বাংলাদেশৰ সংস্কৃতি
৩৩ প্ৰবন্ধ
-
লালন
লালন (Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০) বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল। ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।
-
বাউল
বাউল শিল্পী বা বাউল সাধক বা বাউল হৈছে সংগীতৰ লগতে চুফীবাদ, আধ্যাত্মিকতা আদি মতাদৰ্শৰ প্ৰচাৰ কৰা লোক আৰু লোকসংগীত পৰিবেশকৰ এক বিশেষ দল। বাংলাদেশ আৰু পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মেঘালয়ত বাউলসকলক দেখা যায়। বাউল সাধকে বাউল সংগীত পৰিবেশন কৰে।
-
বাংলাদেশৰ চলচ্চিত্ৰ
বাংলাদেশৰ চলচ্চিত্ৰই (Cinema of Bangladesh) বাংলাদেশৰ স্বাধীনতাৰ পূৰ্বৰ বা পৰৱৰ্তী সময়ৰ দেশখনৰ বিভিন্ন অঞ্চলত নিৰ্মিত ছবিসমূহক বুজায়। ঢাকা ভিত্তিক বাংলা ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰভাৱশালী ঢালিউডৰ বাহিৰেও (যিটো ঢাকা আৰু হলিউডৰ সংযোজন) বাংলাদেশ আন কেইবাটাও ভাষা আৰু উপভাষাৰ চলচ্চিত্ৰ নিৰ্মাণৰ…
-
বঙালী ৰন্ধনশৈলী
বঙালী ৰন্ধনশৈলী (Bengali cuisine) হৈছে ভাৰত উপমহাদেশৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰাৰ লগতে অসমৰ বৰাক উপত্যকালৈ বিস্তৃত বংগীয় ৰন্ধনশৈলী। অঞ্চলটোৰ বৈচিত্ৰময় ইতিহাস আৰু জলবায়ুয়ে বঙালী খাদ্যাভাসত প্ৰভাৱ পেলাইছে।।
-
কবিগান
কবিগান বঙালী লোকসাহিত্যৰ এক বিশেষ ধাৰা। এই ধাৰাৰ লোককবিসকলে প্ৰতিযোগিতামূলক গীতৰ বৈঠকত অংশগ্ৰহণ কৰে। গায়ক আৰু কবি একেজনে। তেওঁ মুখেমুখে পদ ৰচনা কৰি তাৎক্ষণিকভাবে সুৰাৰোপণ কৰি গীত আকাৰে পৰিবেশন কৰে। কবিগান পৰিবেশনকাৰীসকলক কবিয়াল বোলে।
-
নৰক চতুৰ্দশী
নৰক চতুৰ্দশী ( Naraka Chaturdashi), যাক কালি চৌদাস, নৰক চৌদাস, ৰূপ চৌদাস, ছোটি দীপাৱলী, নৰক নিবাৰণ চতুৰ্দশী আৰু ভুত চতুৰ্দশী নামেও জনা যায়, হিন্দু পঞ্জিকা মতে(অমন্ত পৰম্পৰা অনুসৰি) আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী(১৪ তম দিন)ত আৰু (পূৰ্ণিমন্ত পৰম্পৰা অনুসৰি) কাতি মাহত পৰে।
-
যাত্ৰা (নাট্য পৰম্পৰা)
যাত্ৰা (Jatra; মূল: সংস্কৃতত যাত্ৰা বা শোভাযাত্ৰাযাত্ৰা)) ভাৰত উপমহাদেশৰ বঙালীভাষী লোকৰ বিস্তৃতি থকা বাংলাদেশ, পশ্চিম বংগ, ত্ৰিপুৰা, অসম আৰু উৰিষ্যাৰ এক জনপ্ৰিয় বঙালী মূলৰ লোকনাট্য ৰূপ। ২০০৫ চনৰ হিচাপত কলিকতাৰ চিটপুৰ ৰোডত প্ৰায় ৫৫টা দল আছিল। আৰু সকলো মিলি জাতৰা হৈছে বছৰি ২১ মিলিয়ন ডলাৰৰ উদ্যোগ।
