শিৱসাগৰ জিলা
১৩ প্ৰবন্ধ
-
শিৱসাগৰ
শিৱসাগৰ অসমৰ শিৱসাগৰ জিলাৰ জিলা সদৰ আৰু টাই-আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নেৰে সমৃদ্ধ এক গুৰুত্বপূৰ্ণ নগৰ। শিৱসাগৰ পুখুৰী আৰু তাৰ কাষৰ দ’লসমূহৰ লগতে ৰংপুৰ-গড়গাঁও এলেকাৰ স্থাপত্যই এই নগৰক অসমৰ ইতিহাস-সংস্কৃতি অধ্যয়নৰ কেন্দ্ৰবিন্দু কৰি তোলে।
-
শিৱসাগৰ জিলা
শিৱসাগৰ জিলা অসমৰ এখন প্ৰশাসনিক জিলা, য’ত আহোম যুগৰ ৰাজনৈতিক ইতিহাস আৰু স্থাপত্য-ঐতিহ্য বিশেষভাৱে ঘনীভূত ৰূপত দেখা যায়। তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ আগৰণুৱা ক্ষেত্ৰ হিচাপেো জিলাখনৰ আৰ্থ-সামাজিক গুৰুত্ব উল্লেখযোগ্য।
-
নাজিৰা
নাজিৰা (IPA: nəˈzɪərə) (Nazira) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷
-
জয়সাগৰ পুখুৰী
জয়সাগৰ পুখুৰী (Joysagar Tank) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী। জয়সাগৰ পুখুৰীক জয়সাগৰ বৰপুখুৰী বুলিও জনা যায়। জয়সাগৰ পুখুৰীৰ পাৰত জয় দৌল, শিৱ দৌল, দেৱী ঘৰ (দেৱী দৌল বুলিও জনা যায়), ঘনশ্যাম দৌল অৱস্থিত।
-
মৰাণহাট
মৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(Moranhat) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰা মৰাণ গোষ্ঠীৰ লোকৰ বাবে এই অঞ্চলটোৰ এই নাম হয়৷
-
ডিমৌ
শিৱসাগৰ জিলাৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত চহৰ তথা ৰাজহ চক্ৰ ডিমৌ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজেদি পাৰহৈ যোৱা ডিমৌৰ মাজমজিয়া হৈছে ডিমৌ চাৰিআলি। সমীপৰ ঠাই চৰগুৱাত আহোমসকলে ৰাজধানী পাতিছিল।
-
আজান পীৰৰ দৰগাহ
আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে।
-
জাঁজী
জাঁজী (Jhanji) শিৱসাগৰ জিলাৰ জাঁজী নদীৰ পাৰত অৱস্থিত এখন গাঁও আৰু এটা সৰু অৰ্ধ-নগৰীয় অঞ্চল। জাঁজী নদীয়ে শিৱসাগৰ আৰু যোৰহাট জিলাক বিভক্ত কৰিছে।
-
শিৱসাগৰ বিধানসভা সমষ্টি
শিৱসাগৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৬ হৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। শিৱসাগৰ শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
মাদুৰি
মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন বৃহৎ গাঁও। এই গাঁওখন নাজিৰা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্ব অৱস্থিত।
-
ডিমৌ বিধানসভা সমষ্টি
ডিমৌ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টি ২০২৩ চনত নতুনকৈ গঠন কৰা হৈছিল।
-
শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ
শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰনি শিৱসাগৰ জিলাৰ নাম) শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ।
-
ৰূপহী পথাৰ
শিৱসাগৰ জিলাৰ ভটীয়াপাৰ আৰু দিখৌ নদীৰ পাৰলৈকে পূবফাললৈ বিস্তৃত পথাৰখনৰ নাম ৰূপহী পথাৰ।