পশ্চিম গাৰো পাৰ্বত্য (West Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ তুৰাত অৱস্থিত। এই জিলাখনৰ আয়তন ৩৭১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৬৪৩,২৯১ জন। ২০১১ চনলৈকে ই পূব খাছী পাৰ্বত্য জিলাৰ পিছতে মেঘালয়ৰ সাতখন জিলাৰ দ্বিতীয়খন আটাইতকৈ জনবহুল জিলা আছিল।১
পশ্চিম গাৰো পাৰ্বত্য জিলাখন মেঘালয়ৰ পশ্চিম দিশত অৱস্থিত। জিলাখনৰ পূব দিশত আছে পূব গাৰো পাৰ্বত্য জিলা, দক্ষিণ-পূবত আছে দক্ষিণ গাৰো পাৰ্বত্য জিলা, উত্তৰ আৰু উত্তৰ-পশ্চিম দিশত অসমৰ গোৱালপাৰা জিলা আৰু দক্ষিণ দিশত আছে বাংলাদেশ।
ইতিহাস
১৯৭৬ চনৰ ২২ অক্টোবৰত গাৰো পাৰ্বত্য জিলাখনক পশ্চিম গাৰো পাৰ্বত্য জিলা আৰু পূব গাৰো পাৰ্বত্য জিলা নামেৰে দুখন জিলালৈ বিভক্ত কৰা হয়। পশ্চিম গাৰো পাৰ্বত্য জিলাখনক বৰ্তমানৰ পশ্চিম গাৰো পাৰ্বত্য জিলা আৰু ১৯৯২ চনৰ জুন মাহত দক্ষিণ গাৰো পাৰ্বত্য জিলালৈ পুনৰ বিভক্ত কৰা হয়।
অৰ্থনীতি
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ফুলবাৰী-ধুবুৰী দলং
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ফুলবাৰী-ধুবুৰী দলং সম্পূৰ্ণ হোৱাৰ পিছত, জিলাখন অসমৰ ধুবুৰী হৈ পশ্চিম বংগৰ সৈতে সংযোগ কৰা হ’ব আৰু ই দলংখন দেশৰ আটাইতকৈ দীঘল দলং হ’ব। ধুবুৰীৰ পৰা মহেন্দ্ৰগঞ্জ আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈকে বিস্তৃত ৰে’ল লাইনে সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতি সলনি কৰিব পাৰে।
জনগাঁথনি
২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৬৪৩,২৯১ জন,১ যি প্ৰায় মোনটেগ্ৰো২ বা বাৰমোণ্ট যুক্তৰাষ্ট্ৰৰ সমান৷৩ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫১৪তম স্থান লাভ কৰিছে।১ জিলাখনৰ জনসংখ্যাৰ ঘনত্ব 173 PD/sqkm৷১ ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.০২%।১ ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৭৯ গৰাকী১ আৰু সাক্ষৰতাৰ হাৰ আছিল ৬৮.৩৮% ৷১
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ US Directorate of Intelligence. Country Comparison:Population
- ↑ 2010 Resident Population Data. U. S. Census Bureau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম গাৰো পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ৪২১৩০৮ (১৮ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।