জীয়ানেজীয়া পখিলা, (Lamproptera meges, যাক সাধাৰণতে গ্ৰীণ ড্ৰেগনটেইল বুলি জনা যায়), হ'ল Papilionidae গোত্ৰৰ অন্তৰ্ভুক্ত এটা প্ৰজাতি। এই পখিলাবিধ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন প্ৰান্তত পোৱা যায়।১ ইয়াৰ দহটা উপ-প্ৰজাতি আছে।১
বিতৰণ
ত এযোৰ জীয়ানেজীয়া পখিলা (White Dragontail)]]
এই পখিলাবিধ উত্তৰ-পূব ভাৰতৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যত পোৱা যায়। ইয়াৰ উপৰিও এই প্ৰজাতিটো ম্যানমাৰ, থাইলেণ্ড, লাউচ, ভিয়েটনাম, দক্ষিণ চীন (হাইনানসহ), কম্বোডিয়া, উপদ্বীপীয় আৰু পূব মালয়েছিয়া, ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জ, ব্ৰুণেই আৰু ফিলিপাইনত পোৱা যায়। ইণ্ডোনেছিয়াৰ ভিতৰত ই চুলাৱেছি, কালিমান্তান, নিয়াছ, বাংকা দ্বীপ আৰু জাভা দ্বীপত পোৱা যায়।১ ২০০৬ চনত চীনৰ হুনান প্ৰদেশৰ ঝাংজিয়াজীৰ পৰাও এই পখিলাবিধৰ উপস্থিতি ধৰা পৰিছে।২
তথ্যসূত্ৰ
- ↑ Collins, N. Mark; Morris, Michael G. (1985). Threatened Swallowtail Butterflies of the World: The IUCN Red Data Book. IUCN. পৃ. 52. ISBN 978-2-88032-603-6
- ↑ Zeng Ai-ping, You Lan-shao. (2006). The Discovery of Lamproptera meges Zinkin-Sommer in Hunan. Journal of Hunan Agricultural University (Natural Sciences)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীয়ানেজীয়া পখিলা” প্ৰবন্ধৰ সংশোধন ৬০৫০৫১ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।