ভিল জনজাতি হৈছে চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি। ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু ৰাজস্থানত মূলত ভিলসকলৰ বসতি দেখা পোৱা যায়।১
উৎপত্তি
ভিল (Bhil) শব্দটো দ্ৰাৱিড়িয়ান ভাষাৰ বিল (Bil) শব্দৰ পৰা আহিছে,যাৰ অৰ্থ 'ধনু' (Bow)।২
বসবাস
ভিলসকল পাহাৰীয়া জনজাতি। আৰাৱলী পৰ্বত, বিন্ধ্যা পৰ্বত আৰু সাতপুৰা পৰ্বতৰ পাহাৰীয়া অঞ্চলত আৰু পাহাৰৰ পাদদেশত এওঁলোকে বসবাস কৰে।
বসতি
প্ৰাকৃতিক ভাৱে উপলব্ধ সামগ্ৰীৰে এওঁলোকে নিজৰ বাসস্থানসমূহ প্ৰস্তুত কৰি লয়। ঘৰৰ চালখন বোকামাটিৰে লেপা থাকে। ঘৰৰ বেৰবোৰ সাধাৰণতে বাঁহৰ আৰু বোকাৰে লেপা। ঘৰৰ ভিতৰভাগত বাহঁ আৰু গছৰ ডাল পাত,শুকান ঘাহঁৰে তৈয়াৰ কৰা বিছনা আদি আচবাব আছে। ঘৰৰ সন্মুখৰ বেৰত সাধাৰণতে বিভিন্ন ধৰণৰ ৰঙীন চিত্ৰ অংকন কৰে।৩
খাদ্যাভ্যাস
মেইজ (maize) হৈছে এওঁলোকৰ মুখ্য আহাৰ। ভাত (rice) বিশেষ উৎসৱৰ সময়ত পৰিবেশন কৰা এবিধ আহাৰ। বিভিন্ন মাহজাতীয় শস্য আৰু ঘেহুঁ খেতিও তেওঁলোকে কৰে। হাবিত পোৱা জীৱ জন্তু, মাছ, চৰাই আদিও চিকাৰ কৰে।৪
সাজপাৰ
পুৰুষ সকলে মূৰত ফেটা (Feta) নামৰ প্ৰায় ৬/৭ মিটাৰ কাপোৰৰ পাগুৰি মাৰে। গাত খাদী কাপোৰৰ চোলা আৰু ধুতী পৰিধান কৰে। কিন্তু বৰ্তমান যুৱচামে চাৰ্ট পেণ্ট পিন্ধিবলৈ ধৰিছে। মহিলাসকলে পেটিকোত বা ঘাঘৰা (ghaghara), কাপদা(kapda), আৰু শাৰী (sari) পৰিধান কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ ৰূপ, যিংক, নিকেল আদি সস্তীয়া ধাতুৰ অলংকাৰ পিন্ধে।৫
সা-সজুঁলি
বাহঁৰ ধেনু-কাঁড় প্ৰধান অস্ত্ৰ। কাঁড়ৰ আগটো লোহাৰৰ দ্বাৰা নিৰ্মিত। ডাঙৰ জন্তু চিকাৰৰ বাবে এনে কাঁড় ব্যৱহাৰ কৰে। ডেগাৰ, দা, জাঠী আদি অস্ত্ৰ ব্যৱহাৰ কৰা দেখা যায়।৬
বিবাহ
কৃষিকাৰ্যত সুবিধা হ'বৰ বাবে এওঁলোকে কম বয়সতে বিয়া পাতে। বিধবা বিবাহক সন্মতি জনোৱা হয়। বিয়া নপতাসকলক হীন দৃষ্টিৰে চোৱা হয়।
শিক্ষা
বৰ্তমানেও প্ৰায় ৮৫% ভিল অশিক্ষিত হৈ আছে। যদিও কিছুসংখ্যক ভিল যুৱ- যুৱতী শিক্ষিত হৈছে সামগ্ৰিকভাৱে অধিকাংশই অশিক্ষিত হৈ থকা দেখা যায়।৭
ধৰ্ম
পাহাৰৰ বিশেষ কিছুমান গছ, যেনে আম, তেঁতেলি, আৰু কল গছক তেওঁলোকে দেৱতা জ্ঞান কৰি পূজা অৰ্চনা কৰে।
উৎসৱ
ফাকুৱা এওঁলোকৰ প্ৰধান উৎসৱ। হ'লীক জগান মাতা(jogan mata) বুলিও কোৱা হয়। দেৱালী এওঁলোকৰ আন এটা প্ৰধান উৎসৱ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিল জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬২৫৬৬১ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।