সপ্তাহ
৮ প্ৰবন্ধ
-
বুধবাৰ
বুধবাৰ হৈছে সপ্তাহৰ এটা দিন, যিটো মঙ্গলবাৰৰ পিছত আৰু বৃহস্পতিবাৰৰ আগত থাকে। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ই সপ্তাহৰ তৃতীয় দিন। ভাৰতীয় পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি এইটো সপ্তাহৰ চতুৰ্থ দিন। বুধ বুলি বুধ গ্ৰহক বুজোৱা হয়, যি দেৱী সোমাৰ পুত্ৰ বুলি ধৰা হয়।
-
শুক্ৰবাৰ
শুক্ৰ বাৰ বা শুকুৰবাৰ হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন। বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ। চৌদি আৰব আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন।
-
দেওবাৰ
দেওবাৰ সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। বেছিভাগ খ্ৰীষ্টানৰ বাবে দেওবাৰক উপাসনা আৰু বিশ্ৰামৰ দিন হিচাপে পালন কৰা হয়। পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়।
-
সপ্তাহ
সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়। উক্ত সাতদিন হ'ল: দেওবাৰ বা ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বা মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বা শুকুৰবাৰ শনিবাৰ
-
সোমবাৰ
সোমবাৰ সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷ খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷ অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ।
-
শনিবাৰ
শনিবাৰ সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে।
-
বৃহস্পতিবাৰ
বৃহস্পতিবাৰ সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়। ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷ এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।
-
মঙ্গলবাৰ
মঙ্গলবাৰ হৈছে সোমবাৰ আৰু বুধবাৰৰ মাজৰ দিন। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি, সোমবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন; সেই অনুসৰি মঙ্গলবাৰ হৈছে সপ্তাহৰ দ্বিতীয় দিন। যদিও বহু পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন, সেয়া অনুসৰি মঙ্গলবাৰ হৈছে তৃতীয় দিন।