অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৃহৎ মৰমন

বৃহৎ মৰমন (Great Mormon, বৈজ্ঞানিক নাম-Papilio memnon) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধ ঘাইকৈ দক্ষিণ এছিয়াত দেখিবলৈ পোৱা যায়৷ ই এবিধ বহুলভাৱে বিস্তৃত হৈ থকা পখিলাৰ প্ৰজাতি আৰু ইয়াৰ প্ৰায় তেৰবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বৃহৎ মৰমন (Great Mormon, বৈজ্ঞানিক নাম-Papilio memnon) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধ ঘাইকৈ দক্ষিণ এছিয়াত দেখিবলৈ পোৱা যায়৷ ই এবিধ বহুলভাৱে বিস্তৃত হৈ থকা পখিলাৰ প্ৰজাতি আৰু ইয়াৰ প্ৰায় তেৰবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷

Underside
Undersideছবি: Josef Mohyla from Fr�dlant nad Ostravic�, Czech Republic · CC BY 2.0

বিৱৰণ

বৃহৎ মৰমন পখিলাৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১২০-১৫০ মিমি পৰ্যন্ত হয়৷ ইয়াৰ চাৰিপ্ৰকাৰৰ (form) মতা পখিলা আৰু বহুতো ধৰণৰ মাইকী পখিলা দেখা পোৱা যায়৷ মাইকী বৃহৎ মৰমনে অন্য অখাদ্য (unpalatable) পখিলাৰ অনুকৰণধৰ্মিতা দেখুৱাব পাৰে৷১২৩

বিস্তৃতি

বৃহৎ মৰমন পখিলা উত্তৰ-পূব ভাৰতৰ ছিক্কিম, অসম আৰু নাগালেণ্ড, নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ, আন্দামান আৰু নিকোবাৰ দ্বীপপূঞ্জ, চীন, টাইৱান, জাপান, থাইলেণ্ড, লাউচ, ভিয়েটনাম,, মালয়েছিয়া আৰু ইণ্ডোনেছিয়া আদি দেশত দেখিবলৈ পোৱা যায়৷

বাসস্থান

বৃহৎ মৰমন পখিলাই হিমালয়ৰ ২১০০ মিটাৰ পৰ্যন্ত বাস কৰিব পাৰে, কিন্তু ইয়াক সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাতে দেখিবলৈ পোৱা যায়৷

আচৰণ

বৃহৎ মৰমন পখিলাই নতুনকৈ মুকলি কৰা বনাঞ্চলত চৰিবলৈ পছন্দ কৰে৷ ইয়াক মানু্হৰ বসতি থকা অঞ্চলতো সতকাই দেখা পোৱা যায়৷ ই সাধাৰণতে Poinsettia, Jasminum, Lantana, Canna, আৰু Salvia উদ্ভিদৰ ফুলৰ মৌ খাই জীয়াই থাকে৷ ই মাটিৰ পৰা ২-৪ মিটাৰ উচ্চতাত উৰি ফুৰে৷ এই পখিলাই বোকাতো খাদ্যৰ সন্ধান কৰে (mud-puddle) বুলি জনা যায়৷

জীৱন-চক্ৰ

বৃহৎ মৰমন পখিলাৰ পলু দেখাত সাধাৰণ মৰমনৰ দৰে প্ৰায় একেই৷ ইয়াৰো দেহত সেউজীয়া আৰু বগা দাগ কিছূমান থাকে৷

খাদ্য

  • নেমুজাতীয়া উদ্ভিদ (Citrus) spp.
  • Fortunella spp.
  • Paramignya scandens

স্থিতি

বৰ্তমানলৈ বৃহৎ মৰমন পখিলা বিপদমুক্ত হৈ আছে আৰু প্ৰায়বোৰ অঞ্চলতে ইয়াক সতকাই দেখা পোৱা যায়৷

তথ্যসূত্ৰ

  • Collins, N. M. & Morris, M. G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W. H. (1932) The Identification of Indian Butterflies. (2nd ed), Bombay Natural History Society, Mumbai, India
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Wynter-Blyth, M. A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

তথ্যসূত্ৰ

  1. ↑ C. A. Clarke, P. M. Sheppard & I. W. B. Thornton. (1968). The genetics of the mimetic butterfly Papilio memnon L.. Philosophical Transactions of the Royal Society B: Biological Sciences. পৃ. 37–89
  2. ↑ C. A. Clarke & P. M. Sheppard. (1971). Further studies on the genetics of the mimetic butterfly Papilio memnon L.. Philosophical Transactions of the Royal Society B: Biological Sciences. পৃ. 35–70
  3. ↑ C. A. Clarke & P. M. Sheppard. (1973). The genetics of four new forms of the mimetic butterfly Papilio memnon L.. Proceedings of the Royal Society B: Biological Sciences. পৃ. 1–14

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎ মৰমন” প্ৰবন্ধৰ সংশোধন ৪০০২৯১ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।