ভিন্নইথাণ্ডি ভৰুভায়া (விண்ணைத்தாண்டி வருவாயா; Will you Cross the Skies for Me?; তুমি মোৰ বাবে দিগন্ত ভেদিবানে?) হৈছে ২০১০ বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত মুক্তিপ্ৰাপ্ত এখন তামিল ভাষাৰ ৰোমাণ্টিক চলচ্চিত্ৰ। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিলামবৰ্ষণ ৰাজেন্দৰ আৰু তৃষা কৃষ্ণনে। চাৰিজন প্ৰযোজক মদন, গণেশ জনাৰ্দন, এলৰেড কুমাৰ আৰু জয়ৰামৰ দ্বাৰা প্ৰযোজিত ছবিখনত সংগীত দিছে একাডেমি বঁটা বিজয়ী সংগীত পৰিচালক এ আৰ ৰহমানে। “এছকেপ আৰ্টিষ্টছ মোছন পিকচাৰ্ছ” আৰু “আৰ এছ ইনফোটেইনমেণ্ট”-ৰ বেনাৰত নিৰ্মিত ছবিখনক বিতৰণ কৰে “ৰেড জায়েণ্ট মুভিজ”-ৰ হৈ উদয়ানিধি ষ্টেলিনে। ছবিখনৰ তেলেগু সংস্কৰণক “য়ে মায়া ছেসাবে” নামেৰে সম্পূৰ্ণ বেলেগ অভিনয় শিল্পীৰে সৈতে একেলগে মুক্তি দিয়া হয়১। প্ৰতীক বাব্বৰ আৰু এমি জেকছনক লৈ গৌতম মেননৰ পৰিচালনাতেই হিন্দী ভাষা ভাষাত ইয়াক "এক দীৱানা থা" নামেৰে পুনৰনিৰ্মাণ কৰে।২ এই ছবিখনে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পায়।
এজন তামিল হিন্দু যুবক কাৰ্তিক আৰু মালায়লম খৃষ্টীয়ান যুৱতী জেছীৰ গভীৰ অথচ জঁটিল প্ৰেম কাহিনীয়েই হৈছে বোলছবিখনৰ মূল বিষয়বস্তু।
কাহিনী
বোলছবিখনৰ কাহিনীৰ পটভূমি সমসাময়িক দিনৰ চেন্নাই। কাৰ্তীক (শিলামবৰ্ষণ ৰাজেন্দৰ) হৈছে এজন মেকানিকেল ইঞ্জিনীয়াৰ, যাৰ সপোন এজন চলচ্চিত্ৰ পৰিচালক হোৱাৰ। বন্ধুৰ সহযোগত তেওঁ চিনাকি হয় চিত্ৰগ্ৰহণকাৰী গণেশৰ (গণেশ জনাৰ্দন) সৈতে আৰু চিত্ৰ পৰিচালক কে এছ ৰবিকুমাৰৰ অধিনত সহকাৰী হিচাপে কাম কৰিবৰ সুযোগ পায়। কাৰ্তীকৰ পৰিয়াল, যি সকল হৈছে হিন্দু, নতুনকৈ ভাৰা লয় জেছীৰ (তৃষা কৃষ্ণন) পৰিয়ালৰ ঘৰৰ তলৰ মহলাতো। ওপৰৰ মহলাত থাকে পৰিয়ালবৃন্দৰে সৈতে জেছী, যি সকল হৈছে কেৰালাৰ আলাপুৰাৰ পৰা অহা মালায়লম কেথলিক খৃষ্টীয়ান। প্ৰথম দৃষ্টীতেই কাৰ্তীক প্ৰেমত পৰে জেছীৰ। এদিন কাৰ্তীকে জেছীক নিজৰ প্ৰেম নিবেদন কৰি পেলাই, যাৰ ফলত জেছী খঙাত অগ্নিশৰ্ম্মা হৈ একো নোকোৱাকৈ গুচি যায়। বহুবাৰ দুয়ো লগপোৱাৰ পিচত তাই স্বীকাৰ কৰে যে তায়ো কাৰ্তীকক ভাল পায়, কিন্তু ৰখ্যনশীল