অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লালন

লালন (Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০) বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল। ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪৭৯ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লালন (Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০)১ বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল।২ ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। যদিও তেওঁ সকলো জাতি আৰু পন্থৰ বিভেদক নস্যাৎ কৰিছিল, তেওঁৰ কৰ্মৰাজি আৰু চিন্তাৰ দ্বাৰা ৰবীন্দ্ৰনাথ ঠাকুৰ৩৪৫, কাজী নজৰুল ইছলাম৬, এলেন গিঞ্চবাৰ্গ৭ বহুতো কবি, সামাজিক আৰু ধৰ্মীয় চিন্তাবিদ অনুপ্ৰাণিত আৰু প্ৰভাৱিত হৈছিল।৮

তেওঁ ধৰ্মীয় সহিষ্ণুতাৰ প্ৰতীক হিচাপে ব্যাপকভাৱে স্বীকৃত হৈছিল। তেওঁৰ জীৱনকালত আৰু মৃত্যুৰ পিছত বহুতে তেওঁক ধৰ্মবিৰোধী বুলিও অভিযুক্ত কৰিছিল। লালনে তেওঁৰ গীতত এনে এখন সমাজৰ কল্পনা কৰিছিল য'ত সকলো ধৰ্ম আৰু বিশ্বাসৰ লোকসকলে সম্প্ৰীতিৰে বাস কৰিব।

লালনে কুষ্টিয়া ৰেল ষ্টেচনৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত চেউৰিয়াত আখৰা এটা প্ৰতিষ্ঠা কৰিছিল, যাক লালন আখৰা বুলি জনা যায়। তেওঁৰ শিষ্যসকল বেছিভাগ বাংলাদেশ আৰু পশ্চিমবংগত বাস কৰে। প্ৰতি বছৰে তেওঁৰ মৃত্যু-বাৰ্ষিকী উপলক্ষে হাজাৰ হাজাৰ শিষ্য আৰু অনুগামী লালন আখৰাত একত্ৰিত হয় আৰু তিনিদিন ধৰি তেওঁৰ গীত আৰু দৰ্শন আলোচনাৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।৮

২০০৪ চনত বিবিচিয়ে চলোৱা সৰ্বকালৰ শ্ৰেষ্ঠ বঙালীৰ জৰীপত লালন ১২নং স্থানত আছিল।৯১০১১

জীৱনী

লালনৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে জানিবলৈ মাত্ৰ কেইটামানহে নিৰ্ভৰযোগ্য উৎস আছে; কিয়নো তেওঁ নিজক অতীতৰ বিষযে প্ৰকাশ কৰাত কৃপণালী কৰিছিল।৩ তেওঁ হিন্দু নে মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেইবিষয়ে জনা নাযায়।১২ লালনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।১৩

এটা বিৱৰণত কোৱা হৈছে যে লালনে গাঁৱৰ আন সকলৰ সৈতে জগন্নাথৰ মন্দিৰলৈ তীৰ্থযাত্ৰাত যোৱাৰ সময়ত তেওঁ বৰআই ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁৰ সঙ্গীসকলে কালিগংগা নদীৰ১৪ পাৰত এৰি থৈ গৈছিল। মুছলমান জনবসতিপূৰ্ণ গাওঁ চেউৰিয়াৰ তাঁতী সম্প্ৰদায়ৰ এহাল দম্পত্তি মলম শাহ আৰু মতিজানে লালনক পাই তেওঁলোকৰ ঘৰলৈ লৈ যায়। লালন সুস্থ হ’ল, কিন্তু এই ৰোগত তেওঁৰ চকু এটা নষ্ট হ’ল।১২ দম্পত্তিহালে তেওঁক বাস কৰিবলৈ মাটি দিয়ে। তেওঁ এটা সংগীত-মণ্ডলী প্ৰতিষ্ঠা কৰে আৰু সেই গাঁৱৰ এজন সংগীতজ্ঞ চিৰাজ সাইৰ দ্বাৰা অনুপ্ৰাণিত হৈ গীত ৰচনা আৰু পৰিৱেশন কৰিবলৈ লয়। গৱেষকসকলে পৰ্যবেক্ষণ কৰে যে লালন সমসাময়িক সমাজ সংস্কাৰকসকলৰ এজন কঙাল হৰিনাথৰ ঘনিষ্ঠ বন্ধু আছিল আৰু হৰিনাথ আছিল লালনৰ শিষ্য।১৫

