ভাৰতৰ ধ্ৰুপদী ভাষা
১২ প্ৰবন্ধ
-
বঙালী ভাষা
বঙালী ভাষা দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চলৰ এক প্ৰধান ভাৰত-আৰ্য ভাষা, যি বাংলাদেশ আৰু ভাৰতৰ একাধিক ৰাজ্যত দৈনন্দিন জীৱন, শিক্ষা আৰু শাসনত কেন্দ্ৰীয় ভূমিকা পালন কৰে। প্ৰায় ৩০ কোটি ভাষাভাষীৰে ই মাতৃভাষীৰ সংখ্যাৰ দিশত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা বুলি গণ্য।
-
অসমীয়া ভাষা
অসমীয়া ভাষা ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এক প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা, আৰু অসমৰ ৰাজ্যিক ভাষা হিচাপে ই অঞ্চলটোৰ মুখ্য সংযোগী ভাষা। প্ৰাচীন কালৰ পৰা নিজা লিপি আৰু সাহিত্যিক পৰম্পৰাৰে পুষ্ট এই ভাষাই দীঘলীয়া বিৱৰ্তনৰ মাজেদি আহি ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে ভাৰতৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে।
-
সংস্কৃত ভাষা
সংস্কৃত (সংস্কৃত: संस्कृतम्, সঠিক নাম: संस्कृता वाक्,, পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा, "পৰিমাৰ্জিত ভাষা") হ’ল এটি ঐতিহাসিক ভাৰত-ইউৰোপীয় ভাষা আৰু হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ দেৱভাষা।।
-
তামিল ভাষা
তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে।
-
তেলুগু ভাষা
তেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা।
-
কন্নড় ভাষা
কন্নড় (Kannada, ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।
-
মাৰাঠী ভাষা
মাৰাঠী (মাৰাঠীত: मराठी (মৰাঠী)) এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ।
-
ওড়িয়া ভাষা
ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত এই ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী।
-
পালি ভাষা
পালি (/ˈpɑːli/) হৈছে ভাৰতীয় উপমহাদেশৰ এটা থলুৱা মধ্য ভাৰত-আৰ্য লিটাৰ্জিকেল ভাষা। বৌদ্ধ ধৰ্মৰ পালি কেনন বা টিপিটকৰ ভাষাৰ লগতে থেৰাবাদ বৌদ্ধ ধৰ্মৰ পবিত্ৰ ভাষা হিচাপে এই ভাষাৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাৰম্ভিক কালত ইয়াক ব্ৰাহ্মী লিপিৰে লিখা হৈছিল।
-
মান ভাষা
মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়। মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা। মান ভাষা মান লিপিত লিখা হয়।
-
প্ৰাকৃত ভাষা
প্ৰাকৃত ভাষা (Prakrit language) খ্ৰীষ্টপূৰ্ব প্ৰায় ৫ম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে ভাৰতীয় উপমহাদেশত ব্যৱহৃত স্থানীয় ধ্ৰুপদী মধ্য ভাৰত-আৰ্য ভাষাৰ এটা গোট।প্ৰাকৃত শব্দটো সাধাৰণতে পালিৰ বাহিৰে মধ্য ইন্দো-আৰ্য ভাষাৰ মাজৰ সময়ছোৱাত প্ৰয়োগ কৰা হয়।
-
ভাৰতৰ ধ্ৰুপদী ভাষা
ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজায়৷ ভাৰত চৰকাৰে এঘাৰটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে।