দ্য বিটল্চ (The Beatles) আছিল এটা প্ৰসিদ্ধ আমেৰিকান ৰকবেণ্ড। ১৯৬০ চনত লিভাৰপুলত এই বেণ্ডটো গঠিত হৈছিল। বেণ্ডৰ গুৰি ধৰিছিল জন লেনন, প'ল মেককাৰ্টনি, জৰ্জ হেৰিছন আৰু ৰিংগো ষ্টাৰে। তেওঁলোকক প্ৰায়েই "সৰ্বকালৰ সবাতোকৈ প্ৰভাৱশালী বেণ্ড" হিচাপে আখ্যায়িত কৰা হয়।১ এই দলটোৱে পপ সংগীতৰ উত্থান আৰু বিৱৰ্তনত অসামান্য বৰঙনি আগবঢ়াইছিল আৰু পপ সংগীতক এক কলাৰ মৰ্যাদা প্ৰদান কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৬০ চনত উদ্ভৱ হোৱা বিপৰীত সংস্কৃতি (Counterculture)-ৰ বিকাশতো দ্য বিটল্চৰ অৰিহণা আছিল। ২
ইতিহাস
১৯৫৭ চনৰ মাৰ্চ মাহত ষোল্ল বছৰীয়া জন লেননে তেওঁ পঢ়া লিভাৰপুলৰ কোৱেৰি বেঙ্ক হাইস্কুলৰ কেইজনমান বন্ধু-বান্ধৱৰ লগত এটা স্কিফল গোট গঠন কৰে। তেওঁলোকে নিজকে "ব্লেকজেকেট" বুলি পৰিচয় দিয়ে। কিন্তু সেইটো নাম অইন এটা বেণ্ডে ইতিমধ্যেই ব্যৱহাৰ কৰি থকা বুলি জানি তেওঁলোকে নামটো সলাই "দ্য কোৱেৰিমেন" ৰাখে। ৩ জুলাই মাহত জন লেননে পোন্ধৰ বছৰীয়া প'ল মেককাৰ্টনিক লগ পায় আৰু তেওঁক ৰিদম গীটাৰিষ্ট হিচাপে বেণ্ডত অন্তৰ্ভুক্ত কৰে। ৪ ১৯৫৮ চনৰ ফেব্ৰুৱাৰিত মেককাৰ্টনিয়ে তেওঁৰ বন্ধু জৰ্জ হেৰিছনক বেণ্ডটো চাবলৈ মাতে। পোন্ধৰ বছৰীয়া হেৰিছনে লেননৰ আগ্ৰহত এটা অ'দিছ্যন দিয়ে। হেৰিছনৰ বাদনে লেননক বৰকৈ আনন্দিত কৰে কিন্তু কম বয়সৰ বাবে তেওঁ হেৰিছনক বেণ্ডত সুমুৱাবলৈ বৰকৈ ইচ্ছা প্ৰকাশ নকৰিলে। পিছে হেৰিছনৰ নেৰানেপেৰা অনুৰোধে কেইমাহমানৰ পিছত লেননৰ মন গলাই পেলালে আৰু মেককাৰ্টনিৰ উদ্যোগত সম্পন্ন হোৱা দ্বিতীয়টো সাক্ষাতত লেননে হেৰিছনক বেণ্ডত চামিল কৰোৱালে। দ্বিতীয়টো সাক্ষাতত হেৰিছনে লিভাৰপুলৰ বাছৰ ওপৰতলাত "ৰৌঞ্চি" নামৰ গীতটোৰ এটা যন্ত্ৰকৃত সংগীত(Instrumental)ৰ লীড গীটাৰ অংশখিনি বজায়,৫ আৰু এনেকৈয়ে জৰ্জ হেৰিছন বেণ্ডৰ লিড গীটাৰিষ্ট হিচাপে সংযুক্ত হয়। ৬৭
১৯৫৯ চনৰ জানুৱাৰীত লেননে লিভাৰপুল কলেজ অৱ আৰ্টছত পঢ়িবলৈ আহে আৰু তেওঁৰ কুৱেৰি বেঙ্কৰ সংগীসকলেও দলটো এৰি যায়গৈ। ৮ লেননৰ চিত্ৰাংকন বিদ্যালয়ৰ বন্ধু ষ্টুৱাৰ্ট ছাটক্লিফ-এ ১৯৬০ চনৰ জানুৱাৰীত বেণ্ডটোত যোগদান কৰে। তেওঁৱেই পোনপ্ৰথমবাৰৰ বাবে বেণ্ডৰ নামটো সলাই 'বিটলছ্' কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। "বাডি