তেওঁ কুষ্টিয়াৰ ঠাকুৰসকলৰ জমিদাৰীত বাস কৰিছিল আৰু ঠাকুৰ পৰিয়াললৈ তেওঁৰ আহযাহ আছিল।১৬ কোৱা হয় যে ১৮৮৯ চনত জমিদাৰ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰে পদ্মা নদীৰ ওপৰত থকা তেওঁৰ হাউচবোটত লালনৰ একমাত্ৰ প্ৰতিকৃতিখন অংকণ কৰিছিল।১৭১৮ ১৮৯০ চনৰ ১৭ অক্টোবৰত ১১৮ বছৰ বয়সত চেউৰিয়াত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ প্ৰথম বাতৰিটো কঙাল হৰিনাথৰ দ্বাৰা পৰিচালিত কাকত- গ্ৰাম বাৰ্তা প্ৰকাশিকাত প্ৰকাশ হৈছিল।১৯ লালনক তেওঁ বাস কৰা আখৰাৰ সোঁমাজত সমাধিস্থ কৰা হৈছিল।২০

দৰ্শন

লালন ধৰ্মীয় মতভেদৰ বিৰুদ্ধে অৱস্থান কৰিছিল। তেওঁৰ বহুতো গীত সেই ৰাজনীতিৰ প্ৰতি বিদ্ৰূপ আছিল, যি ৰাজনীতিয়ে সাম্প্ৰদায়িক বিভেদ আৰু হিংসাৰ সৃষ্টি কৰে।২১ আনকি তেওঁ ভাৰতীয় উপমহাদেশৰ ঔপনিৱেশিক বিৰোধী জাতীয়তাবাদী আন্দোলনৰ শীৰ্ষৰ জাতীয়তাবাদকো প্ৰত্যাখ্যান কৰিছিল।২২ তেওঁ শ্ৰেণী বা বৰ্ণ, খণ্ডিত, শ্ৰেণীবদ্ধ সমাজত বিশ্বাস কৰা নাছিল আৰু বৰ্ণবাদৰ বিৰুদ্ধে স্থিতি লৈছিল।২৩ লালন "ৰহস্যবাদ" বা "আধ্যাত্মিকতা"ৰ সৈতেও খাপ নাখায়, যিয়ে আত্মাৰ সন্ধানত সকলো জাগতিক বিষয়ক অস্বীকাৰ কৰে। তেওঁ উপ-মহাদেশীয় ভক্তি আৰু চুফীবাদৰ সামাজিক ৰূপান্তৰকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল। জীৱনক গভীৰভাবে উপলব্ধি কৰিবলৈ বৌদ্ধিক আৰু আৱেগিক অৱস্থাৰ পৰিবৰ্তনত তেওঁ সংগীতৰ শক্তিত বিশ্বাস কৰিছিল।

তেওঁৰ গীতৰ পাঠ্যত ভাৰতীয় উপমহাদেশৰ, বিশেষকৈ নেপাল, বংগ আৰু গাঙ্গেয় উপত্যাকাৰ তান্ত্ৰিক পৰম্পৰাৰ প্ৰভাৱ দেখা যায়। তেওঁ হিন্দু, জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু ইছলামীয় পৰম্পৰাৰ পৰা আহৰিত বিভিন্ন দাৰ্শনিক চিন্তাক সাৰসংগ্ৰহবাদ বা সংমিশ্ৰণবাদৰ প্ৰভাৱধীন নোহোৱাকৈ এক সুসংগত প্ৰবচনৰ পৰ্যায়লৈ বিকশিত কৰিছিল। জাতি, পন্থ আৰু ধৰ্মীয় বিভেদৰ বিৰুদ্ধে চৈতন্যই আৰম্ভ কৰা সামাজিক আন্দোলনৰ দ্বাৰা তেওঁ যথেষ্ট প্ৰভাৱিত হৈছিল। তেওঁৰ গীতবোৰে শুদ্ধ আৰু ভুলৰ যিকোনো পৰম মানদণ্ডক প্ৰত্যাখ্যান কৰে আৰু মানুহক ভৌতিক বা আধ্যাত্মিকভাৱে বিভাজন কৰাৰ যিকোনো প্ৰচেষ্টাক তুচ্ছ জ্ঞান কৰে।