-
পহেলা বৈশাখ
পহেলা বৈশাখ (Pohela Boishakh) বা পয়লা বৈশাখ হৈছে বিশ্বজুৰি বাঙালী জনসাধাৰণে পালন কৰা বাংলা নৱবৰ্ষ। এই উৎসৱ বাংলাদেশত ১৪ এপ্ৰিল আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু অসম (গোৱালপাৰা আৰু বৰাক উপত্যকা) ৰাজ্যত ১৫ এপ্ৰিলত বন্ধৰ দিন হিচাপে পালন কৰা হয়।
-
বাংলাদেশৰ সংস্কৃতি
বাংলাদেশৰ সংস্কৃতি হৈছে দক্ষিণ এছিয়াৰ ভাৰত উপমহাদেশৰ বংগ অঞ্চলৰ সংস্কৃতিৰ সৈতে জড়িত। যুগ যুগ ধৰি ইয়াৰ বিকাশ ঘটিছে আৰু ই বাংলাদেশৰ কেইবাটাও সামাজিক গোটৰ সাংস্কৃতিক বৈচিত্ৰ্যক সামৰি লৈছে। এই সংস্কৃতিৰ ওপৰত ইছলাম, হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ পৰিছে।
-
মেজবান
মেজবান (Mezban; میزبان) বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ এক ঐতিহ্যবাহী জনপ্ৰিয় সামাজিক উৎসৱ। কুলখানি (মৃতকৰ সকাম), মৃত্যু বাৰ্ষিকী, আকিকা (নৱজাতকৰ উপজিলে পালন কৰা অনুষ্ঠান), জন্মদিন, ব্যক্তিগত সাফল্য, নতুন কোনো ব্যৱসায় আৰম্ভণি, গৃহ প্ৰবেশ, বিবাহ, খৎনা, ছোৱালীৰ কৰ্ণবেধন, ধৰ্মীয় নেতাৰ মৃত্যুবাৰ্ষিকী আদি…
-
সন্দেশ
সন্দেশ (সন্দেশ) গাখীৰৰ ছানাৰপৰা প্ৰস্তুত কৰা এবিধ উপাদেয় মিঠাই। ছানাৰ লগত চেনি বা গুৰ মিহলাই সাঁচত দি প্ৰস্তুত কৰা হয়। খাদ্যৰ উপাদানৰফালৰপৰা ই এক পুষ্টিকৰ খাদ্য। বঙালীৰ উৎসৱ আয়োজনত এই নক্সাকৰা উপাদেয় খাদ্যবিধৰ ব্যৱহাৰ অনেক প্ৰাচীন কালৰপৰাই প্ৰচলিত হৈ আহিছে।
-
জামাই ষষ্ঠী
জামাই ষষ্ঠী (Jamai Sasthi) হিন্দু বঙালীসকলৰ পৰম্পৰাগত সাংস্কৃতিক লৌকিক আচাৰ। জেঠ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই আচাৰ পালন কৰা হয়। এই দিনটোত বিবাহিত জীয়ৰী আৰু জোৱায়েকক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়।
-
ঢাকা আন্তৰ্জাতিক গ্ৰন্থমেলা
ঢাকা আন্তৰ্জাতিক গ্ৰন্থমেলা (ঢাকা আন্তর্জাতিক বইমেলা) (পূৰ্বতে: ঢাকা গ্ৰন্থমেলা) হৈছে বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত অনুষ্ঠিত এখন গ্ৰন্থমেলা। এই গ্ৰন্থমেলাখন অমৰ একুশে গ্ৰন্থমেলাৰ বাহিৰে বাংলাদেশৰ অন্যতম বিশিষ্ট গ্ৰন্থমেলা। সাধাৰণতে প্ৰতি ডিচেম্বৰ মাহত এই মেলাৰ আয়োজন কৰা হয়।
-
ঢাকাইয়া ৰন্ধনশৈলী
