ঢাকা বিশ্ববিদ্যালয় (সংক্ষিপ্তভাৱে ডি ইউ ) হৈছে বাংলাদেশৰ এখন স্বায়ত্তশাসিত চৰকাৰী গৱেষণা বিশ্ববিদ্যালয়। ১৯২১ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অক্সব্ৰিজ শিক্ষা ব্যৱস্থা অনুসৰণ কৰি প্ৰতিষ্ঠা কৰা হয়। ১৯২১ চনৰ ১ জুলাইৰ পৰা ইয়াৰ শিক্ষামূলক কাৰ্যসূচী আৰম্ভ হয়।১ প্ৰথম অৱস্থাত বিভিন্ন পটভূমিৰ পণ্ডিত আৰু বিজ্ঞানীসকলে কঠোৰ গুণগত নিয়ন্ত্ৰণৰ প্ৰেক্ষাপটত ইয়াক অক্সফৰ্ড অৱ দ্য ইষ্ট হিচাপে স্বীকৃতি দিছিল।২
বৰ্তমান বিশ্ববিদ্যালয়খনৰ মুঠ ১০৫খন সংযুক্ত মহাবিদ্যালয় আছে, য'ত আছে ১৩টা অনুষদ, ৮৩টা বিভাগ, ১৩টা প্ৰতিষ্ঠান, ৫৬টা গৱেষণা ব্যুৰো আৰু কেন্দ্ৰ, ২০টা আৱাসিক হল আৰু ৩টা ছাত্ৰাবাস, আৰু ৭টা স্নাতক পৰ্যায়ৰ সংযুক্ত চৰকাৰী মহাবিদ্যালয়। সংযুক্ত মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু কাৰ্য্যকলাপ বেলেগ বেলেগ। ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল বাংলাদেশৰ সৰ্ববৃহৎ পুথিভঁৰাল।৩
ঢাকা বিশ্ববিদ্যালয়ত অসংখ্য বিশিষ্ট ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছে, য'ত আছে ১৩জন ৰাষ্ট্ৰপতি, ৭জন প্ৰধানমন্ত্ৰী আৰু এজন নোবেল বঁটা বিজয়ী। বাংলাদেশ জাতিৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে ইয়াত অধ্যয়ন কৰিছিল আৰু বাংলাদেশক স্বাধীন কৰি তোলাত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ অৱদান আছিল।২ এই বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে সৰ্বাধিক বাংলাদেশ বিজ্ঞান একাডেমীৰ পদক লাভ কৰিছে।৪ ৫ ইয়াৰ উপৰিও বাংলাদেশৰ একমাত্ৰ বিশ্ববিদ্যালয় যিয়ে এছিয়া উইকৰ শীৰ্ষ ১০০খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে।৬
তথ্যসূত্ৰ
- ↑ হাওলাদাৰ, আসিফ. গৌৰবোজ্জ্বল অতীত নিয়ে শতবৰ্ষে ঢাকা বিশ্ববিদ্যালয়. Prothomalo
- ↑ মিয়া, সাজাহান. বাংলাপিডিয়া: বাংলাদেশেৰ জাতীয় জ্ঞানকোষ. বাংলাদেশ এশিয়াটিক সোসাইটি
- ↑ Dhaka University Library
- ↑ Academy Gold Medal Award. bas.org.bd
- ↑ munir. BAS Gold Medal Award Ceremony 2011. bas.org.bd
- ↑ TIME Magazine -- Asia Edition -- March 10, 2013 - Vol. 183, No. 9. এশিয়া উইক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢাকা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২২০৪০ (৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।