ভাষাবিদ
৮ প্ৰবন্ধ
-
সুনীতি কুমাৰ চট্টোপাধ্যায়
সুনীতি কুমাৰ চট্টোপাধ্যায় বা সুনীতি কুমাৰ চেটাৰ্জী (Suniti Kumar Chatterji,২৬ নৱেম্বৰ ১৮৯০ - ২৯ মে' ১৯৭৭) এগৰাকী ভাৰতীয় ভাষাবিদ, শিক্ষাবিদ আৰু সাহিত্যিক আছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ভাষাচাৰ্য উপাধি প্ৰদান কৰিছিল। তেওঁ ১৯৭২ চনত গঠন হোৱা মেঘালয় ৰাজ্যৰ নাম নিৰ্ধাৰণ কৰিছে।
-
সুকুমাৰ সেন (ভাষাবিদ)
সুকুমাৰ সেন ( Sukumar Sen, ১৬ জানুৱাৰী ১৯০০ – ৩ মাৰ্চ ১৯৯২) এগৰাকী ভাৰতীয় ভাষাবিদ আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ আছিল, যি পালি, প্ৰাকৃত আৰু সংস্কৃত ভাষা অধ্যয়নতো সুপৰিচিত আছিল।
-
এ কে ৰামানুজন
আত্তিপেট কৃষ্ণস্বামী ৰামানুজন (জন্ম, ১৬ মাৰ্চ ১৯২৯ – মৃত্যু,১৩ জুলাই ১৯৯৩) এজন ভাৰতীয় কবি আৰু ভাৰতীয় সাহিত্য আৰু ভাষাবিজ্ঞানৰ পণ্ডিত আছিল ৰামানুজন চিকাগো বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপকও আছিল। ৰামানুজন আছিল এজন কবি, পণ্ডিত, ভাষাবিদ, লোককথাবিদ, অনুবাদক আৰু নাট্যকাৰ।
-
কালীকৃষ্ণ মিত্ৰ
কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
-
কুসুমা কৰুণাৰত্নে
কুসুমা কৰুণাৰত্নে (জন্ম: ২১ নৱেম্বৰ, ১৯৪০) এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ প্ৰশাসক, অধ্যাপক আৰু সিংহলী ভাষা আৰু সাহিত্যৰ পণ্ডিত।
-
ভি. আৰ. প্ৰবোধচন্দ্ৰন নায়াৰ
ভি. আৰ. প্ৰবোধচন্দ্ৰন নায়াৰ (ইংৰাজী: V. R. Prabodhachandran Nayar, জন্ম: ৪ আগষ্ট ১৯৩৮) হৈছে কেৰালাৰ এজন বিশিষ্ট ধ্বনিবিজ্ঞান বিশেষজ্ঞ। তেওঁ ধ্ৰুপদী মালয়ালম ভাষাৰ ধ্বনিবিজ্ঞান অধ্যয়নৰ এজন অগ্ৰগামী গৱেষক। ধ্বনিবিজ্ঞানৰ উপৰি তেওঁ বাক্যবিন্যাস আৰু শৈলীবিজ্ঞান বিষয়ৰ গৱেষণাৰ সৈতেও জড়িত।
-
হুমায়ুন আজাদ
হুমায়ুন আজাদ (Humayun Azad, ২৮ এপ্ৰিল ১৯৪৭ – ১২ আগষ্ট ২০০৪) এজন বাংলাদেশী কবি, ঔপন্যাসিক, চুটিগল্প লেখক, সমালোচক, ভাষাবিদ, স্তম্ভলেখক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৮৬ চনত বাংলা ভাষাবিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বাংলা একাডেমী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
-
ৰিচাৰ্ড হাডছন (ভাষাবিদ)
ৰিচাৰ্ড এন্থনী হাডছন এফ বি এ ( Richard Anthony Hudson FBA; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৩৯) এগৰাকী ব্ৰিটিছ ভাষাবিদ। বাক্য গঠনৰ এক ব্যাপক তত্ত্ব শব্দ ব্যাকৰণৰ বাবে তেওঁ বেছিকৈ জনাজাত।