অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্জিত পেটেল

উৰ্জিত ৰবীন্দ্ৰ পেটেল এজন ভাৰতীয় অৰ্থনীতিবিদ, পৰামৰ্শদাতা আৰু বেংকাৰ। বিভিন্ন বহুজাতিক কোম্পানীৰ উচ্চ পদবীত অধিষ্ঠিত হোৱা পেটেল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ। তেওঁ ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপুটি গভৰ্ণৰ আছিল।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

উৰ্জিত ৰবীন্দ্ৰ পেটেল এজন ভাৰতীয় অৰ্থনীতিবিদ, পৰামৰ্শদাতা আৰু বেংকাৰ। বিভিন্ন বহুজাতিক কোম্পানীৰ উচ্চ পদবীত অধিষ্ঠিত হোৱা পেটেল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ।১ তেওঁ ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপুটি গভৰ্ণৰ আছিল। ডিপুটি গভৰ্ণৰ কালছোৱাত তেওঁ মুদ্ৰানীতি, অৰ্থনৈতিক নীতি আৰু গৱেষণা, পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনা, জমা বীমা, গণসংযোগ আৰু তথ্য জনাৰ অধিকাৰ আদি ক্ষেত্ৰত অৱদান আগবঢ়াইছিল। ২০ আগষ্ট ২০১৬ তাৰিখে ৰঘূৰাম ৰাজনৰ কাৰ্যকাল শেষত তেওঁ ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী গভৰ্ণৰ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। ৪ ছেপ্টেম্বৰ ২০১৬ চনত ৰাজনৰ কাৰ্যকাল অন্ত পৰাত তেওঁ ৬ ছেপ্টেম্বৰ ২০১৬ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ পদত অধিষ্ঠিত হয়।

২০১৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে তেওঁ ব্যক্তিগত কাৰণত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰে।

শিক্ষা

উৰ্জিত পেটেলে লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল. আৰু ১৯৯০ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ আন্তৰ্জাতিক মুদ্ৰানিধিৰ ভাৰতীয় কাৰ্যালয়ত কৰ্মৰত আছিল। ২০০৯ চনত তেওঁ আমেৰিকাৰ ব্ৰুকিংছ ইনষ্টিটিউটৰ বিদেশী জেষ্ঠ ফেলোশ্বিপ লাভ কৰিছে।২

গুজৰাটৰ খেদা জিলাৰ মাহুধা তেওঁৰ পূৰ্বপুৰুষৰ গাওঁ।৩

কৰ্মজীৱন

পিএইছডি সম্পূৰ্ণ কৰাৰ পিড উৰ্জিত পেটেলে আন্তৰ্জাতিক মুদ্ৰানিধিত কৰ্মজীৱনৰ পাতনি মেলে। ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ তেওঁ আন্তৰ্জাতিক মুদ্ৰানিধিৰ আমেৰিকা, ভাৰত, বাহামা আৰু ম্যানমাৰৰ কাৰ্যালয়ত কৰ্মনিৰ্বাহ কৰিছিল। তাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকত উপদেষ্টা ৰূপে যোগ দিয়ে। ইয়াত তেওঁ ঋণ বজাৰ, বেংকিং ক্ষেত্ৰৰ সংস্কাৰ, পেঞ্চন পুঁজি সংস্কাৰ, বাস্তৱ বিনিময় নিৰীখ আদি ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে কাম কৰিছিলম। তাৰ পিছত তেওঁ ১৯৯৮ চনৰ পৰা ২০০১ ভাৰত চৰকাৰৰ বিত্ত বিভাগ আৰু অৰ্থনীতি বিভাগৰ উপদেষ্টা পদত অধিষ্ঠিত থাকে।৪ ২০০০ চনৰ পৰা ২০০৪ চনলৈ তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমিতিৰ লগত জড়িত আছিল।

২০০১৩ চনৰ ১১ জানুৱাৰীত তেওঁ তিনি বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদত নিযুক্তি লাভ কৰে।৫ এই কালছোৱাত তেওঁ মুদ্ৰানীতি ব্যৱস্থাত কেইবাটাও উল্লেখযোগ্য সংস্কাৰ সাধন কৰে।৬

২০১৬ চনৰ ২০ আগষ্ট তাৰিখে তেওঁ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদত নিযুক্তি লাভ কৰে।৭ এই কালছোৱাত ভাৰত চৰকাৰে মহাত্মা গান্ধীৰ শ্ৰেণীৰ ১০০০ আৰু ৫০০ টকীয়া কাগজী মুদ্ৰাৰ বিমুদ্ৰাকৰণ কৰে। ক'লা ধন, দুৰ্নীতি, নকল নোট আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে।৮

গুৰুত্বপূৰ্ণ পদবী

  • উপদেষ্টা, বস্তন কনচালটিং গ্ৰুপ
  • সভাপতি (বাণিজ্য উন্নয়ন), ৰিলায়েন্স উদ্যোগ (১৯৯৭-২০০৬)৯১০
  • কাৰ্যবাহী নিৰ্দেশক, আন্তঃগাঁথনি উন্নয়ন বিত্ত কোম্পানী (১৯৯৬-১৯৯৭)
  • সদস্য, ঐক্যবদ্ধ শক্তি নীতি কমিটি, ভাৰত চৰকাৰ (২০০৪-২০০৬)
  • অ কাৰ্যকৰী নিৰ্দেশক, গুজৰাট ৰাজ্যিক পেট্ৰলিয়াম নিগম
  • অ কাৰ্যকৰী নিৰ্দেশক, Non-Executive Director,বহু পণ্য বিনিময় ইণ্ডিয়া লিমিটেড
  • ডেপুটি গভৰ্ণৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক
  • গভৰ্ণৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক (৪ ছেপ্টেম্বৰ ২০১৬ চনৰ পৰা বৰ্তমানলৈ)১১

গ্ৰন্থৰাজি

  • Golden Age of Gas:- উৰ্জিত পেটেল আৰু ৰাহুল পনান্দীকাৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Killawala, Alpana. (5 September 2016). Dr. Urjit R. Patel takes over as RBI Governor. Reserve Bank of India
  2. ↑ Profile on Brooking Institution
  3. ↑ Urjit Patel Biography
  4. ↑ Profile on Business Week
  5. ↑ Urjit Patel appointed Deputy Governor
  6. ↑ Urjit takes charge as DG, RBITimes of India, 15 January 2013
  7. ↑ Urjit Patel appointed RBI Governor The Hindu, 20 August 2016
  8. ↑ (9 November 2016). Rs 500, Rs 1000 currency notes stand abolished from midnight: PM Modi. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  9. ↑ Urjit Patel appointed RBI Governor The Hindu, 20 August 2016
  10. ↑ Urjit Patel, RBI's Inflation warrior with Corporate Background The Times of India, 21 August 2016
  11. ↑ www.bbc.co.uk/news/business-37153380

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিবিদভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্জিত পেটেল” প্ৰবন্ধৰ সংশোধন ৩০১৩৪৪ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।