ নেদাৰলেণ্ডৰ ৰটাৰডেম সংগীত কনজাৰ্ভেটৰীত বিশ্ব সংগীত বিভাগৰ কলাত্মক পৰিচালক হিচাপে কাম কৰে।৯ মুম্বাইৰ বৃন্দাবন গুৰুকুল (২০০৬ চনত মুকলি) আৰু ভুৱনেশ্বৰত বৃন্দাবন গুৰুকুল (২০১০ চনত মুকলি)ৰ প্ৰতিষ্ঠাপক আছিল। এই দুয়োটা প্ৰতিষ্ঠানেই গুৰু-শিষ্য পৰম্পৰাত ছাত্ৰ-ছাত্ৰীক বাঁহীবাদনৰ প্ৰশিক্ষণ বিদ্যালয়।১০
তেওঁ জন মেকলাফলিন (John McLaughlin), জান গাৰ্বাৰেক (Jan Garbarek), কেন ল'বাৰকে (Ken Lauber) ধৰি কেইবাজনো পশ্চিমীয়া সংগীতজ্ঞৰ সৈতে কাম কৰিছে আৰু ভাৰতীয় ছবিৰ বাবে সংগীত ৰচনা কৰিছে।১১ চৌৰসিয়াই ১৯৬৮ চনত জৰ্জ হেৰিছনে লিখা দ্য বিটল্চৰ (The Beatles) বি-ছাইড "দ্য ইনাৰ লাইট"তো বাঁহী বজাইছিল।১২ তেওঁ জৰ্জ হেৰিছনৰ সৈতে তেওঁৰ প্ৰথম একক মুক্তি ৱাণ্ডাৰৱাল মিউজিকত (Wonderwall Music) আৰু হেৰিছন, ৰবি শংকৰ আৰু অন্যান্যৰ সৈতে ডাৰ্ক হৰ্চ ৰেকৰ্ডছৰ মুক্তিপ্ৰাপ্ত শংকৰ ফেমিলি এণ্ড ফ্ৰেণ্ডছতো (Shankar Family & Friends) বাঁহী বজাইছিল।১৩
ব্যক্তিগত জীৱন
চৌৰসিয়াই দুবাৰ বিবাহপাশত আবদ্ধ হৈছে, প্ৰথমে কমলা দেৱীৰ সৈতে১৪ আৰু তাৰ পিছত অনুৰাধা ৰায়ৰ সৈতে।৩১৫ তেওঁৰ তিনিজন পুত্ৰ আছে। প্ৰথম পত্নী কমলা দেৱীৰ ফালৰ তেওঁৰ দুজন পুত্ৰ বিনয় আৰু অজয় আৰু অনুৰাধাৰ ফালৰ পৰা ৰাজীৱ নাম এজন পুত্ৰ। চৌৰসিয়াৰ পাঁচগৰাকী নাতিনী আৰু এজন নাতি আছে।১৬ তেওঁৰ ভতিজা ৰাকেশ চৌৰসিয়াও এজন বাঁহাবাদক।১৭১৮
জনপ্ৰিয় সংস্কৃতিত
সংগীতজ্ঞজনৰ পুত্ৰ ৰাজীৱ চৌৰসিয়াই পৰিচালনা কৰা আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ বিভাগৰ প্ৰযোজনাত চৌৰসিয়াৰ জীৱন আৰু উত্তৰাধিকাৰক লৈ বাঁছুৰি গুৰু (Bansuri Guru) নামৰ এখন তথ্য চিত্ৰ নিৰ্মাণ কৰা হয়।১৯২০
বঁটা আৰু সন্মান
- সংগীত নাটক একাডেমী - ১৯৮৪২১
- কোণাৰ্ক সন্মান - ১৯৯২৫
- পদ্মভূষণ - ১৯৯২২২
- যছ ভাৰতী সন্মান - ১৯৯৪
- পদ্মবিভূষণ - ২০০০২২
- পণ্ডিত চতুৰ লাল এক্সেলেন্স এৱাৰ্ড - ২০১৫
- হাফিজ আলি খান বঁটা - ২০০০
- দিনানাথ মংগেস্কাৰ বঁটা - ২০০০
- পুনে পণ্ডিত বঁটা - ২০০৮, কলা আৰু সংগীত বিভাগ, পুনে, ভাৰত
- অক্ষয় সন্মান - ২০০৯২৩
- সন্মানীয় ডক্টৰেট, উত্তৰ উড়িশা বিশ্ববিদ্যালয় - ২০০৮
- সন্মানীয় ডক্টৰেট, উৎকল বিশ্ববিদ্যালয় - ২০১১
- নেচনেল এমাৰেন্স এৱাৰ্ড, নাডা বিদ্যা ভাৰতী - বিশাখা সংগীত আৰু নৃত্য একাডেমী, বৈজাগ - ২০০৯
- ভাৰতৰ ২৫ জন মহান জীৱন্ত কিংবদন্তী - এন.ডি.টি.ভি. - ২০১৩
- গণসম্ৰাজ্ঞী লতা মংগেস্কাৰ বঁটা - ২০২১-২২২৪
তথ্যসূত্ৰ
- ↑ (26 September 2009). Pt. Hariprasad Chaurasia performs in Hyderabad. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Datta, Madhumita. (2008). Let's Know Music and Musical Instruments of India. Star Publications. পৃ. 64. ISBN 978-1905863297
