অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰ্বানন্দ সিংহ

সৰ্বানন্দ সিংহ সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ অচিলাত স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মেজেৰা। তেওঁ বুৰুক চুতীয়া বংশৰ লোক আছিল। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

সৰ্বানন্দ সিংহ

মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিক্ষেত্ৰ বা মৈদাম
মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিক্ষেত্ৰ বা মৈদামছবি: Naruna Baruah · CC BY 4.0

সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ অচিলাত স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মেজেৰা। তেওঁ বুৰুক চুতীয়া বংশৰ লোক আছিল। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। তেওঁ ৰংপুৰৰ সাময়িক বিদ্ৰোহী ৰজা ভৰত সিংহৰ ফলীয়া আছিল। ভৰতক সহায় কৰিবলৈ নিজৰ বিষয়া গোধা বৰবৰুৱাক ৰংপুৰলৈ পঠিয়াইছিল। বুধিয়ক আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বিদ্ৰোহ শামকটাবৰ বাবে সৰ্বানন্দক 'বৰ সেনাপতি' উপাধি দি আহোম ৰাজ্যৰ বহতীয়া ৰজা পাতে। তেওঁৰ ৰাজ্য আছিল বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চল। মাটিবৰ ওৰফে সৰ্বানন্দ‌ই নিজৰ ৰাজধানী ডিব্ৰু নৈৰ পাৰৰ ৰঙাগড়াত নিজৰ ৰাজ্যৰ ৰাজধানী পাতে। ৰঙাগড়াত নিজৰ ৰাজ্য খনৰ ৰাজধানী অস্থায়ী ভাৱে পাতিছিল। পিছলৈ ৰাজধানী বেংমৰা বা বৰ্তমানৰ তিনিচুকীয়ালৈ স্থানান্তৰিত কৰে। সৰ্বানন্দ সিংহই ৰাজকাৰেং, চৰাঘৰৰ,মেলাঘৰ আদি নিৰ্মাণ কৰাৰ উপৰিও ৰাজধানী খনক বচাবলৈ গড় বন্ধাইছিল আৰু জনসাধাৰণৰ সুবিধাৰ বাবে অসংখ্য পুখুৰী খান্দিছিল। তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰী,ন পুখুৰী, দেৱী পুখুৰী আদি। সৰ্বানন্দ সিংহৰ পিতৃৰ নাম হ'ল মৰুৎনন্দন। তিনিচুকীয়াত থকা মৰুৎনন্দন কানন খন সৰ্বানন্দ সিংহৰ পিতৃ নামত থোৱা হৈছে। সৰ্বানন্দ সিংহই গোৱা গোপীনাথক প্ৰধান মন্ত্ৰী নিযুক্ত কৰি ৰাজ্য শাসন কৰিছিল। ৰজাই নিজ নামত "শ্ৰীশ্ৰীস্বৰ্গদেৱ সৰ্বানন্দ সিংহ নৰেন্দ্ৰস্য" বুলি আঠচুকীয়া মুদ্ৰা প্ৰচলন কৰিছিল।১১৮২৬ চনত ইয়াণ্ডাবুৰ সন্ধি মতে অসম কোম্পানীৰ হাতলৈ যায় যদিও সৰ্বানন্দই চুক্তি কৰি নিজৰ স্বতন্ত্ৰতা বাহাল ৰাখিছিল। অৱশ্যে নিজৰ পাইকৰ দুই তৃতীয়াংশ কোম্পানীৰ হাতলৈ যায়। ২

তথ্যসূত্ৰ

  1. ↑ শ্ৰী কুমাৰ দহোটীয়া, মৰাণ মটক মায়ামৰা,পৃষ্ঠা:৯৫
  2. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বানন্দ সিংহ” প্ৰবন্ধৰ সংশোধন ৪৬৬৫৫৬ (২৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।