কৰ্ণ (कर्ण) হৈছে পুৰণি ভাৰতৰ হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণিত এটা কেন্দ্ৰীয় চৰিত্ৰ। তেওঁ অংগ ৰাজ্যৰ (বৰ্তমান ভগলপুৰ আৰু মুগেৰ) অধিপতি আছিল। কৰ্ণ আছিল এজন মহান বীৰ, যাৰ বীৰত্বৰ গাঁথা বহু চৰ্চিত আছিল আৰু ভগৱান কৃষ্ণ আৰু ভীষ্ম পিতামহৰ মতে যুদ্ধক্ষেত্ৰত অৰ্জুনক পৰাস্ত কৰিবপৰা একমাত্ৰ যোদ্ধা আছিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰজাসকলক পৰাস্ত কৰি, দুৰ্যোধনক বিশ্বৰ একচ্ছত্ৰী সম্ৰাট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ একমাত্ৰ তেওঁ অকলেই দিগ্বিজয় যাত্ৰা সম্পন্ন কৰিছিল। তেওঁ বৈষ্ণৱ ত্যাগৰ ধ্বজাবাহক আছিল। কৰ্ণ সূৰ্য দেৱতা আৰু কুন্তীৰ পুত্ৰ আছিল। কুন্তী পাণ্ডুলৈ বিবাহ হোৱাৰ পূৰ্ৱেই কৰ্ণৰ জন্ম হৈছিল। লোকলজ্জাৰ ভয়ত কুন্তীয়ে তেওঁক গংগা নদীত উটুৱাই দিছিল আৰু পুত্ৰহীন দম্পতী অধিৰথ-ৰাধিকাই তেওঁক লালন-পালন কৰি ডাঙৰ কৰিছিল। কালক্ৰমত তেওঁ দুৰ্যোধনৰ পৰম মিত্ৰ ৰূপে পৰিগণিত হৈছিল আৰু বিখ্যাত কুৰুক্ষেত্ৰ মহাসমৰত দুৰ্যোধনৰ পক্ষৰ হৈ পাণ্ডৱৰ (তেওঁৰ ভাতৃ) বিপক্ষে যুদ্ধ কৰিছিল। কৰ্ণাল নগৰ, বৰ্তমান হাৰিয়ানা কৰ্ণই প্ৰতিষ্ঠা কৰা বুলি বিশ্বাস কৰা হয়। কৰ্ণ, মহাবলী, হৰিচন্দ্ৰ হৈছে হিন্দত্বৰ তিনিটা অতি বিখ্যাত ব্যক্তিত্ব, যি দান কৰাৰ কৃতিত্বৰে মহীয়ান। তেওঁলোকৰ ত্যাগ, সাহস, দান আৰু নিস্বাৰ্থতাৰ কথা প্ৰায়ে উল্লেখ কৰা হয়।
লোক কথা
নিজৰ চৰ্ম/প্ৰকৃতিক ঢাল কাটি দান কৰা বাবে তেওঁৰ নাম কৰ্ণ হ'ল বুলি বিশ্বাস কৰা হয়। মহাভাৰতৰ মতে কৰ্ণৰ অন্য নামবোৰ হৈছে:
- ৰাধেয় - ৰাধাৰ পুত্ৰ
- বৈকাৰ্থনা - যি নিজৰ জন্মগত প্ৰাকৃতিক অস্ত্ৰ ত্যাগ কৰে আৰু ইন্দ্ৰক দান কৰে। "হিন্দু দেৱতা সূৰ্যৰ লগত সম্পৰ্কীত" অৰ্থও প্ৰকাশ কৰে।
- ৰশ্মিৰথী - যি পোহৰৰ বেগত ৰথ চলাব পাৰে।
- বসুসেন - জন্মজত নাম যাৰ অৰ্থ সম্পদৰ সৈতে জন্মা; কৰ্ণ সুবৰ্ণ কৱচ কুণ্ডলৰ (প্ৰাকৃতিক ঢাল আৰু কাণ পিন্ধা অলংকাৰ বিশেষ) সৈতে জন্ম লাভ কৰিছিল।
- সূৰ্য পুত্ৰ - সূৰ্যৰ পুত্ৰ
- পৰশুৰাম শিষ্য - পৰশুৰামৰ শিষ্য।
- অংগৰাজ - অংগৰ ৰজা।
- বিজয়া ধাৰী - বিজয়া নামৰ ধনু ধাৰণ কৰোঁতা।
- অধিৰথী - অধিৰথৰ পুত্ৰ।
- দানবীৰ - দান কৰোঁতা।
- দানশূৰ - যি প্ৰকৃত যোদ্ধাৰ দৰে যুদ্ধ কৰে।
- বৃষ - সত্যবাদী, কেতিয়াও প্ৰতিজ্ঞা ভংগ নকৰা, যি শত্ৰুকো দয়া কৰে। বৃষ শব্দই ষাড় গৰুকো বুজায়, ব্যাসৰ মতে বীৰসকলৰ মাজত কৰ্ণক ষাড়ৰ লগত ৰিজাব পাৰি।
- শৌত - সূতৰ পুত্ৰ।
- সূতপুত্ৰ - সূতৰ পুত্ৰ।
- কৌন্তেয় - কুন্তীৰ পুত্ৰ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্ণ (মহাভাৰত)” প্ৰবন্ধৰ সংশোধন ৫৬৫১৯১ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।