দেউতাকৰ কথা ভাবি সেই সম্বন্ধত আগবাঢ়িব নিবিছাৰে, কিয়নো এজন হিন্দু যুবকক জোঁৱাই ৰূপে তেওঁ কেতিয়াও আদৰি নলয়। জেছীৰ পৰিয়ালে তেওঁলোকৰ সম্বন্ধৰ বিষয়ে জানিব পাৰি তাইৰ বিয়া অন্যৰ লগত আয়োজনৰ উদ্দেশে আলাপুৰালৈ যায়। কাৰ্তীকো তালৈকে ঢাপলি মেলে। বিয়াৰ দিনা জেছীয়ে তাইৰ অসন্মতি প্ৰকাশ কৰি বিয়া ভাঙি পেলায় আৰু চেন্নাইলৈ উভতি আহে। কাৰ্তীক আৰু জেছী সকলোৰে অজ্ঞাতে আকৌ প্ৰেম চলাই যায়। হঠাতে জেছীৰ দেউতাকে তাইক বিয়াৰ বাবে পুনৰ জোৰ দিয়ে, সেয়ে তাই কাৰ্তীকক সহায়ৰ বাবে ফোন কৰে। গোৱাত ফ্লিমৰ চিত্ৰায়নত ব্যস্ত থকাৰ কাৰণে কাৰ্তীকে ফোন কল আৰু মেছেজবোৰৰ উত্তৰ দিব পৰা নাছিল। অবশেষত দুয়োৰে বাৰ্তালাপ হয় আৰু কাৰ্তীক চেন্নাইলৈ উভতি আহে। দেউতাকৰ প্ৰবল প্ৰতিবাদৰ বাবে জেছীয়ে সিহঁতৰ সম্বন্ধত যতি পেলাবলৈ অন্তিম সিদ্ধান্ত লয়। পিচত ভনিয়েকৰ সহযোগত কাৰ্তীকে গম পায় যে জেছীৰ বিবাহ হৈ গৈছে কোনোবা প্ৰবাসী ভাৰতীয়ৰ সৈতে।
দুবছৰৰ পিচত কাৰ্তীকে লগ পায় নন্দিনীক (সামাণ্ঠা ৰূঠ প্ৰভু)। তাই কাৰ্তীকৰ প্ৰেমত পৰে, কিন্তু কাৰ্তীকে তাইৰ প্ৰেম প্ৰত্যাখ্যান কৰে কিয়নো সি জেছীক এতিয়াও পাহৰিব পৰা নাই। কাৰ্তীকে তেতিয়া তাৰ নিজৰ প্ৰেম কাহিনীক লৈ তাৰ প্ৰথম চলচ্চিত্ৰখনৰ চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰে। নাগা চৈতেন্য আৰু নন্দিনীক নায়ক-নায়িকাৰ চৰিত্ৰত আৰু গণেশক চিত্ৰগ্ৰহণকাৰী ৰূপে লৈ সি তাৰ চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে আৰু নাম ৰাখে “জেছী”। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ য়ৰ্ক মহানগৰত চিত্ৰায়নৰ সময়ত হঠাতে সি জেছীক দেখা পায় আৰু দুয়োৰে বাৰ্তালাপ হয়। সেই একে দিনাই দুয়ো বিবাহ পাশত আৱব্ধ হয় আৰু সুখেৰে জীৱন অতিবাহিত কৰে। কিন্তু জেছীৰ সৈতে হোৱা বাৰ্তালাপ আৰু বিবাহ সঁচা নাছিল। সেয়া আছিল কাৰ্তীকৰ চলচ্চিত্ৰখনৰ দৃশ্যাংশহে। শেষত দেখা যায় কাৰ্তীকৰ ছবিখন চিত্ৰগৃহত প্ৰদৰ্শিত হৈ থকাৰ দৃশ্য, জেছী আৰু কাৰ্তীক এতিয়া বিচ্ছেদিত, দুয়োৰে ভিন্ন জীৱন, ভিন্ন নিয়তি।
কলা-কুশলী
অভিনয় শিল্পী
- শিলামবৰ্ষণ ৰাজেন্দৰ...কাৰ্তিক শিৱকুমাৰ