হ'লি" আৰু "দ্য ক্ৰিকেটছ"ৰ বাবে নামটো উছৰ্গা কৰা হৈছিল। ৯১০ তেওঁলোকে এই নামটো মে' মাহলৈকে ব্যৱহাৰ কৰে, তাৰপিছত তেওঁলোক "ছিলভাৰ বিটল্চ" হৈ পৰে। সেয়া আছিল পপ গায়ক তথা সতীৰ্থ জনি জেণ্টলৰ লগত এটা সৰু ট্যু'ৰ কৰাৰ আগতে। অৱশেষত জুলাইৰ মধ্যভাগত তেওঁলোকে বেণ্ডৰ নামটো "দ্য বিটল্চ" কৰি দিয়ে। ১১
দ্য বিটল্চৰ মেনেজাৰ এলান উইলিয়ামছ্-এ, তেওঁলোকৰ কাৰণে হামবাৰ্গত এটা আৱাসগৃহৰ ব্যৱস্থা কৰে। সেইসময়ত তেওঁলোকৰ বেণ্ডত এজন পূৰ্ণ-কালীন ড্ৰামবাদক নথকাৰ বাবে ১৯৬০ চনৰ মধ্য-আগষ্টত তেওঁলোকে পেটি বেষ্টৰ অডিশ্যন লৈ বেণ্ডত অন্তৰ্ভুক্ত কৰে। ১২

হেমবাৰ্গত থকাৰ কালতে লিভাৰপুলত তেওঁলোকৰ জনপ্ৰিয়তা ক্ৰমাৎ ঊৰ্ধমুখী হ'বলৈ ধৰে। অৱশ্যে একেটা ক্লাৱতে ৰাতিৰ পিছত ৰাতি পৰিৱেশন কৰি তেওঁলোক কোনোবাপৰত অৱশো হৈ পৰিছিল। ১৩ ১৯৬১ চনৰ নৱেম্বৰত কেভাৰ্ণ ক্লাৱত কোনোবা এটা পৰিৱেশনৰ সময়ত তেওঁলোকে ব্ৰায়ান এপষ্টেইন নামৰ স্থানীয় ৰেকৰ্ড-বিপনীৰ মালিক আৰু সংগীতৰ বিষয়ে কাকতত স্তম্ভ লিখা মানুহজনক লগ পায়। ১৪ সেই সাক্ষাৎপৰ্বৰ বিষয়ে তেওঁ পাছলৈ এইদৰে কয়-"শুনা মাত্ৰকে মোৰ সেইবোৰ ভাল লাগিছিল। তেওঁলোক আছিল সতেজ, সৰল আৰু তেওঁলোকৰ মাজত মই আশাকৰাধৰণে একধৰণৰ তাৰকাসদৃশ চিন আছিল। ১৫
১৯৬২ চনৰ জানুৱাৰীত এইজন এপষ্টেইনকে বিটল্চে নিজৰ মেনেজাৰ হিচাপে নিযুক্ত কৰে। ১৬ সেইবছৰৰে এপ্ৰিলত জাৰ্মানীলৈ ওভতাৰ পথত তেওঁলোকে ছাটক্লিফৰ মগজুত ৰক্তক্ষৰণ হৈ মৃত্যু হোৱাৰ সংবাদটো লাভ কৰে। ১৭
কেইমাহমানৰ পিছত জৰ্জ মাৰ্টিন নামৰ এজন প্ৰযোজকে বিটল্চক ইএমআই ৰ পাৰ্লোফোনৰ বাবে চুক্তিবদ্ধ কৰে। ১৮
মাৰ্টিনৰ লগত তেওঁলোকৰ প্ৰথমটো বাণীবদ্ধ হয় ইএমআইৰ আব্বে ৰ'ড ষ্টুডিঅ'ত; ১৯৬২ চনৰ ৬ জুনত। ১৯ ড্ৰামবাদক পেটি বেষ্টৰ প্ৰদৰ্শন দুৰ্বল আখ্যা দি মাৰ্টিনে মেনেজাৰ এপষ্টেইনৰ সমুখত নিজৰ অভিযোগ দাখিল কৰে আৰু তাৰ পৰিৱৰ্তে এগৰাকী দক্ষ ড্ৰামবাদকক অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। ২০ বিটল্চে ইতিমধ্যেই বেষ্টক বিদায় দিয়াৰ সিদ্ধান্তটো লৈ থৈছিল,২১ সেয়ে তেওঁলোকে বেষ্টক মধ্য-আগষ্টত বিদায় জনাই ৰিংগো ষ্টাৰক বেণ্ডত সুমুৱাই লয়। ৰিংগো ষ্টাৰে ৰ'ৰি ষ্টৰ্ম আৰু হাৰিকেনছৰ দল ত্যাগ কৰি বিটল্চত প্ৰৱেশ কৰে। ২২
প্ৰভাৱ
