গোলাপী উইণ্ডমিল (Rose windmill, বৈজ্ঞানিক নাম:Byasa latreillei) এছিয়াৰ বিভিন্ন দেশত দেখা পোৱা এবিধ পখিলাৰ প্ৰজাতি৷ ই Byasa গোত্ৰৰ অন্তৰ্ভুক্ত আৰু চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ ভিতৰত অন্যতম৷
বিৱৰণ
গোলাপী উইণ্ডমিল পখিলাৰ পাখিৰ দৈৰ্ঘ্য: ১১০-১৩০ মিমি৷ ইয়াৰ মতা আৰু মাইকী পখিলা দেখাত প্ৰায় একে হয়৷ মতা পখিলাটোৰ ওপৰৰ পাখিৰ বৰণ শেঁতা মুগা-ক'লা হয়৷ তলৰ অংশ প্ৰায় একে ৷ ইয়াৰ এন্টেনা গাঢ় মুগা বৰণীয়া, মূৰ আৰু বুকু অংশ গাঢ় ৰঙা (crimson) হোৱা দেখা যায়৷ দেহৰ বাকী অংশ ক'লা হয়৷
মাইকী পখিলাজনী প্ৰায় একেধৰণৰ,দেহৰ বৰণ কেৱল কিছু শেঁতা হয়৷ ইয়াৰ পিছফালৰ পাখিত থকা গাঢ় ৰঙা আৰু বগা দাগবোৰ মতা পখিলাটোতকৈ কিছু ডাঙৰ হয়৷ ১
টেক্স'নমি
গোলাপী উইণ্ডমিল পখিলাৰ তিনিবিধ উপ-প্ৰজাতি পোৱা যায়৷ ইয়াৰে তলত উল্লেখ কৰা প্ৰজাতি দুটা ভাৰতত দেখিবলৈ পোৱা যায়-
- B. latreillei latreillei - গড়ৱালৰ পৰা ছিক্কিমলৈকে৷
- B. latreillei kabrua -অসমৰ পৰা উত্তৰ ম্যানমাৰ পৰ্যন্ত
বিতৰণ
আফগানিস্তান, পাকিস্তান, উত্তৰ ভাৰত, নেপাল, ভূটান, উত্তৰ ম্যানমাৰ, দক্ষিণ চীন আৰু উত্তৰ ভিয়েটনামত এই পখিলাবিধ দেখিবলৈ পোৱা যায়৷ ভাৱতবৰ্ষত ইয়াক উত্তৰাখণ্ড, ছিক্কিম, অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত পোৱা যায়৷
জীৱন-চক্ৰ
- কণী -
- পলু - গোলাপী উইণ্ডমিল পখিলাৰ পলুৰ বৰণ মুগা বা শেঁতা বেঙুণীয়া হ'ব পাৰে৷ পলুৰ মুৰ অংশ জিলিকা ক'লা বৰণৰ আৰু গোটেই দেহটোত বগা বৰণৰ আঁচ থাকে৷
- লেটা- ইয়াৰ লেটাৰ বৰণ কমলা ৰঙচুৱা হয়৷ তুলনামূলকভাৱে ইয়াৰ দেহটো ডাঙৰ৷
আচৰণ
এই পখিলাবিধক মেৰ পৰা জুন মাহলৈকে সততে দেখা পোৱা যায়৷ ই সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ৭০০০-৯০০০ ফুট পৰ্যন্ত অন্তৰ্ভুক্ত অঞ্চলত বাস কৰে ৷ ইয়াৰ পোষক উদ্ভিদ হ'ল- Nepenthes জাতীয় উদ্ভিদ সমূহ৷
তথ্যসূত্ৰ
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.
তথ্যসূত্ৰ
- ↑ Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপী উইণ্ডমিল” প্ৰবন্ধৰ সংশোধন ৩৮০৭১৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।