অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আম-লা-খী দেওশাল

হ'-ফি আম-লা-খী (𑜑𑜦𑜡 𑜇𑜣 𑜒𑜪 𑜎𑜡 𑜁𑜣) অসমীয়াত আম-লা-খী দেওশাল অসমৰ লকুৱাৰ ৰঙাগড় অঞ্চলত অৱস্থিত ফুৰালুং ধৰ্মৰ এখন দেওশাল। এই দেওশালখন পূৰ্বতে চৰাইদেউত অৱস্থিত আছিল পাছলৈ চৰাইদেউৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ পিছত গৌৰীনাথ সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ইয়াক দিচাং নদীৰ দক্ষিণ পাৰস্থিত ৰঙাগড়লৈ…

হালনাগাদ: ১৬ জুন ২০২৬ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হ'-ফি আম-লা-খী (𑜑𑜦𑜡 𑜇𑜣 𑜒𑜪 𑜎𑜡 𑜁𑜣) অসমীয়াত আম-লা-খী দেওশাল অসমৰ লকুৱাৰ ৰঙাগড় অঞ্চলত অৱস্থিত ফুৰালুং ধৰ্মৰ এখন দেওশাল। এই দেওশালখন পূৰ্বতে চৰাইদেউত অৱস্থিত আছিল পাছলৈ চৰাইদেউৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ পিছত গৌৰীনাথ সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ইয়াক দিচাং নদীৰ দক্ষিণ পাৰস্থিত ৰঙাগড়লৈ স্থানান্তৰ কৰিছিল।১ এই স্থান আহোমসকলৰ এক পৱিত্ৰ তীৰ্থক্ষেত্ৰ, য’ত আজিও প্ৰাচীন আচাৰ-অনুষ্ঠান অনুসৰি আহোম উৎসৱসমূহ উদযাপন কৰা হয়।২

মহত্ব

এই দেওশালত প্ৰতি বাৰ বছৰৰ অন্তৰে উম-ফা অনুষ্ঠান অত্যন্ত জাকজমকতাৰে এক বৃহৎ স্তৰত পালন কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 89
  2. ↑ "...Amlokhi Deohal of Lakwa is a place of worship for the Ahoms ..." (September 2022). Amlokhi Deohal of Lakwa. University News Bulletin. Tezpur University. পৃ. 24
  3. ↑ Gogoi, Shrutashwinee. (2011). Tai Ahom Religion: A Philosophical Study. Shodhganga, INFLIBNET Centre. পৃ. 90

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম-লা-খী দেওশাল” প্ৰবন্ধৰ সংশোধন ৬১২৫২৫ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।