পূব খাছী পাৰ্বত্য (East Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।১
ইতিহাস
১৯৭৬ চনৰ ২৮ অক্টোবৰত খাছী পাৰ্বত্য জিলাক পূব আৰু পশ্চিম খাছী পাৰ্বত্য জিলা হিচাপে বিভক্ত কৰা হৈছিল। ১৯৯২ চনৰ ৪ জুনত পূব খাছী পাৰ্বত্য জিলাক পূব খাছী পাৰ্বত্য জিলা আৰু ৰি-ভৈ জিলা হিচাপে দুখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছিল।
ভূগোল
শ্বিলং পূব খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ।
বিভাগ
প্ৰশাসনিক বিভাগসমূহ
পূব খাছী পাৰ্বত্য জিলাখন আঠটা ব্লকত বিভক্ত:২
| নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
| Khatarshnong Laitkroh | Mawjrong | ||
| Mawkynrew | Mawkynrew | ||
| মাওফ্লাং | মাওফ্লাং | ||
| Mawryngkneng | Mawryngkneng | ||
| Mawsynram | Mawsynram | ||
| Mylliem | Mylliem | ||
| Pynsursla | Pynsursla | ||
| Shella Bholaganj | Cherrapunjee |
জনগাঁথনি
২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৮২৫,৯২২ জন,১ যি প্ৰায় কমোৰস৩ ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ডকোটা৪ ৰাজ্যৰ সমান৷ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৭৮তম স্থান লাভ কৰিছে।১ জিলাখনৰ জনসংখ্যাৰ ঘনত্ব 292 PD/sqkm৷১ ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৬৮%।১ ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ১০০৮ গৰাকী১ আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৪.৭% ৷১
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ (2011). Meghalaya Administrative Divisions. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India
- ↑ US Directorate of Intelligence. Country Comparison:Population
- ↑ 2010 Resident Population Data. U. S. Census Bureau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব খাছী পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ৪২১৩১০ (১৮ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।