বিটল্চৰ বেণ্ডটোক বিভিন্ন সময়ত বিভিন্ন ব্যক্তি আৰু সংগীতজ্ঞই প্ৰভাৱান্বিত কৰিছে। বিটল্চক প্ৰাৰম্ভিক পৰ্যায়ত প্ৰভাৱান্বিত কৰিছিল এলভিছ প্ৰেছলি, কাৰ্ল পাৰকিনছ্, লিটল ৰিছাৰ্ড আৰু চ্ছাক বেৰিয়ে। ২৩ ১৯৬২ চনত এপ্ৰিলৰ পৰা মে'লৈ হেমবাৰ্গৰ ষ্টাৰ ক্লাৱত প্ৰতিৱেশী লিটল ৰিচাৰ্ডৰ লগত থকাৰ সময়ত, ৰিচাৰ্ডে তেওঁৰ গীতবোৰ সঠিক পদ্ধতিৰে কেনেকৈ পৰিৱেশন কৰিব লাগে-সেইবিষয়ে শিকাইছিল। ২৪ প্ৰেচলিৰ বিষয়ে পাছলৈ লেননে এইদৰে মন্তব্য কৰিছিল যে-"এলভিছক নুশুনালৈকে মোক একোৱেই প্ৰভাৱিত কৰিব পৰা নাছিল। যদিহে এলভিছ নাথাকিলহেঁতেন, বিটছলৰো কোনো অস্তিত্ব নাথাকিলহেঁতেন। "২৫ এইসকলৰ বাহিৰেও বিটল্চক প্ৰথমাৱস্থাত প্ৰভাৱিত কৰিছিল বাড্ডি হলি, এডি ক'চ্ছৰেণ, ৰয় অৰ্বিচন আৰু দ্য এভাৰলি ব্ৰাডাৰছে। ২৬
সন্মান, বঁটা আদি
- ১৯৬৫ চনত কুইন এলিজাবেথ (দ্বিতীয়)-ই জন লেনন, মেককাৰ্টনি, হেৰিছন আৰু ষ্টাৰক "মেম্বাৰছ্ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ" হিচাপে নিযুক্তি দিয়ে। ২৭
- "লেট ইট বি" (১৯৭০) নামৰ ছবিখনে ১৯৭১ চনত শ্ৰেষ্ঠ মৌলিক গীতৰ অকাডেমী বঁটা লাভ কৰে। ২৮
- বিটল্চে আমেৰিকা যুক্তৰাষ্ট্ৰত সাতটা গ্ৰেমী বঁটা২৯, পোন্ধৰটা ইভ'ৰ ন'ভেলো বঁটা,৩০ ছটা ডায়মণ্ড এলবাম, ২০টা মাল্টি-প্লেটিনাম এলবাম, ১৬টা প্লেটিনাম এলবাম আৰু ৬টা গ'ল্ড এলবাম লাভ কৰে। ৩১
- আনহাতে আমেৰিকা যুক্তৰাজ্যত, বিটল্চে চাৰিটা মাল্টি-প্লেটিনাম এলবাম, চাৰিটা প্লেটিনাম এলবাম, আঠটা গ'ল্ড এলবাম আৰু এটা ছিলভাৰ এলবাম লাভ কৰে। ৩২
- ১৯৮৮ চনত তেওঁলোকে "ৰক এণ্ড ৰোল হ'ল অৱ ফেম"তো প্ৰৱেশ কৰে।৩৩
- বিটল্চ হৈছে ইতিহাসৰ সৰ্বাধিক মূল্যত বিক্ৰী হোৱা বেণ্ড। তেওঁলোকে ২০১৩ চনলৈকে ৮০০ মিলিয়ন (অৰ্থাৎ ৮০ কোটি) এলবাম বিক্ৰী কৰিবলৈ সক্ষম হৈছে।৩৪
- বিলবৰ্ডৰ আলোচনীত তেওঁলোকক সৰ্বকালৰ সৰ্বসতেজ ১০০ জন শিল্পীৰ তালিকাৰ শীৰ্ষত স্থান দিয়া হৈছে। ৩৫ ২০১৭ চনলৈকে বিলবৰ্ডত সৰ্বাধিকবাৰ শীৰ্ষত থকাৰ অভিলেখ গঢ়িবলৈ বিটল্চ সক্ষম হৈছে (২০বাৰ)।৩৬
- তেওঁলোকক সামূহিকভাৱে টাইম আলোচনীৰ "বিংশ শতিকাৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তি"ত স্থান দিয়া হৈছে। ৩৭
- ২০১৪ চনত তেওঁলোকে গ্ৰেমীৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।৩৮