- ↑ Kalidas, S. (6 July 1998). Flamboyant Flautist. India Today
- ↑ Calamur, Harini. (1 July 2015). From akhadas to concerts, the journey of flute maestro Pandit Hariprasad Chaurasia. DNA India
- ↑ Kumar, Raj. (2003). Essays on Indian Music. Discovery Publishing House. পৃ. 220. ISBN 978-8171417193
- ↑ (9 April 2015). Learning from the master: Corporate lessons from flute maestro Pandit Hariprasad Chaurasia. Firstpost.com
- ↑ Kavita Chhibber. Kavita Chhibber
- ↑ (6 April 2000). Enchantment from Eden valley. দ্য হিন্দু
- ↑ KYS, Team. (29 September 2016). Melodies Of Brindavan: Pandit Hariprasad Chourasia. KnowYourStar
- ↑ Manjari Sinha. (22 April 2016). Blown away by the master. The Hindu
- ↑ (30 July 2012). I just pick up the flute and feel the urge to play. archive.is
- ↑ Ray Chowdhury, Tathagata. (26 January 2015). Bansuri innovator ignored in city. The Times of India
- ↑ (10 January 1968). The Beatles Bible - Recording: Wonderwall Music by George Harrison. The Beatles Bible
- ↑ (14 April 2013). Pandit Hariprasad Chaurasia's first wife, sons left out of biopic. The Times of India
- ↑ (1 October 2017). Teaching the wind to sing: Pandit Hariprasad Chaurasia on blowing life into a reed. The Indian Express
- ↑ (22 March 2010). A step forward in promotion of classical music. দ্য হিন্দু
- ↑ (3 April 2003). Striking the right note. The Hindu
- ↑ (17 August 2004). Tuneful tips: Rakesh Chaurasia. The Hindu
- ↑ Pau, Debjani. (14 January 2013). Real story of flute maestro now captured in reel. Indian Express
- ↑ (15 January 2013). Weaving melody with the divine flute. The New Indian Express
- ↑ (17 September 2013). Hariprasad Chaurasia - Jaipur Literature Festival. jaipurliteraturefestival.org
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Satapathy, Rajaram. (10 October 2009). Hariprasad Chaurasia gets Akshaya Samman. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (22 July 2022). सूरब्रह्माचा उपासक. Maharashtra Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিপ্ৰসাদ চৌৰসিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৮৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।