মুম্বাইৰ অভিনেত্ৰী
১৫ প্ৰবন্ধ
-
শ্ৰদ্ধা কাপুৰ
শ্ৰদ্ধা কাপুৰ (Shraddha Kapoor; জন্ম ৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী যিয়ে বিশেষকৈ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বেতন প্ৰাপ্ত অভিনেত্ৰীসকলৰ তালিকাত স্থান পাইছে আৰু ফোৰ্বচ এছীয়াত সিহঁতৰ ২০১৬ চনৰ ৩০ আণ্ডাৰ ৩০ তালিকাত স্থান পাইছিল।
-
অনন্যা পাণ্ডে
অনন্যা পাণ্ডে ( Ananya Panday; জন্ম: ৩০ অক্টোবৰ ১৯৯৮) এগৰাকী মূলতঃ হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনেতা চাংকি পাণ্ডেৰ কন্যা। ২০১৯ চনত কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহৰ যোগে তেওঁৰ অভিনয় জীৱনৰ অভিষেক হয়।
-
আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)
আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।
-
কিয়াৰা আদৱানী
আলিয়া আদৱানী (জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী, মূলতঃ হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৪ চনৰ হাস্যৰসাত্মক ছবি ফুগলীত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে। তেওঁ ২০১৬ চনৰ ক্ৰীড়া বায়'পিক ছবি এম.এছ.
-
খুশী কাপুৰ
খুশী কাপুৰ (Khushi Kapoor; জন্ম: ৫ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনী কাপুৰৰ কন্যা খুশীয়ে নেটফ্লিক্সৰ মৌলিক ছবি দ্য আৰ্চিজ (২০২৩)ত বেটী কুপাৰৰ চৰিত্ৰত অভিনয়েৰে পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিষেক ঘটায়।
-
শৰ্ৱৰী
শৰ্ৱৰী ৱাঘ (Sharvari Wagh; জন্ম: ১৪ জুন ১৯৯৭) শৰ্ৱৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১৫ চনত লাভ ৰঞ্জন আৰু সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
অশ্বিনী ভাৱে
অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত।
-
কৃতি চেট্টী
কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷
-
ছাৰা অৰ্জুন
ছাৰা অৰ্জুন (Sara Arjun; জন্ম: ১৮ জুন ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰে। তেওঁ অভিনেতা ৰাজ অৰ্জুনৰ কন্যা। ছয় বছৰ বয়সৰ পূৰ্বেই তেওঁ ভালেসংখ্যক বিজ্ঞাপন আৰু এখন চুটি হিন্দী ছবিত অভিনয় কৰিছিল।
-
জাৰা য়েছমিন
জাৰা য়েছমিন (Zaara Yesmin; জন্ম: ৮ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইউটিউবত প্ৰায় ২০ কোটি ভিউ লাভ কৰা "সব কি বাৰাতেইঁ" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅʼত অভিনয় কৰাৰ বাবে তেওঁ সুপৰিচিত। তেওঁ টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰিছে। ২০১৬ চনত, তেওঁ "ফেমিনা ষ্টাইল ডিভা ইষ্ট" খিতাপ লাভ কৰিছিলৰে।
-
পুনম বাজৱা
পুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে।
-
কায়ান
অম্বিকা নায়ক, যি পেশাগতভাৱে কায়ান নামে পৰিচিত, এগৰাকী ভাৰতীয় সংগীতশিল্পী, গায়িকা আৰু ডিজে। তেওঁৰ মঞ্চনাম "কায়ান" হৈছে তেওঁৰ উপনাম "নায়ক"ৰ বিপৰীত আকাৰ। লগতে, তেওঁ কিমোচি ইয়ৌকাই গোটৰ সদস্য আৰু নিৰ্মিত শ্বাহৰ সৈতে নাথিং এন'নিমাছ নামৰ ইলেক্ট্ৰনিক সংগীতযুটিৰ অংশ।
-
সিমৰত কৌৰ
সিমৰত কৌৰ ৰন্ধাৱা (Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।
-
স্নেহা (অভিনেত্ৰী)
সুহাসিনী ৰাজাৰাম নাইডু (Suhasini Rajaram Naidu; জন্ম: ১২ অক্টোবৰ ১৯৮১), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পেছাগতভাৱে স্নেহা নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে, মুখ্য আৰু সহযোগী চৰিত্ৰ দুয়োটাতে।
-
ৰূপালী গাঙ্গুলী
ৰূপালী গাঙ্গুলী (জন্ম ৫ এপ্ৰিল ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন জগতত কাম কৰে। হিন্দী টেলিভিছনত নাৰীৰ চৰিত্ৰ উপস্থাপনৰ ধাৰণাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আগভাগ লোৱা অভিনেত্ৰী হিচাপে তেওঁ বিশেষভাৱে পৰিচিত।