সাধাৰণ মৰমন ( Common Mormon, বৈজ্ঞানিক নাম-Papilio polytes) এবিধ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধক অন্য পখিলা বিশেষকৈ ৰঙা দেহৰ চাতকনেজী পখিলা (Red-bodied Swallowtails) যেনে সাধাৰণ গোলাপী পখিলা (Common Rose) আৰু 'Crimson Rose' আদিৰ সৈতে কৰা অনুকৰণধৰ্মিতাৰ(mimicry)ৰ বাবে জনা যায়৷
বিৱৰণ

]]
সাধাৰণ মৰমনৰ পাখিৰ বৰণ গাঢ় ক'লা আৰু পিছফালৰ পাখি (hindwing) বগা দাগ থাকে৷ বগা দাগবোৰৰ আকাৰ তললৈ কমি আহে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯০-১০০ মিমি হয়৷ মতা সাধাৰণ মৰমন মাইকীতকৈ আকাৰত সৰু হয়৷অৱশ্যে ঠাই বিশেষে ইয়াৰ আকাৰৰো পৰিৱৰ্ত্তন হোৱা দেখা যায়৷
বিস্তৃতি
সাধাৰণ মৰমন পখিলা ঘাইকৈ পাকিস্তান, ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, দক্ষিণ আৰু পশ্চিম চীন, টাইৱান, হংকং, জাপান, ভিয়েটনাম, লাউচ, আন্দামান, নিকোবৰ, মালয়েছিয়া, ব্ৰুণেই, ইণ্ডোনেছিয়া, ফিলিপাইন আদি দেশত বিস্তৃত হৈ আছে৷
বাসস্থান
সাধাৰণ মৰমন পখিলাই সাধাৰণতে কিছু পৰিমাণে গছ-গছনি থকা অঞ্চল পছন্দ কৰে যদিও ইয়াক প্ৰায় সকলোতে দেখিবলৈ পোৱা যায়৷ বিশেষকৈ খেতি-পথাৰ, ফলৰ বাগিচা আদিত এই পখিলাবিধে খাদ্যৰ সন্ধানত উৰি ফুৰা দেখা যায়৷ বাৰিষাকালত এইবিধ পখিলাৰ আবাদী বৃদ্ধি পায়৷
আচৰণ

সাধাৰণ মৰমন পখিলাই ফুলৰ মৌ খাই জীয়াই থাকে৷ ই প্ৰধানকৈ নগৰৰ বাগিচাৰ Lantana, Jatropha, Ixora, আৰু মুছেণ্ডা আদি উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে৷ বনাঞ্চলত ইয়াক সাধাৰণতে . Asystasia, Peristrophe, আৰু Jasminum উদ্ভিদৰ ফুলৰ পৰা মৌ গ্ৰহণ কৰা দেখা যায়৷ এই পখিলাবিধৰ কেৱল মতা পখিলাই মুকলি ঠাইৰ ছাঁ পৰা অঞ্চলত বোকাত খাদ্যৰ সন্ধান কৰে ( Mud puddling)৷ তদুপৰি লুণীয়া মাটিৰ পৰা ইহঁতে বিভিন্ন লৱণ গ্ৰহণ কৰাৰো তথ্য পোৱা গৈছে৷১
পোষক উদ্ভিদ
সাধাৰণ মৰমনৰ পলুৱে সাধাৰণতে তলত উল্লেখ কৰা 'Rutaceae' পৰিয়ালৰ উদ্ভিদক পোষক উদ্ভিদ (host plants) হিচাপে গ্ৰহণ কৰে-
- Aegle marmelos
- Atalantia racemosa২
- নেমুজাতীয় উদ্ভিদসমূহ (C. aurantifolia, C. grandis, C. limon, C. medica, C. sinensis)
- Glycosmis arborea
- Murraya koenigii, Curry leaf
- Murraya paniculata
জীৱন-চক্ৰ
মাইকী সাধাৰণ মৰমন পখিলাই গছৰ মুকলি ডালত পাখি মেলি বা বন্ধ কৰি বহে৷ মতা পখিলাটোৱে এনে অৱস্থাতে প্ৰজনন কৰে৷
কণী
সাধাৰণ মৰমনৰ কণী পাতৰ ওপৰভাগত পাৰে৷ ইয়াৰ আকাৰ ঘূৰণীয়া আৰু বৰণ হালধীয়া বা পাতল কমলা হোৱা দেখা যায়৷
পলু
পলু প্ৰথম অৱস্থাত দেখাত নেমুটেঙা পখিলা (Lime Butterfly)ৰ দৰে হয়৷ পৰৱৰ্ত্তী কালত ইয়াৰ বৰণ গাঢ় সেউজীয়া হৈ পৰে৷
লেটা
ইয়াৰ লেটা পাত ডালৰ তলৰভাগত থাকে৷ লেটাৰ বৰণ পাতল সেউজীয়া হোৱা দেখা যায়৷
লগতে চাওক
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Gay, Thomas; Kehimkar, Isaac & Punetha, J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Kunte, Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাধাৰণ মৰমন” প্ৰবন্ধৰ সংশোধন ৫৭০৮৪৫ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।