ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ
৬ প্ৰবন্ধ
-
মনমোহন সিং
ড॰ মনমোহন সিং (ਮਨਮੋਹਨ ਸਿੰਘ;; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২ আৰু মৃত্যু ২৬ ডিচেম্বৰ ২০২৪) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা প্ৰথম শিখ প্ৰধানমন্ত্ৰী। মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাৱত)।
-
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্য দিয়া হৈছে।
-
শক্তিকান্ত দাস
শক্তিকান্ত দাস (জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৫৭) এজন অৱসৰ প্ৰাপ্ত তামিলনাডু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫তম গভৰ্ণৰ। পূৰ্বে তেওঁ ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবী যেনে বিভিন্ন বিভাগৰ সচিব, পঞ্চদশ বিত্তীয় আয়োগৰ সদস্য আৰু জি২০লৈ ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।
-
ৰঘূৰাম ৰাজন
ৰঘূৰাম গোবিন্দ ৰাজন (Raghuram Govinda Rajan; ரகுராம் கோவிந்தராஜன்) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৩তম গভৰ্ণৰ। তেওঁ ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছত এৰিক জে.
-
উৰ্জিত পেটেল
উৰ্জিত ৰবীন্দ্ৰ পেটেল এজন ভাৰতীয় অৰ্থনীতিবিদ, পৰামৰ্শদাতা আৰু বেংকাৰ। বিভিন্ন বহুজাতিক কোম্পানীৰ উচ্চ পদবীত অধিষ্ঠিত হোৱা পেটেল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ। তেওঁ ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপুটি গভৰ্ণৰ আছিল।
-
সঞ্জয় মালহোত্ৰা
সঞ্জয় মালহোত্ৰা (Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল।