ভাৰতৰ ৰাজ্য মেঘালয়ক ১১ খন জিলাত বিভক্ত কৰা হৈছে।
শাসন প্ৰণালী
মেঘালয় ৰাজ্যক তিনিখন স্বায়ত্ব শাসিত অঞ্চলত ভাগ কৰা হৈছে: খাছী পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল, গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল আৰু জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল। খাছী পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ৪ খন জিলা (পূব খাছী, পশ্চিম খাছী, দক্ষিণ পশ্চিম খাছী, ৰি-ভৈ), গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ৫ খন জিলা (পূব গাৰো, পশ্চিম গাৰো, উত্তৰ গাৰো, দক্ষিণ গাৰো, দক্ষিণ পশ্চিম গাৰো) আৰু জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ২ খন জিলা (পূব জয়ন্তীয়া, পশ্চিম জয়ন্তীয়া) আছে।
প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিচ সম্বন্ধীয় শাখা পুলিচ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।
জিলাসমূহ
| ক'ড১ | জিলা | সদৰ | জনসংখ্যা (২০১১)২ | মাটিকালি (বৰ্গ কিঃমিঃ) | জনঘনত্ব (প্ৰতি বৰ্গ কিঃমিঃ)২ | ৱেবছাইট |
| EG | পূব গাৰো পাৰ্বত্য জিলা | ৱিলিয়ামনগৰ | ৩১৭৬১৮ | ২৬০৩ | ১২১ | eastgarohills.gov.in |
| EK | পূব খাছী পাৰ্বত্য জিলা | শ্বিলং | ৮২৪,০৫৯ | ২,৭৫২ | ২৯২ | eastkhasihills.gov.in |
| - | পূব জয়ন্তীয়া পাৰ্বত্য জিলা | খিলেৰিহাট | ১২২,৪৩৬ | ২,১১৫ | ৫৮ | eastjaintiahills.gov.in |
| - | উত্তৰ গাৰো পাৰ্বত্য জিলা | ৰেচুবেলপাৰা | ১১৮,৩২৫ | ১,১১৩ | ১০৬ | northgarohills.gov.in |
| RB | ৰি-ভৈ জিলা | নংপ'হ | ২৫৮,৩৮০ | ২,৩৭৮ | ১০৯ | ribhoi.gov.in |
| SG | দক্ষিণ গাৰো পাৰ্বত্য জিলা | বাঘমৰা | ১৪২,৫৭৪ | ১,৮৫০ | ৭৭ | southgarohills.gov.in |
| - | দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা | আমপটি | জৰিপ কৰা হোৱা নাই | - | - | southwestgarohills.gov.in |
| - | দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা | মাৱকিৰৱাট | ১১০,১৫২ | ১,৩৪১ | ৮২ | southwestkhasihills.gov.in |
| WG | পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা | জ'ৱাই | ২৭০,৩৫২ | ১,৬৯৩ | ১৬০ | westjaintiahills.gov.in |
| WG | পশ্চিম গাৰো পাৰ্বত্য জিলা | তুৰা, মেঘালয় | ৬৪২,৯২৩ | ৩,৭১৪ | ১৭৩ | westgarohills.gov.in |
| WK | পশ্চিম খাছী পাৰ্বত্য জিলা | নংষ্ট'ইন | ৩৮৫,৬০১ | ৫,২৪৭ | ৭৩ | westkhasihills.gov.in |
তথ্যসূত্ৰ
- ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
- ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘালয়ৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ২৭৭৩৭০ (১৬ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।