তেলুগু ভাষাৰ চলচ্চিত্ৰ পৰিচালক
৫ প্ৰবন্ধ
-
মৃণাল সেন
মৃণাল সেন (Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
প্ৰভু দেৱা
প্ৰভু দেৱা (ಪ್ರಭುದೇವ, பிரபுதேவா, ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল, তেলুগু, বলিউড, মালায়ালাম আৰু কানাড়া চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে।
-
বি এন ৰেড্ডী
বম্মিৰেড্ডী নৰসিংহ ৰেড্ডী ( Bommireddy Narasimha Reddy; ১৬ নৱেম্বৰ ১৯০৮ – ৮ নৱেম্বৰ ১৯৭৭), এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ, যি পেছাগতভাৱে বি এন ৰেড্ডী নামেৰে পৰিচিত আছিল। তেওঁ তেলেগু চলচ্চিত্ৰৰ আৰম্ভণি পৰ্যায়ৰ ব্যক্তিত্ব আছিল।
-
এল ভি প্ৰসাদ
আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।
-
কে বালচন্দৰ
কৈলাসম বালচন্দৰ (Kailasam Balachandar; ৯ জুলাই ১৯৩০- ২৩ ডিচেম্বৰ ২০১৪ ) এজন ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা, যি মূলতঃ তামিল চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।