অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নীলাফুটুকী জে

নীলাফুটুকী জে (Common Jay, বৈজ্ঞানিক নাম-Graphium doson) এটা ক’লা বৰণৰ ক্ৰান্তীয় চাতকনেজী (swallowtail) পখিলাৰ প্ৰজাতি৷ ইয়াৰ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে হয়৷ ইয়াৰ মতা-মাইকী উভয়ে দেখিবলৈ একে হয়৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

নীলাফুটুকী জে (Common Jay, বৈজ্ঞানিক নাম-Graphium doson) এটা ক’লা বৰণৰ ক্ৰান্তীয় চাতকনেজী (swallowtail) পখিলাৰ প্ৰজাতি৷ ইয়াৰ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে হয়৷ ইয়াৰ মতা-মাইকী উভয়ে দেখিবলৈ একে হয়৷

কণী
কণীছবি: School of Ecology and Conservation · CC BY 2.5
পলু
পলুছবি: School of Ecology and Conservation <kchandra58 at yahoo.co.in> · CC BY 2.5
লেটা
লেটাছবি: School of Ecology and Conservation <kchandra58 at yahoo.co.in> · CC BY 2.5

বিস্তৃতি

এই পখিলাবিধ সমগ্ৰ দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক দক্ষিণ ভাৰত, পূব ভাৰত, পশ্চিমবংগ, অসম আৰু হিমালয়ৰ পাদদেশত দেখা যায়৷

বাসস্থান

নীলাফুটুকী জে পখিলা সাধাৰণতে সেমেকা, পৰ্ণপাতী, অৰ্ধ বৰ্ষাৰণ্য আৰু বৰ্ষাৰণ্য সমূহত দেখিবলৈ পোৱা যায়৷

আচৰণ

এই পখিলাবিধ সাধাৰণতে সমগ্ৰ দিনেই সক্ৰিয় হৈ থাকে৷ ই অনবৰতে উৰি ফুৰে আৰু একেঠাইতে কেতিয়াবাহে ৰয়৷ ইয়াৰ উৰাৰ ধৰণ পোন আৰু খৰ৷

জীৱনচক্ৰ

কণী

ইয়াৰ কণীৰ আকাৰ ঘুৰণীয়া, বৰণ শেঁতা হালধীয়া৷ ই সাধাৰণতে গছৰ পাতৰ তলৰ অংশত কণী পাৰে৷

পলু

ইয়াৰ পলু (caterpillar)ৰ আকাৰ spindle-shaped৷ পলু গাঢ় মটিয়া বা সেউজ বৰণীয়া হয়৷

লেটা

নীলাফুটুকী জেৰ লেটা (pupa)ৰ বৰণ শেঁতা সেউজীয়া আৰু মূৰৰ পৰা ইয়াৰ এডাল বেঙুনীয়া বৰণৰ এডাল আঁচ থকা দেখা যায়৷

খাদ্য

এই পখিলাবিধৰ পলুৱে সাধাৰণতে ‘Annonaceae’, ‘Lauraceae’, ‘Magnoliaceae’ আদি গোত্ৰৰ অন্তৰ্ভুক্ত বিভিন্ন উদ্ভিদ যেনে Annona lawii, Cinnamomum macrocarpum, Magnolia grandiflora, Michelia champaca, Milliusa tomentosum আৰু Polyalthia longifolia আদিৰ পাত খাই জীয়াই থাকে৷

তথ্যসূত্ৰ

  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Kunte,Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

লগতে চাওক

  • List of Butterflies of India
  • Papilionidae

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাফুটুকী জে” প্ৰবন্ধৰ সংশোধন ৪০০২৮০ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।