- তৃষা কৃষ্ণন...জেছী থেকেকুট্টু
- গণেশ জনাৰ্দন...গণেশ
- সামাণ্ঠা ৰূঠ প্ৰভু...নন্দিনী
- নাগা চৈতেন্য
- কে এছ ৰবিকুমাৰ
- ৰাজা কৃষ্ণমূৰ্তী...শিৱকুমাৰ, কাৰ্তীকৰ পিতৃ
- উমা পদ্মনাভন...শ্ৰী মতী শিৱকুমাৰ, কাৰ্তীকৰ মাতৃ
- বাবু এণ্ঠনী...জোছেফ থেকেকুট্টু, জেছীৰ পিতৃ
- লখমী ৰামকৃষ্ণন...টেৰেছা থেকেকুট্টু, জেছীৰ মাতৃ
- সত্যা...জেৰী থেকেকুট্টু, জেছীৰ ভাতৃ
অন্য ভাষাৰ সংস্কৰণৰ সৈতে চৰিত্ৰসমূহৰ তুলনা
| ভিন্নইথাণ্ডি ভৰুভায়া (তামিল) | য়ে মায়া ছেসাবে (তেলেগু) | এক দীৱানা থা (হিন্দী ভাষা) |
| শিলামবৰ্ষণ ৰাজেন্দৰ | নাগা চৈতন্য | প্ৰতীক বাব্বৰ |
| তৃষা কৃষ্ণন | সামাণ্ঠা ৰূঠ প্ৰভু | এমি জেকছন |
| গণেশ জনাৰ্দন | কৃষ্ণুডু | মনু ঋষি |
কাৰিকৰী শিল্পী
- পৰিচালক আৰু কাহিনীকাৰ: গৌতম মেনন
- প্ৰযোজক: মদন, গণেশ জনাৰ্দন, এলৰেড কুমাৰ আৰু জয়ৰাম
- সংগীত আৰু আবহ সংগীত পৰিচালক: এ আৰ ৰহমান
- গীতিকাৰ: থমৰইৰ, কইথপ্ৰমৰ, ব্লাজে আৰু কল্যাণী মেনন
- কাৰ্য্যবাহী প্ৰযোজক: জেমছ
- চিত্ৰগ্ৰহণকাৰী: মনোজ পৰমহংশ
- সম্পাদক: এণ্ঠনী গোঞ্জালভেজ
- সাজসজ্জা: নলিনী শ্ৰীৰাম
- কলা নিৰ্দেশনা: ৰাজীৱন
- স্থিৰ চিত্ৰ: মনীষা
প্ৰযোজনা
প্ৰাক-প্ৰযোজনা
২০০৯ বৰ্ষৰ জানুৱাৰীত বাতৰি ওলাইছিল যে সিলামবৰসন, গৌতম মেনন আৰু এ আৰ ৰহমান, এই তিনিওজনে একেলগে এখন বোলছবিত কাম কৰিব, কিন্তু এওঁলোকৰ কোনেও কথাষাৰৰ সত্যতাৰ ওপৰত মত প্ৰকাশ কৰা নাছিল।৩ একে বৰ্ষৰ ফেব্ৰুৱাৰীত এখন বাতৰিকাকতত পোস্তাৰ প্ৰকাশ পায় য’ত সিলামবৰসনক দেখা যায় অন্য কোনো কলা-কুশলিৰ নামৰ অবিহনে।৪ তাতেই বোলছবিখনৰ নাম ১৯৯৭ চনৰ ছবি “মিনচাৰ কনভু”-ৰ এটি গীত “ভেন্নিলভে ভেন্নিলভে”-ৰ কথাংশৰ অনুপ্ৰেৰণাত “ভিন্নইথাণ্ডি ভৰুভায়া” ৰখা হৈছে বুলি উল্লেখ কৰা হয়।৫ তেনেধৰণেই মূল যুটীতোক লৈ অন্যান্য কোনো কলা-কুশলিৰ নামৰ অবিহনেই ভেলেণ্টাইন ডে প্ৰৰ্যন্ত নতুন পোস্তাৰ প্ৰকাশ পায় থাকে। প্ৰতিখন পোস্তাৰেই আছিল বিখ্যাত বোলছবি যেনে: দিল ছে, অলিপয়ুথেই, কাখ কাখ আৰু গীতাঞ্জলিৰ স্থিৰ চিত্ৰৰ আৰ্হিৰ।৬ এই ছবিৰ দ্বাৰাই পৰিচালক গৌতম মেনন পুনৰ ৰোমাঞ্চ ধৰ্মী ছবিৰ শৈলীলৈ ঘূৰি আহে।৭
চিত্ৰগ্ৰহণ
