কনকলতা মহিলা আৰবান কো-অ’পাৰেটিভ বেংক লিমিটেড বা চমুকৈ কনকলতা মহিলা বেংক (Konoklota Mahila Bank) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বেংক। ১৯৯৮ চনত যোৰহাটত এই বেংকটো স্থাপিত হৈছিল। সমবায় খণ্ডত স্থাপন কৰা এই বেংকটোৰ সকলো কৰ্মচাৰী আৰু বেছি অংশ গ্ৰাহকেই মহিলা। তেওঁলোকে বিভিন্ন জমা আঁচনি প্ৰচলন কৰাৰ উপৰিও মহিলাসকলৰ স্বাৱলম্বিতাৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন সাপেক্ষে বিভিন্ন ঋণৰ আঁচনি আগবঢ়ায়।১
ইতিহাস
লখিমী বৰুৱাই ১৯৯৮ চনত অসমৰ যোৰহাটত কনকলতা মহিলা বেংক স্থাপন কৰিছিল। তেওঁ মূলতঃ বিশেষ সা-সুবিধা নোপোৱা, পিছপৰা মহিলাসকলৰ সহায় হোৱাকৈ তথা তেওঁলোকক অৰ্থনৈতিকভাবে স্বাৱলম্বী আৰু সুৰক্ষিত কৰিবলৈ কনকলতা মহিলা বেংক স্থাপন কৰিছিল।২
বেংক সেৱাৰ বিষয়ে বিশেষ জ্ঞান নোহোৱাকৈয়ে বৰুৱাই ১৯৯০ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকত মহিলাসকলৰ বাবে সমবায় খণ্ডত এটা বেংক স্থাপনৰ বাবে আবেদন কৰিছিল। ১৯৯৮ চনত তেওঁ ৰিজাৰ্ভ বেংকৰ অনুমোদন লাভ কৰে। তাৰ দুবছৰ পিছত, ১৯৯০ চনত যোৰহাটত ৫২জন প্ৰমোটাৰ সদস্য,১ ১৫০০ গৰাকী মহিলা অংশীদাৰ আৰু ৮.৪৫ লাখ টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে বেংকৰ কাম আৰম্ভ হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাহিনীৰ সদস্যা- কনকলতা বৰুৱাৰ নামেৰে বেংকটোৰ নাম কনকলতা মহিলা বেংক ৰখা হয়।২
পৰিগাঁথনি
বৰ্তমান বেংকৰ চাৰিটা শাখা আৰু ২১জন নিয়মীয়া কৰ্মচাৰী আছে আৰু কৰ্মচাৰী আটাইকেইগৰাকীয়ে মহিলা। ৪৫,০০০ একাউণ্টৰ বেছিভাগে মহিলাৰ।২ কনকলতা বেংকৰ শাখা চাৰিটা হ’ল- যোৰহাট, মৰিয়নী, গড়আলি যোৰহাট আৰু শিৱসাগৰ শাখা। উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেড (NEDFi), ৰাষ্ট্ৰীয় মহিলা কোষ আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকে (SIDBI) কনকলতা মহিলা বেংকক সহযোগিতা আগবঢ়ায়। বেংকটোৱে মুঠ তিনিখন জিলাত সেৱা আগবঢ়ায়- যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা। আই.ডি.বি.আই. বেংক তেওঁলোকৰ তত্বাৱধায়ক বেংক।১
লক্ষ্য আৰু উদ্দেশ্য
কনকলতা মহিলা বেংকে মহিলাসকলক সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ উৎসাহিত কৰে। ইয়াৰোপৰি ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন অনুসৰি ঋণৰ বিভিন্ন আকৰ্ষণীয় আঁচনিৰ জৰিয়তে উপভোগ আৰু উৎপাদনৰ উদ্দেশ্যে তেওঁলোকৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰে। প্ৰাথমিক সমবায় বেংক হোৱাৰ বাবে ই চহৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে কৰ্মসংস্থাপনৰ সৃষ্টি কৰে। সমাজক দুৰ্বল শ্ৰেণীটোৰ উপাৰ্জন বঢ়োৱা, স্ব-নিয়োজনৰ সুযোগ প্ৰদান কৰি নিৰাপদ সৱলীকৰণকে ধৰি সকলো বাণিজ্যিক বেংকিং সুবিধা প্ৰদান কৰাটোৱেই হৈছে বেংকৰ প্ৰধান উদ্দেশ্য। আন এটা উদ্দেশ্য হৈছে মহিলাসকলৰ মাজত সঞ্চয় আৰু বেংকিং অভ্যাস জনপ্ৰিয় কৰা। লাভ অৰ্জন কৰাতকৈও আত্ম-সহায়ক বেছি গুৰুত্ব প্ৰদান কৰা হয়।১
আঁৰৰ ব্যক্তি
বেংকটো স্থাপনৰ আঁৰত থকা মূল মানুহগৰাকী হ’ল- লখিমী বৰুৱা। যোৰহাটৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই আৰ্থিক অনাতনৰ বাবে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। বিয়াৰ বহু বছৰ পাছত ১৯৮০ চনতহে তেওঁ স্নাতক ডিগ্ৰী লয়। তেওঁ বেংকত চাকৰি কৰিছিল। তাৰোপৰি যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধাত অঞ্চলত এখন মহিলা সমিতি সংগঠিত কৰি আৰ্থিকভাবে পিছপৰা মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰিছিল। এইখিনি অভিজ্ঞতাকে সৰোগত কৰি ১৯৯০ চনত বৰুৱাই সমবায় খণ্ডত এটা বেংক প্ৰতিষ্ঠাৰ চিন্তা-চৰ্চা আৰম্ভ কৰে আৰু ১৯৯৮ চনতহে তেওঁৰ সপোন সাকাৰ হয়।৩ মহিলা সৱলীকৰণৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে তেওঁলৈ সমাজসেৱা ক্ষেত্ৰত পদ্মশ্ৰী সন্মান আগবঢ়ায়।৪
তথ্যসূত্ৰ
- ↑ KONOKLATA MAHILA BANK OFFICIAL SITE. konoklotamahilabank.org/
- ↑ (26 Jan 2021). Assamese Lakhimi Baruah wins Padma Shri for ‘Bank for women and run by women’. indiacsr.in
- ↑ You can bank on this lady. Deccan Herald
- ↑ (25 January 2021). Padma Awards: 2021. Ministry of Home Affairs (India). পৃ. 2–5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকলতা মহিলা বেংক” প্ৰবন্ধৰ সংশোধন ৩৭৩০১৮ (১ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।