অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চৰাইৰ ডেউকাৰ পখিলা

চৰাইৰ ডেউকাৰ পখিলা (Common Birdwing, বৈজ্ঞানিক নাম-Troides helena)এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধৰ কমেও সোতৰটা উপ-প্ৰজাতি আছে বুলি জনা যায়৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ৪৬০ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চৰাইৰ ডেউকাৰ পখিলা (Common Birdwing, বৈজ্ঞানিক নাম-Troides helena)এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধৰ কমেও সোতৰটা উপ-প্ৰজাতি আছে বুলি জনা যায়৷ ১

বিৱৰণ

, ভাৰত]]

মতা চৰাইৰ ডেউকাৰ পখিলাৰ আগফালৰ পাখিৰ বৰণ গাঢ় বেঙুনীয়া৷ পিছফালৰ পাখিৰ কাষবোৰ ক'লা আৰু বাকী অংশ হালধীয়া৷ ২.ইয়াৰ মূৰ, এন্টেনা আৰু থ'ৰাক্সৰ বৰণ ক'লা৷ পেট অংশ হালধীয়া৷ ইয়াৰ থ'ৰাক্স অংশত গাঢ় ৰঙা (crimson) বৰণীয়া এটা দীঘলীয়া দাগ থাকে৷

মাইকী চৰাইৰ ডেউকাৰ পখিলাৰ পাখিদুখন মতা পখিলাটোৰ সৈতে প্ৰায় একেই৷ কেৱল ইয়াৰ আগফালৰ পাখিৰ দাগবোৰ বহল আৰু বেছি স্পষ্ট হোৱা দেখা যায়৷ তদুপৰি ইয়াৰ পিছফালৰ পাখিৰ দুকাষে থকা ক'লা বৰণ বেছি বহল৷

Common Birdwing ( সোনাল)
Common Birdwing ( সোনাল)ছবি: Atudu · CC BY-SA 4.0

ইয়াৰ মূৰ, এন্টেনা আৰু থ'ৰাক্স অংশ মতা পখিলাটোৰ সৈতে প্ৰায় একে৷ মাইকী পখিলাৰ পেট অংশ মুগা-ক'লা বৰণীয়া৷

টেক্স'নমি

চৰাইৰ ডেউকাৰ পখিলাৰ প্ৰধান উপ-প্ৰজাতিসমূহ হ'ল-

  • T. h. antileuca Rothschild, 1908
  • T. h. bunguranensis Ohya, 1982
  • T. h. cerberus (C. & R. Felder, 1865)
  • T. h. demeter Rumbucher & Schäffler, 2005
  • T. h. dempoensis Deslisle, 1993
  • T. h. euthycrates Fruhstorfer, 1913
  • T. h. ferrari Tytler, 1926
  • T. h. hahneli Rumbucher & Schäffler, 2005
  • T. h. heliconoides (Moore, 1877)
  • T. h. hephaestus (Felder, 1865)
  • T. h. hermes Hayami, 1991
  • T. h. hypnos Rumbucher & Schäffler, 2005
  • T. h. isara Rothschild, 1908
  • T. h. mopa Rothschild, 1908
  • T. h. mosychlus Fruhstorfer, 1913
  • T. h. neoris Rothschild, 1908
  • T. h. nereides Fruhstorfer, 1906
  • T. h. nereis (Doherty, 1891)
  • T. h. orientis Parrott, 1991
  • T. h. propinquus Rothschild, 1895
  • T. h. rayae Deslisle, 1991
  • T. h. sagittatus Fruhstorfer, 1896
  • T. h. spilotia Rothschild, 1908
  • T. h. sugimotoi Hanafusa, 1992
  • T. h. typhaon Rothschild, 1908
  • T. h. venus Hayami, 1991

বিতৰণ

সমগ্ৰ বিশ্বৰ নেপাল, ভাৰত, বাংলাদেশ, ম্যানমাৰ, মালয়েছিয়া, ছিংগাপুৰ, ইন্দোনেছিয়া, লাওছ, থাইলেণ্ড, ভিয়েটনাম, দক্ষিণ চীন আৰু হংকং আদি দেশত চৰাইৰ ডেউকাৰ পখিলা দেখিবলৈ পোৱা যায়৷ ১ ভাৰতবৰ্ষত এই পখিলাবিধ মূলতঃ ছিক্কিমকে আদি কৰি উত্তৰ-পূব ভাৰত, পশ্চিমবংগ আৰু উৰিষ্যা আদি ৰাজ্যত বিস্তৃত হৈ আছে৷ তদুপৰি ইয়াক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতো দেখা যায়৷ .১

বাসস্থান

এই পখিলাবিধ ভাৰতবৰ্ষত সতকাই দেখা পোৱা যায়৷ ই সাধাৰণতে বনাঞ্চল সমূহত বাস কৰে৷

পলুৰ খাদ্য

চৰাইৰ ডেউকাৰ পখিলাৰ পলুৱে সাধাৰণতে Aristolochia indica, Aristolochia tagala আৰু Bragantia wallichi. আদি উদ্ভিদৰ খাদ্য খাই জীয়াই থাকে৷

তথ্যসূত্ৰ

  • (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Gay, T., Kehimkar, I. & J. C. Punetha.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
  • Haribal, M. (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Kunte, K. (2005) Butterflies of Peninsular India. Universities Press.
  • Kurt Rumbucher and Oliver Schäffler, 2005 Part 21, Papilionidae XI. Troides IV. helena-group. in Erich Bauer and Thomas Frankenbach Eds. Butterflies of the World. Keltern: Goecke & Evers ISBN 978-3-937783-09-3
  • Wynter-Blyth, M. A.(1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Collins, N. M. & M. G. Morris. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  2. ↑ Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰাইৰ ডেউকাৰ পখিলা” প্ৰবন্ধৰ সংশোধন ৪০০২৭৮ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।