ছবিখনৰ চিত্ৰায়ন ১৪ ফেব্ৰুৱাৰী ২০০৯-ৰ পৰা আৰম্ভ হয় চেন্নাই, তিৰুচ্ছিপল্লি, থাঞ্জাভুৰ, কেৰালা, মালতা৮, গ্ৰীচ আৰু নিউ য়ৰ্কৰ মনোৰম লোকেচনত। চিত্ৰায়ন হয় গোটেই বৰ্ষ ধৰি।
ফলাফল
ভিন্নইথাণ্ডি ভৰুভায়াই বক্স অফিছত লাভ কৰে বিশাল সাফল্য। প্ৰথম তিনি দিনত কেবল চেন্নাইতেই ই উপাৰ্জন কৰে মূঠ ৬৪,৬৬,০৬২ টকা।৯১০ সিলামবৰসন আৰু তৃষা, দুয়োজনৰেই প্ৰদৰ্শন সমালোচক সকলে প্ৰশংসা কৰে। বহু সমালোচকে ছবিখনক আনকি সমসাময়িক যুগৰ ক্লাচিক ছবি ৰূপেও আখ্যা দিয়ে।১১১২ ১২তম সপ্তাহত ই চেন্নাইত (আশ-পাশৰ অঞ্চল সামৰি) উপাৰ্জন কৰে মূঠ ৫.৭৫ কোটি টকা আৰু সমগ্ৰ ভাৰতবৰ্ষত মুঠ উপাৰ্জন কৰে ৩০ কোটি টকা।
“চাউথাৰ্ন স্পাইচ মিউজিক” ছেনেলৰ দ্বাৰা ১০-১০-১০ (১০ অক্টোবৰ ২০১০) তাৰিখে প্ৰকাশিত ২০১০ বৰ্ষৰ শীৰ্ষ ১০ তামিল ছবিৰ তালিকাত ভিন্নইথাণ্ডি ভৰুভায়াই লাভ কৰে দ্বিতীয় স্থান। শীৰ্ষ স্থান দখল কৰে ৰজনীকান্তৰ কল্পবিজ্ঞান ধৰ্মী ছবি “অন্থীৰণ – দ্যা ৰ’বট”-এ। একেদৰেই “বিহাইণ্ড উডছ্”ৰ ২০১০ৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত “অন্থীৰণ – দ্যা ৰ’বট”ৰ পিছতেই ই লাভ কৰে দ্বিতীয় স্থান।
সংগীত
একাডেমি বঁটা বিজয়ৰ পাচত এ আৰ ৰহমানে প্ৰথম সংগীত দিয়ে ভিন্নইথাণ্ডি ভৰুভায়াৰ বাবে। ১৯ ডিচেম্বৰ ২০০৯-ত লণ্ডনত ছবিখনৰ সংগীত মুক্তি দিয়া হয়।১৩ ইয়াৰ জৰিয়তে ই হৈ পৰে আন্তঃৰাষ্ট্ৰীয় প্ৰৰ্যায়ত সংগীত মুক্তি দিয়া প্ৰথম তামিল ছবি। ১০ জানুৱাৰী ২০১০-ত চেন্নাইত ইয়াক পুনৰ এবাৰ মুক্তি দিয়া হয়। ইয়াত মূঠ গীতৰ সংখ্যা ৭টা। তামিল গীতকেইটাৰ কথা থমৰইৰ, মালায়লম ভাষাৰ এটি গীত “আৰোমালে”ৰ কথা কইথপ্ৰমৰ, অন্য গীতিকাৰ কেইজন হৈছে ব্লাজে (“হোচানা”ৰ ইংৰাজী কথাংশ) আৰু কল্যাণী মেনন (“অ’মানা পিন্নে”ৰ মালায়লম কথাংশ)। চ’নি মিউজিকৰ লেবেলত গীতসমূহ বাণীবদ্ধ কৰা হয় পঞ্চৰত্ন ৰেকৰ্ড আৰু এ এম ষ্টোডিঅ’ত। গীতসমূহ মুক্তিৰ লগে লগেই জনপ্ৰিয়তাৰ শিৰ্ষত পাইগৈ। এ আৰ ৰহমানে ছবিখনৰ আবহ সংগীতৰ কামো কৰে।
২০১০-ৰ নবেম্বৰ মাহত অতিৰিক্ত দুটা অৰিজিনেল চাউণ্ডট্ৰেক (অ' এস টি) আৰু লণ্ডনত ছবিখনৰ সংগীত মুক্তিৰ অনুষ্ঠানৰ ভিডিঅ' সংযোগ কৰি এটি বিশেষ কালেক্টৰচ্ এডিচন (সংগ্ৰাহকৰ সংস্কৰণ) মুক্তি দিয়া হয়।১৪