- ২০০১ চনৰ পৰা ১৬ জানুৱাৰী দিনটো ৰাষ্ট্ৰসংঘৰ অধীনত বিশ্ববাসীয়ে "বিশ্ব বিটল্চ দিৱস" হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ১৯৫৭ চনৰ এইটো দিনতে কেভাৰ্ণ ক্লাৱৰ উদ্বোধন হৈছিল।৩৯৪০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Hasted, Nick. (2017). You Really Got Me: The Story of The Kinks. Omnibus Press. পৃ. 425
- ↑ Frontani 2007, পৃ. 125
- ↑ Spitz 2005, পৃ. 47–52
- ↑ Spitz 2005, পৃ. 93–99
- ↑ Miles 1997, পৃ. 47; Spitz 2005, পৃ. 127
- ↑ Miles 1997, পৃ. 47
- ↑ Lewisohn 1992, পৃ. 13
- ↑ Harry 2000a, পৃ. 103
- ↑ Lewisohn 1992, পৃ. 18
- ↑ Gilliland 1969
- ↑ Lewisohn 1992, পৃ. 18–22
- ↑ Lewisohn 1992, পৃ. 21–25
- ↑ Lewisohn 1992, পৃ. 33
- ↑ Miles 1997, পৃ. 84–87
- ↑ Lewisohn 1992, পৃ. 34–35
- ↑ Miles 1997, পৃ. 84–88
- ↑ Lewisohn 1992, পৃ. 56
- ↑ Lewisohn 1992, পৃ. 56
- ↑ Lewisohn 1992, পৃ. 59
- ↑ Spitz 2005, পৃ. 318, 322
- ↑ Miles 1998, পৃ. 49–50
- ↑ Lewisohn 1992, পৃ. 59
- ↑ Harry 2000a, পৃ. 140, 660, 856–858, 881
- ↑ Harry 2000a, পৃ. 660
- ↑ Harry 2000a, পৃ. 881
- ↑ Spitz 2005, পৃ. 111, 123, 131, 133
- ↑ Spitz 2005, পৃ. 556
- ↑ Southall Perry 2006, পৃ. 96
- ↑ Grammy.com
- ↑ Harry 2000a, পৃ. 559–560
- ↑ RIAA 2009b
- ↑ British Phonographic Industry 2009
- ↑ www.cleveland.com/entertainment/2015/04/revisit_
- ↑ (12 June 2013). The Beatles and Bravado Come Together. Universal Music Group
- ↑ Billboard 2008a
- ↑ Rutherford, Kevin. (30 March 2017). The Beatles, Aerosmith & Godsmack: A History of 'Come Together' on the Charts. Billboard
- ↑ Loder 1998
- ↑ (26 January 2014). Paul McCartney and Ringo Starr Share Grammy Stage for Rare Performance. Rolling Stone
- ↑ Rossiyskaya Gazeta: Мир отмечает день The Beatles (16.01.2013)
- ↑ World marks January 16 The Beatles Day (16 January 2018)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য বিটল্চ” প্ৰবন্ধৰ সংশোধন ৪৩৪০৫২ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।