ঢাকাইয়া ৰন্ধনশৈলী (Dhakaiya cuisine) (ঢাকাই খাদ্য বা ঢাকাৰ খাদ্য বুলিও জনা যায়) মূলতঃ মোগলাই খাদ্যৰ সৈতে দেশী খাদ্যৰ সংমিশ্ৰণ বা মোগলাই খাদ্যৰ দেশী সংস্কৰণ; যিয়ে বাংলাদেশৰ খাদ্য সংস্কৃতিত এক সুকীয়া স্থান দখল কৰি লৈছে। চুবাহ বংগ বা মোগল বংগৰ ৰাজধানী আছিল ঢাকা।
-
বঙালী নাম
বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়।
-
বঙালী হিন্দু বিবাহ
বঙালী হিন্দু বিবাহ (বাঙালি হিন্দু বিবাহ) বুলিলে সাধাৰণতে পশ্চিমবঙ্গ, ত্ৰিপুৰাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু ধৰ্মালম্বী স্ত্ৰী-পুৰুষৰ মাজত শাস্ত্ৰীয় বিধি আৰু পাৰিবাৰিক ঐতিহ্য অনুসাৰে হোৱা প্ৰথাসম্মত পৱিত্ৰ সামাজিক বিবাহকে বুজায়।
-
বনবিবি
বনবিবি হৈছে ভাৰতৰ পশ্চিমবংগ আৰু বাংলাদেশৰ সুন্দৰবন অঞ্চলত অৱস্থিত জনপ্ৰিয় লোকদেৱতা বা পিৰানি। এইগৰাকী লোকদেৱতা মূলতঃ মৎস্যজীবী, মধু-সংগ্ৰহকাৰী আৰু কাঠ-কটিয়া সম্প্ৰদায়ৰ দ্বাৰা পূজিত। এইগৰাকী লোকদেৱতা বনাঞ্চল আৰু ইয়াৰ বাসিন্দাসকলৰ ৰক্ষক হিচাপে পৰিচিত।
-
বাংলাদেশৰ সংগীত
বাংলাদেশৰ সংগীত (বাংলাদেশেব় সঙ্গীত) হ'ল সুদূৰ অতীতৰপৰাই বাংলাদেশত প্ৰচলিত হৈ অহা সংগীত। সুদূৰ অতীতৰপৰাই বাংলাদেশত সংগীতৰ ব্যাপক প্ৰচলন আছিল। সাধাৰণতে সংগীতক বিশ্লেষণ কৰিলে পোৱা যায়: সংগীত = ছন্দ + সুৰ অৰ্থাৎ সুৰত উচ্চাৰিত ছন্দযুক্ত বাক্যক গীত বা সংগীত বোলা হয়।
-
বিশ্ব চিলেট সন্মিলন
বিশ্ব চিলেট সন্মিলন (World Sylhet Convention) হৈছে আমেৰিকা, কানাডা, যুক্তৰাজ্য, জাপান, ভাৰত, বাংলাদেশ আৰু অন্যান্য ঠাইত বাস কৰা চিলেটিসকলৰ বাৰ্ষিক সাংস্কৃতিক সংবহন।
-
সাংগ্ৰাই উৎসৱ
সাংগ্ৰাই উৎসৱ ( Sangrai Festival) অসমীয়া পঞ্জিকামতে চ’ত মাহত (এপ্ৰিলৰ প্ৰথম ভাগত) পালন কৰা সাংগ্ৰাই উৎসৱ উপলক্ষে মাৰমা জনজাতিৰ লোকে সাংগ্ৰাই উৎসৱ পালন কৰে।
-
হালখাতা
হালখাতা হৈছে বঙালী ব্যৱসায়ী, দোকানদাৰ আৰু ব্যৱসায়ীকসকলে পইলা বৈশাখ, অৰ্থাৎ প্ৰথম ব'হাগত উদ্যাপন কৰা এক পৰম্পৰাগত উৎসৱ। এই দিনা নতুন হিচাপ বহী আৰম্ভ কৰা হয়।
-
কেঁচাগোল্লা
কেঁচাগোল্লা বা নাটোৰৰ কেঁচাগোলা (Kanchagolla; কাঁচাগোল্লা) হৈছে বাংলাদেশৰ নাটোৰ জিলাত উৎপাদিত গাখীৰৰ পৰা তৈয়াৰী মিঠাই। এই মিঠাই গৰুৰ গাখীৰৰ পৰা তৈয়াৰী কেঁচা ছানাৰে প্ৰস্তুত কৰা হয় বাবে ইয়াক কাঁচাগোল্লা বুলি জনা যায়।
-
গুটিদাৰা
