মেঘালয়ৰ জিলা
১২ প্ৰবন্ধ
-
পূব খাছী পাৰ্বত্য জিলা
পূব খাছী পাৰ্বত্য (East Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।
-
পশ্চিম গাৰো পাৰ্বত্য জিলা
পশ্চিম গাৰো পাৰ্বত্য (West Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ তুৰাত অৱস্থিত। এই জিলাখনৰ আয়তন ৩৭১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৬৪৩,২৯১ জন। ২০১১ চনলৈকে ই পূব খাছী পাৰ্বত্য জিলাৰ পিছতে মেঘালয়ৰ সাতখন জিলাৰ দ্বিতীয়খন আটাইতকৈ জনবহুল জিলা আছিল।
-
পূব জয়ন্তীয়া পাৰ্বত্য জিলা
পূব জয়ন্তীয়া পাৰ্বত্য (East Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।
-
ৰি-ভৈ জিলা
ৰি-ভৈ (Ri Bhoi) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ নংপ'হত অৱস্থিত। এই জিলাখনৰ আয়তন ২,৩৭৮ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫৮,৮৪০জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ ভিতৰত দক্ষিণ গাৰো পাৰ্বত্যৰ পিচতে দ্বিতীয়খন সৰ্বনিম্ন জনবহুল জিলা আছিল।
-
পশ্চিম খাছী পাৰ্বত্য জিলা
পশ্চিম খাছী পাৰ্বত্য (West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
-
পূব গাৰো পাৰ্বত্য জিলা
পূব গাৰো পাৰ্বত্য (East Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৱিলিয়ামনগৰত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৩১৭,৯১৭জন।
-
দক্ষিণ গাৰো পাৰ্বত্য জিলা
দক্ষিণ গাৰো পাৰ্বত্য (South Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ বাঘমৰাত অৱস্থিত। ২০০১ চন অনুসৰি ই মেঘালয়ৰ সকলোতকৈ কম জনবহুলৰ জিলা (out of 7)। জিলাখন ১৯৯২ চনত প্ৰতিষ্ঠিত হৈছিল।
-
পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা
পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা (West Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ জ'ৱাইত অৱস্থিত।
-
মেঘালয়ৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য মেঘালয়ক ১১ খন জিলাত বিভক্ত কৰা হৈছে।
-
উত্তৰ গাৰো পাৰ্বত্য জিলা
উত্তৰ গাৰো পাৰ্বত্য (North Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৰেচুবেলপাৰাত অৱস্থিত। জিলাখনৰ আয়তন ১,১১৩ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,১৮,৩২৫ জন।
-
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য (South West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
-
দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা
দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য (South West Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। ২০১২ চনৰ ৭ আগষ্টত আমপতি অসামৰিক উপ-বিভাগটোক দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য হিচাপে এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰা হয় আৰু ইয়াৰ জিলাৰ সদৰ আমপতিত অৱস্থিত।