অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা

পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা (West Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ জ'ৱাইত অৱস্থিত।

হালনাগাদ: ১৬ মে’ ২০২১ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা (West Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ জ'ৱাইত অৱস্থিত।

ইতিহাস

জয়ন্তীয়া পাৰ্বত্য জিলা (সংযুক্ত জিলা)খন ১৯৭২ চনৰ ২২ ফেব্ৰুৱাৰীত গঠিত হৈছিল। তেতিয়া ইয়াৰ আয়তন আছিল ৩,৮১৯ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল অনুসাৰি এই জিলাখনৰ জনসংখ্যা আছিল ২,৭০,৩৫২ জন। ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাখন ভাঙি পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা আৰু পূব জয়ন্তীয়া পাৰ্বত্য জিলা নামেৰে দুখন পৃথক জিলা গঠন কৰা হয়। বৰ্তমানৰ জ'ৱাই হৈছে পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান, হস্পিতাল, ব্যাংকিং প্ৰতিষ্ঠান ইত্যাদিৰ সদৰদপ্তৰ।১

ভূগোল

জিলাখনৰ মুঠ এলেকা হৈছে ১৬৯৩ বৰ্গ কিঃমিঃ। জিলাখনত আমলাৰেম অসামৰিক উপ-বিভাগ (Amlarem Civil Sub-Division) নামেৰে এটা অসামৰিক উপ-বিভাগ আছে আৰু তিনিটা Community & Rural Development Block আছে, সেইবোৰ হ’ল- Amlarem C&RD Block, Laskein C&RD Block আৰু Thadlaskein C&RD Block। জিলাখনৰ চাৰিসীমা-

জনগাঁথনি

জিলাখনৰ মুঠ জনসংখ্যা ২৭০,৩৫২জন যাৰ ভিতৰত পুৰুষ ১৩৪,৪০৬জন আৰু মহিলা ১৩৫,৯৪৬জন। জনসংখ্যাৰ ঘনত্ব প্ৰতি কিঃমিঃত ১৫৯.৬৯জন।

তথ্যসূত্ৰ

  1. ↑ About District · West Jaintia Hills District · India

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ২৭৭৩৭৯ (১৬ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।