বিল
৯ প্ৰবন্ধ
-
দীপৰ বিল
দীপৰ বিল (Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।
-
অসমৰ বিলসমূহৰ তালিকা
বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়।
-
চানডুবি বিল
চানডুবি বিল (IPA উচ্চাৰণ: ˌʧʌnˈdʊbɪ) অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা।
-
মাগুৰী মতাপুং বিল
মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস।
-
সোণ বিল
সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে…
-
শিলসাঁকো বিল
শিলসাঁকো বিল গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত। অসমৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সাতগাঁও, হেঙেৰাবাৰী আৰু মঠঘৰীয়া আদি অঞ্চলেৰে আগুৰি থকা এটা জলাশয়। গুৱাহাটীৰ জলভাগ (সুৰক্ষা আৰু সংৰক্ষণ) আইন ২০০৮ৰ জৰিয়তে গুৱাহাটীৰ আন ছটা জলাশয়ৰ লগতে অনুসূচী ১মৰ পৰা ৪ৰ্থলৈকে শিলসাঁকো হ্ৰদক বিশেষভাৱে অৱগত কৰা হৈছে।
-
চাচনি মেৰবিল
চাচনি মেৰবিল বা মেৰবিল (Sasoni Merbil) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস। এই বিলখন দৰাচলতে বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা অশ্বখুৰা হ্ৰদ।
-
ড'ৰা বিল
ড'ৰা বিল বা ডৰা বিল হৈছে ৰামপুৰ নং ২ত অৱস্থিত এটা জলাশয় আৰু হ্ৰদ। পলাশবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত ২ খন গাঁও আৰু অসমৰ কামৰূপ জিলাৰ ৰাজাপুখুৰী, নাহিৰা, ভক্তপাৰা, তেজপুৰ, ৰামপুৰ, মাজপাৰা, কুলডুং, ধনতোলা, বৰটাৰী আৰু খিদিৰপুখুৰী আদি গাঁওৰে আগুৰি আছে।
-
উৰপদ বিল
উৰপদ বিল অসমৰ গোৱালপাৰা জিলাৰ আগিয়া গাঁৱত অৱস্থিত এখন প্ৰাকৃতিক বিল। এই হ্ৰদটো গোৱালপাৰা জিলাৰ জিলা সদৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উৰপদ বিল অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক হ্ৰদ।