গীতৰ তালিকা
| ট্ৰেক নং | গীতৰ শিৰ্ষক | কণ্ঠ | কথা | দৈৰ্ঘ্য |
| ১ | অ’মানা পিন্নে | বেনী দয়াল আৰু কল্যাণী মেনন | থমৰই আৰু কল্যাণী মেনন (মালায়লম কথাংশ) | ৫:৩২ মিনিট |
| ২ | অনবিল অভন | দেভন এখামব্ৰমম আৰু চিন্ময়ী | থমৰই | ৪:১২ মিনিট |
| ৩ | ভিন্নইথাণ্ডি ভৰুভায়া | কাৰ্তীক | থমৰই | ৩:১২ মিনিট |
| ৪ | হোচানা | বিজয় প্ৰকাশ, চুজেন ডিমেল’ আৰু ব্লাজে | থমৰই আৰু ব্লাজে (ইংৰাজী কথাংশ) | ৫:৩০ মিনিট |
| ৫ | কন্নোক্কোল কন্নই | নৰেশ আয়াৰ | থমৰই | ৩:৫২ মিনিট |
| ৬ | মন্নিপায়া | এ আৰ ৰহমান আৰু শ্ৰেয়া ঘোষাল | থমৰই | ৬:৫৬ মিনিট |
| ৭ | আৰোমালে | অলফনছ জোছেফ | কইথপ্ৰম | ৫:৪৭ মিনিট |
কালেক্টৰচ্ এডিচন
(অতিৰিক্ত গীতকেইটা)
| ট্ৰেক নং | গীতৰ শিৰ্ষক | কণ্ঠ | কথা | দৈৰ্ঘ্য |
| ৮ | আৰোমালে (অ' এস টি) | শ্ৰেয়া ঘোষাল | কইথপ্ৰম | ৪:৩২ মিনিট |
| ৯ | জেছিচ লেণ্ড (অ' এস টি) | মেঘা | কথাবিহিন | ১:৫৮ মিনিট |
গৃহ মেডিয়া
ভাৰতৰ লগতে ইংলেণ্ডত ড্ৰিম ৱৰ্ল্ড হোম এনটাৰ্টেনমেণ্টে ছবিখনৰ ডিভিডি মুক্তি দিয়ে ১৮ এপ্ৰিল ২০১০-ত।
বাহিৰা সংযোগ
তথ্যসূত্ৰ
- ↑ টাইমছ অব ইণ্ডিয়া - তেলেগু সংস্কৰণ-য়ে মায়া ছেসাবে
- ↑ Another Gautham Menon Film in Hindi – Ek Deewana Tha. BollySpice.com
- ↑ ইণ্ডিয়াগ্লিটজ - সিলামবৰসন, গৌতম আৰু ৰহমান একেলগে?
- ↑ বিহাইণ্ড উডছ্ - সিলামবৰসনৰ ৰহস্য
- ↑ সিফি - ভিন্নইথাণ্ডি ভৰুভায়া
- ↑ সিফি - ভিন্নইথাণ্ডি ভৰুভায়াৰ চিত্ৰ
- ↑ দ্যা হিন্দুৰ নিবন্ধ
- ↑ সিফি - সিলামবৰসন আৰু তৃষা মালতাত
- ↑ সিফি - ভিন্নইথাণ্ডি ভৰুভায়াৰ তথ্য
- ↑ বিহাইণ্ড উডছ্ - ভিন্নইথাণ্ডি ভৰুভায়াৰ তথ্য
- ↑ ৰেডিফ - ভিন্নইথাণ্ডি ভৰুভায়াৰ ৰিভিও
- ↑ সিফি - ভিন্নইথাণ্ডি ভৰুভায়াৰ ৰিভিও
- ↑ বিহাইণ্ড উডছ্ - সিলামবৰসন, তৃষা, গৌতম আৰু ৰহমান লণ্ডন
- ↑ তামিল ৱে টু মুভিজ - ভিন্নইথাণ্ডি ভৰুভায়া কালেক্টৰচ্ এডিচনৰ ৰিভিও
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিন্নইথাণ্ডি ভৰুভায়া” প্ৰবন্ধৰ সংশোধন ৬৩৭৬২৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।