অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লোকেশ্বৰ ডেকা

লোকেশ্বৰ ডেকা (Lokeswar Deka) অসমৰ এজন কণ্ঠশিল্পী আছিল। ১৯৩৬ চনত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ জন্ম হৈছিল মৰীগাঁওঁ জিলাৰ সন্নিকটত থকা ইতিহাসত নগাঁওজিলাৰ এটিয়াওঁ অংশ হৈছিল। তেওঁৰ জন্মস্থান হৈছিল মৰিগাঁও জিলাৰ উলুবাৰী, পোষ্ট অফিচ বাঘৰা। তেওঁৰ পিতাৰ নাম আছিল শ্ৰী যুত উমাৰাম ডেকা।

হালনাগাদ: ২১ মাৰ্চ ২০২৬ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লোকেশ্বৰ ডেকা (Lokeswar Deka) অসমৰ এজন কণ্ঠশিল্পী আছিল। ১৯৩৬ চনত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ জন্ম হৈছিল মৰীগাঁওঁ জিলাৰ সন্নিকটত থকা ইতিহাসত নগাঁওজিলাৰ এটিয়াওঁ অংশ হৈছিল। তেওঁৰ জন্মস্থান হৈছিল মৰিগাঁও জিলাৰ উলুবাৰী, পোষ্ট অফিচ বাঘৰা। তেওঁৰ পিতাৰ নাম আছিল শ্ৰী যুত উমাৰাম ডেকা।১

কৰ্মজীৱন

১৯৫৫ চনত তেওঁ পাণবজাৰৰ ‘ৰেডিঅ’ ফোনিক্স’ত গ্ৰামোফোন মেকানিকৰূপে যোগ দিয়ে। কিছু বছৰ পিছতে তেওঁ প্ৰতিষ্ঠানটোৰ ৰেকৰ্ড বিক্ৰেতাৰ ভূমিকা লয়। এই সময়ছোৱাত ৰেকৰ্ড কোম্পানীৰ প্ৰতিনিধিসকলৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। ৫০ৰ দশকৰ শেষৰফালে তেলৰ পাইপলাইনৰ কামৰ বাবে অহা বিদেশী কেইজনমান লোক বিহুৰ ৰেকৰ্ড বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল। কিন্তু তেওঁৰ ওচৰত বিহুৰ কোনো ৰেকৰ্ড নাছিল।

ত্ৰিশৰ দশকতে দুখনমান বিহুৰ ৰেকৰ্ড ওলাইছিল, কিন্তু সেইবোৰ বজাৰত নাছিল। ভূপেন হাজৰিকাৰ সৈতে কথা পাতি তেওঁ বিহুৰ ৰেকৰ্ড তৈয়াৰ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ১৯৬০ চনত ভূপেন হাজৰিকাৰ কণ্ঠত ওলাল বিহুৰেনো বিৰিণা অ’ আইতা ৰেকৰ্ডখন। যদিও গানখন অপূৰ্ব আছিল, ঢোল, পেঁপা, গগনা নাবাজিছিল।

তেওঁৰ মনে এইসকল লোকবাদ্যৰ সৈতে বিহু ৰেকৰ্ড কৰিবলৈ কুটকুটাই থাকিল। HMVলৈ বাৰে বাৰে লিখে আৰু বিভিন্ন কাৰণত বাতিল হয়। শেষত, খগেন মহন্তৰ মেগাফোনত আৰু দীপালী বৰঠাকুৰৰ HMVত বিহু ৰেকৰ্ড কৰে। যদিও ঢোল-পেঁপা নাবাজিছিল। নিজেই সংগঠকৰ ভূমিকা ললে আৰু নতুন শিল্পীৰ এটা দল গঠন কৰি ৰেকৰ্ড কৰে। মহেশ্বৰ বৰুৱা, মীনা চক্ৰৱৰ্তী দৰে শিল্পীসকলৰ সৈতে ৰেকৰ্ডখন কৰে। গান "পেটৰে জুৰণি ভাত" সকলোৰে মুখে মুখে পৰে আৰু ৰেকৰ্ড বিক্ৰীয়ে অভিলেখ ভাঙে। 'ৰেকৰ্ড চেলাৰ'এ নিজেই ৰেকৰ্ড কৰিলে বুলি খলকনি লাগিল।

আশীৰ দশকত, তেওঁ বিহু আলেখ্য ৰচনা কৰি HMVত ৰেকৰ্ড কৰে। এইখনেই বিহুৰ প্ৰথমখন LP ৰেকৰ্ড। মৰিগাঁৱৰ বহু শিল্পীক চিনি পোৱা হয় তেওঁৰ বাবেই। গ্ৰামোফোন ৰেকৰ্ডত বিহুক ধৰি থৈ যোৱা ব্যক্তি হিচাপে তেওঁৰ অৱদান অপৰিসীম।২

প্ৰধান অবদানসমূহ

  1. প্ৰথমজন লোক বিহু ৰেকৰ্ডকাৰী: লোকেশ্বৰ ডেকাই ভূপেন হাজৰিকাৰ পৰা বেলেগকৈ লোক বাদ্যযন্ত্ৰৰ সৈতে বিহু ৰেকৰ্ড কৰে।৩
  2. নতুন শিল্পীৰ সৈতে ৰেকৰ্ডিং: মহেশ্বৰ বৰুৱা, মীনা চক্ৰৱৰ্তীৰ সৈতে ৰেকৰ্ড কৰা।
  3. বিহু আলেখ্য ৰচনা: আশীৰ দশকত HMVত ৰেকৰ্ড কৰা।
  4. প্ৰথম বিহু LP ৰেকৰ্ড: বিহুৰ প্ৰথমখন LP ৰেকৰ্ড।

উত্তৰাধিকাৰ

তেওঁৰ অবদানৰ বাবেই মৰিগাঁৱৰ বহু শিল্পী চিনাক্ত হোৱাৰ সুযোগ পাইছিল। গ্ৰামোফোন ৰেকৰ্ডত বিহুক ধৰি থৈ যোৱা ব্যক্তি হিচাপে তেওঁৰ অৱদান অপৰিসীম।

তথ্যসূত্ৰ

  1. ↑ লোকশিল্পী লোকেশ্বৰ ডেকাক ৰেডিঅ’ শ্ৰোতা সংঘৰ সম্বৰ্ধনা
  2. ↑ নিউজ লাইভৰ এজন নিউজ এডিটৰে লিখা এটা ফেচবুক পোষ্ট
  3. ↑ লোকেশ্বৰ ডেকাৰ সৰেগামা শিল্পীৰ প্ৰফাইল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকেশ্বৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৫৯১৫৬১ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।