পূব গাৰো পাৰ্বত্য (East Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৱিলিয়ামনগৰত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৩১৭,৯১৭জন।
ইতিহাস
পূব গাৰো পাৰ্বত্য জিলাখন ১৯৭৬ চনত গঠিত হৈছিল, পূৰ্বৰ মেঘালয়ৰ গাৰো পাৰ্বত্য জিলা প্ৰশাসনক জনগণৰ নিকটৱৰ্তী কৰাৰ অৰ্থে পুনৰ সংগঠিত কৰা হৈছিল।
জিলাখনৰ সদৰ কমপ্লেক্সটো মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠাতা মুখ্যমন্ত্ৰী কেপ্তেইন ৱিলিয়ামচন এ. চাংমাৰ নাম অনুসৰি 'ৱিলিয়ামনগ'ৰ নামকৰণ কৰিছিল। ৱিলিয়ামনগৰ চিমচাংগ্ৰেৰ চিমচাং নদী (Simsang River) ৰ পাৰৰ বিস্তীৰ্ণ সমভূমি অঞ্চলত অৱস্থিত।
ভূগোল
ৱিলিয়ামনগৰ পূব গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৬০৩ বৰ্গ কিলোমিটাৰ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব গাৰো পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ২৬৭৩৭৮ (১২ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।