ভক্তি আন্দোলন
২২ প্ৰবন্ধ
-
মাধৱদেৱ
মাধৱদেৱ (১৪৮৯–১৫৯৬) মহাপুৰুষীয়া এক শৰণ নাম ধৰ্মৰ অন্যতম কেন্দ্ৰীয় ব্যক্তিত্ব আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য তথা উত্তৰাধিকাৰী হিচাপে স্বীকৃত। সাহিত্য, সংগীত-নাট্য, আৰু সত্ৰ-সংগঠনৰ জৰিয়তে তেওঁ অসমীয়া ধৰ্ম-সংস্কৃতিৰ দীঘলীয়া ধাৰাক সুদৃঢ় ৰূপ দিছে।
-
একশৰণ নাম ধৰ্ম
একশৰণ নাম ধৰ্ম অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন-প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মধাৰা। ইয়াৰ কেন্দ্ৰীয় ধাৰণা ‘এক দেৱ, এক সেৱ’ আৰু নাম-ভক্তিক উপায় হিচাপে ধৰি সমাজত সমমৰ্যাদা-ভিত্তিক ধৰ্মীয় অনুশীলন বিস্তাৰ কৰাৰ চেষ্টা দেখা যায়।
-
কীৰ্তন-ঘোষা
কীৰ্তন-ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা এখন বৈষ্ণৱ ধৰ্মগ্ৰন্থ তথা কাব্য-সংকলন। শংকৰদেৱৰ প্ৰয়াণৰ পাছত শিষ্য-ধাৰাৰ উদ্যোগত ইয়াৰ খণ্ডসমূহ সংগ্ৰহ-সম্পাদনা হৈ একেলগে গ্ৰন্থৰূপে প্ৰতিষ্ঠা পায়।
-
তুলসীদাস
তুলসীদাস বা গোস্বামী তুলসীদাস হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্ৰধান কবিসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ সংস্কৃত বাল্মীকি ৰামায়ণৰ তেওঁ অৱধি ভাষালৈ কৰা ৰামচৰিত-মানসৰ অনুবাদৰ বাবে প্ৰধানকৈ প্ৰখ্যাত। তুলসীয়ে জীৱনৰ অধিক কাল বাৰানসীৰ আশী ঘাটৰ সমীপত কটায়।
-
ৰামকৃষ্ণ পৰমহংস
ৰামকৃষ্ণ পৰমহংস আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই।
-
চৈতন্য মহাপ্ৰভু
চৈতন্য মহাপ্ৰভু (মহাপ্ৰভু শ্ৰীচৈতন্য দেব; चैतन्य महाप्रभु), জন্ম বিশ্বম্ভৰ মিশ্ৰ () (১৮ ফেব্ৰুৱাৰী ১৪৮৬ – ১৪ জুন ১৫৩৪), এগৰাকী ভাৰতীয় হিন্দু সন্ত আছিল। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বংগৰ নদিয়া জিলাৰ অন্তৰ্গত নবদ্বীপৰ বাসিন্দা আছিল।
-
কবীৰ
কবীৰ (১৩৯৮–১৫১৮) এগৰাকী কবি, সন্ত, উত্তৰ ভাৰতৰ এগৰাকী ধৰ্মগুৰু। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব সন্ত গৰিব দাসৰ সতগুৰু গ্ৰন্থ চাহাব, আৰু ধৰ্মদাসৰ কবীৰসাগৰত পোৱা যায়।
-
নামঘোষা
নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী।
-
অনিৰুদ্ধদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল।
-
মধ্বাচাৰ্য
বাস্তৱ দ্বৈত: স্বাধীন আৰু পৰাধীন। কেৱল বিষ্ণুহে স্বাধীন। মধ্বাচাৰ্য (১১৯৯ - ১২৭৮ বা ১২৩৮ - ১৩১৭) বা পূৰ্ণ প্ৰজ্ঞ বা আনন্দ তীৰ্থ এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু দ্বৈত বেদান্তৰ মুখ্য প্ৰৱক্তা। তেওঁৰ দৰ্শনক তত্ত্ববাদো বোলা হয়, যাৰ অৰ্থ "বাস্তৱ দৃষ্টিভংগীৰ পৰা কৰা তৰ্ক"।
