অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূৰী বাঈ

ভূৰী বাঈ (Bhuri Bai) এগৰাকী ভাৰতীয় পাৰম্পৰিক ভীল চিত্ৰশৈলীৰ লোক চিত্ৰশিল্পী। তেওঁ ভীল সম্প্ৰদায়ৰ পিটল গাঁৱত জন্মগ্ৰহণ কৰিছিল। মধ্য প্ৰদেশ আৰু গুজৰাটৰ সীমান্তত অৱস্থিত এই গাঁও মধ্য প্ৰদেশৰ ঝাবুৱা জিলাৰ এখন গাঁও। ভূৰী বাঈ ভাৰতৰ সৰ্ববৃহৎ জনজাতীয় সম্প্ৰদায় ভীলৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভূৰী বাঈ (Bhuri Bai) এগৰাকী ভাৰতীয় পাৰম্পৰিক ভীল চিত্ৰশৈলীৰ লোক চিত্ৰশিল্পী। তেওঁ ভীল সম্প্ৰদায়ৰ পিটল গাঁৱত জন্মগ্ৰহণ কৰিছিল। মধ্য প্ৰদেশ আৰু গুজৰাটৰ সীমান্তত অৱস্থিত এই গাঁও মধ্য প্ৰদেশৰ ঝাবুৱা জিলাৰ এখন গাঁও। ভূৰী বাঈ ভাৰতৰ সৰ্ববৃহৎ জনজাতীয় সম্প্ৰদায় ভীলৰ অন্তৰ্ভুক্ত। তেওঁ মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা শিল্পীসকলক প্ৰদান কৰা সৰ্বোচ্চ ৰাজ্যিক সন্মান 'শিখৰ সন্মান'কে ধৰি বহুতো পুৰস্কাৰ লাভ কৰিছে।১ তেওঁক ২০২১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হয়।২৩

ভূৰী বাঈয়ে অংকন কৰা এখন পাৰম্পৰিক ভীল চিত্ৰ
ভূৰী বাঈয়ে অংকন কৰা এখন পাৰম্পৰিক ভীল চিত্ৰছবি: Sarmaya Arts Foundation · CC BY 4.0

কৰ্মজীৱন

তেওঁৰ সমসাময়িক জনগড় সিং শ্যামৰ দৰে ভূৰী বাঈক ভূপালৰ ভাৰত ভৱনৰ জে স্বামীনাথনে চিত্ৰ নিৰ্মাণৰ বাবে এক্ৰিলিক ৰং আৰু কাগজ ব্যৱহাৰ কৰা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছিল। তাৰ আগতে তেওঁ ভীল সম্প্ৰদায়ৰ আন সদস্যসকলৰ দৰে ঘৰৰ বেৰত কলা সৃষ্টি কৰিছিল। ভূৰি পিথোৰা চিত্ৰ নিৰ্মাণত দক্ষ আছিল।

"গাঁৱত, আমি উদ্ভিদ আৰু মাটিৰ পৰা ৰং আহৰণ কৰিবলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগে। আৰু ইয়াত মোক বহুতো ৰং আৰু এডাল ব্ৰাছ দিয়া হৈছে!"৪

চিত্ৰকলাৰ উপৰিও ভূৰি বাঈ পাৰম্পৰিক ভীল সকলে ব্যৱহাৰ কৰা কুটিৰ নিৰ্মাণৰ ক্ষেত্ৰটো দক্ষ। এই কলা তেওঁ তেওঁৰ মাতৃ ঝাব্বু বাঈৰ পৰা শিকিছিল। তেওঁ ভূপালৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰাহালয় বা চমুকৈ মানৱ সংগ্ৰহালয়ত ভীল কুটিৰ নিৰ্মাণত অৰিহণা আগবঢ়াইছিল।৫ যেতিয়া ভূৰি বাঈ প্ৰথমে ভূপালত উপস্থিত হৈছিল তেওঁ ভাৰত ভৱনত নিৰ্মাণ শ্ৰমিক হিচাপে নিযুক্ত আছিল। এই কামৰ বাবদ তেওঁ প্ৰতিদিনে ৬ টকা উপাৰ্জন কৰিছিল। ইয়াত তেওঁ প্ৰথম বাৰৰ বাবে জগদীশ স্বামীনাথনক লগ পাইছিল। তেওঁ ভূৰী বাঈৰ প্ৰতিভা চিনিছিল আৰু তেওঁক ৰঙীন ছবি আঁকিবলৈ উৎসাহিত কৰিছিল।৬ ভূৰী বাঈয়ে তেওঁলোকৰ সম্প্ৰদায়ৰ শিল্পী লাডো বাঈৰ সৈতে কাম আৰম্ভ কৰিছিল।৭

পিথোৰা চিত্ৰশৈলী

নতুন দিল্লীৰ শিল্প সংগ্ৰাহালয়ত অৱস্থিত পিথোৰা চিত্ৰ
নতুন দিল্লীৰ শিল্প সংগ্ৰাহালয়ত অৱস্থিত পিথোৰা চিত্ৰছবি: Anilbhardwajnoida · CC BY-SA 3.0