গুটিদাৰা (বাংলা: গুটিদাড়া) বাংলাদেশৰ এটা পৰম্পৰাগত গ্ৰাম্য খেল। এই খেল বিশেষকৈ ব্ৰাহ্মণবাড়িয়া জিলাৰ বেছিভাগ গাঁৱৰ পথাৰত শীতকালৰ পূৰ্বে ধান চপোৱাৰ পিছত ৰাতিপুৱা সময়ত খেলা হয়।
-
ঘাটু গান
ঘাটু গান (ঘাটু গান) হ'ল বাংলাদেশৰ হাওড় অঞ্চলৰ বিলুপ্তপ্ৰায় একধৰণৰ বঙালী লোকগীত। এই গীতক ঘাটু গান বুলি কোৱাৰ কাৰণ, ঘাটত নাও চপাই এই গীত গোৱা হয়। আজিও ময়মনসিংহৰ বিভিন্ন অঞ্চল যেনে ঈশ্বৰগঞ্জ, নেত্ৰকোনাৰ কেন্দুৱা আৰু সুনামগঞ্জৰ কিছু অঞ্চলত মানুহৰ মুখে মুখে ঘাটু গান শুনিবলৈ পোৱা যায়।
-
ছিলেট গীতিকা
ছিলেটৰ মানুহে ৰচনা কৰা মৌখিক লোককথা, গল্প, যাত্ৰা আদিক সামূহিকভাৱে ছিলেটগীতিকা বুলি কোৱা হয়। ছিলেট অঞ্চলৰ প্ৰাচীন জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী, খিলঞ্জীয়াৰ জীৱিকা, সামন্তীয় শাসন ব্যৱস্থা, গ্ৰাম্য লোককথা, আৱেগিক অনুভূতি, প্ৰেম আৰু বিচ্ছেদ, যুদ্ধ আৰু সংঘাত, মানৱতাক ছিলেট গীতিকাৰ উৎস হিচাপে বিবেচিত…
-
জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ, বাংলাদেশ
জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ(National film awards, Bangladesh)বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা বাংলাদেশী চিনেমাৰ একমাত্ৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান।এই অনুষ্ঠানটিৰ বাংলাদেশৰ আটাইতকৈ উল্লেখযোগ্য চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান হিচাপে গণ্য কৰা হয়।
-
ঢাকা ক্লাব
ঢাকা ক্লাব (Dhaka Club) হৈছে ঢাকাৰ আটাইতকৈ পুৰণি বিনোদন সংস্থা আৰু অভিজাত ক্লাবৰ ভিতৰত আটাইতকৈ ডাঙৰ। মূলতঃ ই আছিল ব্ৰিটিছ ভাৰতৰ সৰ্বশ্বেত সংগঠন।
-
দক্ষিণ ৰায়
দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।
-
ধামাইল
ধামাইল গীত আৰু ধামাইল নৃত্য হʼল বাংলাদেশৰ ময়মনসিংহ আৰু চিলেট অঞ্চল (বিশেষকৈ সুনামগঞ্জ)ত প্ৰচলিত একপ্ৰকাৰৰ কাহিনী সংবলিত মূলতঃ মহিলাসকলৰ আচাৰকেন্দ্ৰিক বঙালী লোকগীত আৰু লোকনৃত্য। ই এই অঞ্চলৰ লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংশ।
-
বাংলাদেশত সুৰা
বাংলাদেশত সুৰা ব্যৱহাৰ চৰকাৰীভাৱে নিয়ন্ত্ৰিত আৰু সীমিত। বিশ্ব ব্যাংকে ২০১৫ চনত প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি বাংলাদেশত বিশ্বৰ সৰ্বনিম্ন সুৰা বিক্ৰী হয়।