তথ্যসূত্ৰ

  1. ↑ Basantakumar Pal, Sri. (2012). Mahātmā Lālana Phakira. Gāṅacila. ISBN 9789381346280
  2. ↑ Uwe Skoda; Birgit Lettmann. (30 October 2017). India and Its Visual Cultures: Community, Class and Gender in a Symbolic Landscape. SAGE Publishing India. পৃ. 165–. ISBN 978-93-86446-69-5
  3. ↑ Caudhurī, Ābadula Āhasāna. (1992). Lālana Śāha, 1774 - 1890. Bāṃlā Ekāḍemī. ISBN 978-9840725977
  4. ↑ Urban, Hugh B. (2001). Songs of ecstasy tantric and devotional songs from colonial Bengal. Oxford University Press. পৃ. 18. ISBN 978-0-19-513901-3
  5. ↑ Tagore, Rabindranath; K. Stewart, Tony (Translation); Twichell, Chase (Translation). (2003). The lover of God. Consortium Book Sales & Dist. পৃ. 94. ISBN 978-1556591969
  6. ↑ Hossain, Abu Ishahaq. (2009). Lalon Shah, the great poet. Palal Prokashoni. পৃ. 148. ISBN 978-9846030679
  7. ↑ Ginsberg, Allen; Foley, Jack. (Winter–Spring 1998). Same Multiple Identity: An Interview with Allen Ginsberg. Discourse. পৃ. 158–181
  8. ↑ Ahmed, Wakil; Karim, Anwarul. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  9. ↑ (2004-04-14). Listeners name 'greatest Bengali'
  10. ↑ The Daily Star Web Edition Vol. 4 Num 313. The Daily Star
  11. ↑ (2004-04-17). International: Mujib, Tagore, Bose among 'greatest Bengalis of all time'. দ্য হিন্দু
  12. ↑ Seabrook, Jeremy. (2001). Freedom unfinished: fundamentalism and popular resistance in Bangladesh today. Zed Books. পৃ. 52. ISBN 978-1856499088
  13. ↑ Tamanna Khan. (29 October 2010). Lalon Purity vs Popularity. The Daily Star
  14. ↑ Capwell, Charles. (May 1988). The popular expression of religious syncretism: the Bauls of Bengal as Apostles of Brotherhood. Popular Music. পৃ. 123–132
  15. ↑ Lorea, Carola Erika. (2013). 'Playing the Football of Love on the Field of the Body': The Contemporary Repertoire of Baul Songs. Religion and the Arts. পৃ. 416–451
  16. ↑ Banerji, Debashish. (2015). Rabindranath Tagore in the 21st Century. Sophia Studies in Cross-cultural Philosophy of Traditions and Cultures. Springer India. পৃ. 243–264. ISBN 978-81-322-2037-4
  17. ↑ Fakir Lalon Shai .. 120 years on. The Daily Star
  18. ↑ Interview: Bengali Film Actor Priyangshu Chatterjee. Washington Bangla Radio USA
  19. ↑ Fakir Lalon Shai …123 years on
  20. ↑ Lalon memorial festival begins in Kushtia today. The Financial Express
  21. ↑ L. Parshall, Philip. (10 April 2007). Bridges to Islam A Christian Perspective on Folk Islam.. InterVarsity Press. পৃ. 89. ISBN 978-0830856152
  22. ↑ (1 January 2004). Folklore, public sphere, and civil society. Indira Gandhi National Centre for the Arts. পৃ. 161. ISBN 978-8190148146
  23. ↑ Mazhar, Farhad; Buckles, Daniel. (1 January 2007). Food sovereignty and uncultivated biodiversity in South Asia essays on the poverty and the wealth of the social landscape. Academic Foundation in association with International Development Research Centre. পৃ. 69. ISBN 978-8171886142

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ সংস্কৃতিভক্তি আন্দোলনদাৰ্শনিকবঙালী কবিবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালন” প্ৰবন্ধৰ সংশোধন ৬৪০২০৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।