পিথোৰা হৈছে মধ্য মধ্য প্ৰদেশত বসবাস কৰা ৰাথৱা আৰু ভীলালা জনজাতিৰ দ্বাৰা বেৰত অঁকা পাৰম্পৰিক চিত্ৰ। পিথোৰা চিত্ৰবোৰ তেওঁলোকৰ ঘৰৰ তিনিটা ভিতৰৰ বেৰত সম্পাদন কৰা হয়। এই চিত্ৰবোৰ তেওঁলোকৰ জীৱনত অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ ঘৰত পিথোৰা চিত্ৰসমূহ আঁকিলে শান্তি, সমৃদ্ধি আৰু সুখ আহে বুলি বিশ্বাস কৰা হয়।

শৈলী আৰু মূল বিষয়

ভীল কলাক ভাৰতৰ জনজাতীয় কলা সমূহৰ ভিতৰত আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়। ই অষ্ট্ৰেলিয়াৰ আদিবাসী কলাৰ সৈতে সাদৃশ্য বহন কৰে। বিশেষকৈ বহুৰঙী বিন্দুবোৰ চিত্ৰ ভৰ্তি কৰিবলৈ ব্যৱহাৰ কৰা নিদৰ্শন অষ্ট্ৰেলিয়াৰ আদিবাসী চিত্ৰকলাত পোৱা গৈছে।৮৯ ভূৰী বাঈ তেওঁৰ সম্প্ৰদায়ৰ প্ৰথম শিল্পী আছিল যিয়ে কাগজত চিত্ৰকলা পাৰম্পৰিক ভীল চিত্ৰ আৰম্ভ কৰিছিল। তেওঁৰ ৰঙীন চিত্ৰসমূহে সাধাৰণতে পৌৰাণিক বিষয়, গাঁৱলীয়া দৃশ্য আৰু মানৱ আৰু জীৱ-জন্তুৰ ক্ৰিয়া চিত্ৰিত কৰে। যদিও পিছলৈ তেওঁ চিত্ৰ সমূহত বিমান আৰু দূৰভাষৰ দৰে আধুনিক উপাদান সমূহো অন্তৰ্ভুক্ত কৰিছে।১০

প্ৰদৰ্শনী সমূহ

  • ২০১৭ সতৰংগী: ভীল আৰ্ট, ওজাছ আৰ্ট, দিল্লী১১
  • ২০১৭ গিভেন পাৱাৰ: পাৰম্পৰিকৰ পৰা সমসাময়িকলৈ", ব্লুপ্ৰিণ্ট২১ + এক্সিবিট৩২০, দিল্লী
  • ২০১০-২০১১ "ভাৰণাকুলাৰ ইন কনটেম্পৰাৰী", দেৱী আৰ্ট ফাউণ্ডেচন, বেংগালুৰু
  • ২০১০ "ভাৰতৰ অন্যান্য মাষ্টাৰ", মুচি ডু কুই ব্ৰেনি, পেৰিছ
  • ২০০৯ "এতিয়া গছবোৰে কথা পাতিছে", পুনডলে গেলেৰী, মুম্বাই
  • ২০০৮ "স্বাধীনতা", আন্তৰ্জাতিক আধুনিক কলা কেন্দ্ৰ (চিআইএমএ), কলিকতা

বঁটা আৰু সন্মান

  • শিখৰ সন্মান, মধ্য প্ৰদেশ চৰকাৰ, ১৯৮৬
  • অহল্যা সন্মান, ১৯৯৮
  • ৰাণী দুৰ্গাৱতী বঁটা, ২০০৯
  • পদ্মশ্ৰী, ২০২১

তথ্যসূত্ৰ

  1. ↑ Bhuri Bai · Paintings by Bhuri Bai · Bhuri Bai Painting - Saffronart.com. Saffronart
  2. ↑ Padma Awards 2021 announced. Ministry of Home Affairs
  3. ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Bhuri Bai of Pitol · IGNCA
  5. ↑ Bhuri Bai Jher. Bhil Art
  6. ↑ Choudhury, Rabindra Nath. (2017-10-07). Woman gets Bhil tribal art world recognition. The Asian Age
  7. ↑ Lado Bai · IGNCA
  8. ↑ (2014-10-18). Tribal tones. Deccan Herald
  9. ↑ Administrator, Website. (2015-04-14). Gond art and its counterparts in India and Australia: Comparing the works of Bhil, Gond and Rathwa tribal artists – Madhya Pradesh and Gujarat. Tribal Cultural Heritage in India Foundation
  10. ↑ Bhuri Bai · Sutra Gallery LLC. sutragallery
  11. ↑ www.ojasart.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূৰী বাঈ” প্ৰবন্ধৰ সংশোধন ৬২৭৩৩৯ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।