-
তুকাৰাম
সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল। তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।
-
লালন
লালন (Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০) বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল। ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়।
-
গৌড়ীয় বৈষ্ণৱবাদ
গৌড়ীয় বৈষ্ণৱবাদ, চৈতন্য বৈষ্ণৱবাদ, বঙালী, চৈতন্য বা গৌড়ীয় সম্প্ৰদায়, চৈতন্যবাদ বা গৌড় ধৰ্ম হৈছে ১৪৮৬ৰ পৰা ১৫৩৪লৈ জীৱিত থকা চৈতন্য মহাপ্ৰভুৰ দ্বাৰা প্ৰেৰিত এটি বৈষ্ণৱ হিন্দু ধাৰ্মিক আন্দোলন। "গৌড়ীয়" শব্দই ভাৰতীয় উপমহাদেশৰ গৌড় বা বংগ অঞ্চল সূচায়।
-
হনুমান চালিছা
হনুমান চালিছা হৈছে ভগৱান হনুমানৰ প্ৰশংসাত ৰচিত হিন্দু ধৰ্মৰ এক ভক্তিমূলক স্তোত্ৰ। লাখ লাখ হিন্দু ধৰ্মাৱলম্বী লোকে জনপ্ৰিয়ভাৱে প্ৰতিদিনে ইয়াৰ আবৃত্তি কৰে।
-
বৈষ্ণৱ সাহিত্য
মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ (আজি পৰ্যন্ত) সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে, তেনে শাস্ত্ৰ বা পুথি যি সাহিত্যৰ আধাৰত জড়িত হৈ আছে তেনে…
-
প্ৰণামী সম্প্ৰদায়
প্ৰণামী সম্প্ৰদায়, যাক প্ৰণামী (আক্ষৰিক অৰ্থত ‘প্ৰণাম কৰা লোক’) বা প্ৰণামী পন্থ বুলিও কোৱা হয়; কৃষ্ণক পৰম ঈশ্বৰ হিচাপে পূজা কৰা এক হিন্দু সম্প্ৰদায়। ই মহামতী প্ৰাণনাথ আৰু দেৱচন্দ্ৰৰ শিক্ষা আৰু তেওঁলোকৰ পৱিত্ৰ গ্ৰন্থ তৰ্ত্তম সাগৰৰ ওপৰত আধাৰিত।
-
স্বামী হৰিদাস
স্বামী হৰিদাস (Swami Haridas) স্বামী হৰিদাস এজন আধ্যাত্মিক কবি আৰু শাস্ত্ৰীয় সংগীতজ্ঞ আছিল।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
ভক্তি যোগ
ভক্তি যোগ (সংস্কৃত: भक्ति योग), যাক ভক্তি মাৰ্গ (भक्ति मार्ग) বুলিও কোৱা হয় (আক্ষৰিক অৰ্থত ‘‘ভক্তি’’-ৰ পথ), হিন্দুধৰ্মৰ এটা আধ্যাত্মিক পথ বা আধ্যাত্মিক সাধনা, যি কোনো ব্যক্তিগত দেৱতাৰ প্ৰতি প্ৰেমমূলক ভক্তিত কেন্দ্ৰিত।
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
শংকৰী সংস্কৃতি
শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশংকৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল।
-
সন্তদাস কাঠিয়াবাবা
সন্তদাস কাঠিয়াবাবা (১০ জুন ১৮৫৯ – ৮ নৱেম্বৰ ১৯৩৫) পূৰ্বশ্ৰম নাম তাৰাকিশোৰ চৌধুৰী ১৯ শতিকাৰ একজন বিশিষ্ট ভাৰতীয় বাঙালী যোগী, দাৰ্শনিক আৰু ধৰ্মগুৰু আৰু ১৯ শতিকাৰ বেদান্ত দ্বৈতবাদী ৰামদাস কাঠিয়াবাবাৰ প্ৰধান শিষ্য আছিল।