অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অৰংগেত্ৰম (১৯৭৩ চলচ্চিত্ৰ)

অৰংগেত্ৰম ( Arangetram; উচ্চাৰণ: aɾaŋɡeːʈram; অনু: প্ৰথম প্ৰদৰ্শন) ১৯৭৩ চনৰ কে বালাচন্দৰ ৰচিত আৰু পৰিচালিত, ভাৰতীয় তামিল ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰমীলাই।

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অৰংগেত্ৰম ( Arangetram; উচ্চাৰণ: aɾaŋɡeːʈram; অনু: প্ৰথম প্ৰদৰ্শন) ১৯৭৩ চনৰ কে বালাচন্দৰ ৰচিত আৰু পৰিচালিত, ভাৰতীয় তামিল ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰমীলাই।১ সহযোগী চৰিত্ৰত আছে এছ ভি চুব্বায়া, শিৱকুমাৰ, শশীকুমাৰ, কমল হাছান, এম এন ৰাজম, সুন্দৰী বাই আৰু চেন্থামৰাই আদি।২৩ ইয়াত এগৰাকী যুৱতীয়ে নিজৰ ৰক্ষণশীল কিন্তু দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিবলৈ বেশ্যাবৃত্তিৰ কাম কৰে।৪

কমল হাছানে অৰংগেত্ৰমত প্ৰথম প্ৰাপ্তবয়স্ক চৰিত্ৰত অভিনয় কৰে।৫ আনহাতে প্ৰমীলা, জয়াচিত্ৰা আৰু জয়াসুধাই এই ছবিখনৰ জৰিয়তে তামিল ছবিত আত্মপ্ৰকাশ কৰে।৬ ভি কুমাৰে এই ছবিখনৰ সংগীত ৰচনা কৰিছিল, যিখন ছবি আছিল তেওঁ কাম কৰা শেষ বালাচন্দৰৰ ছবি। চিনেমেট’গ্ৰাফী বি.এছ.লোকানাথৰ আৰু সম্পাদনাত আছিল এন.আৰ.কিট্টু।

১৯৭৩ চনৰ ৯ ফেব্ৰুৱাৰীত মুক্তি পোৱা অৰংগেত্ৰম ছবিখনত কঠোৰ বাৰ্তা আৰু অতি সাহসী দৃশ্য অন্তৰ্ভূক্ত হৈছিল আৰু মুক্তিৰ পিছত বিতৰ্কৰ সৃষ্টি কৰিছিল।৭ তথাপিও ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল। ১৯৭৪ চনত ইয়াক তেলেগু ভাষাত জীৱিত ৰংগম (১৯৭৪) নামেৰে আৰু হিন্দী ভাষাত আইনা হিচাপে পুনৰ নিৰ্মাণ কৰা হয়। হিন্দী সংস্কৰণৰ পৰিচালক বালাচন্দৰ নিজেই আছিল।

তথ্যসূত্ৰ

  1. ↑ (16 October 2022). Actress Tulasi ( Tulasi Shivamani ) Exclusive Interview · Real Talk With Anji#128 · Film Tree. Film Tree
  2. ↑ Rangan, Baradwaj. (10 September 2006). Interview: K Balachander. Baradwaj Rangan
  3. ↑ (27 April 2021). புரட்சிகரமான கதை - வசனம்: பரபரப்பை உண்டாக்கிய "அரங்கேற்றம்'. Maalai Malar
  4. ↑ (8 November 2000). Kamal, as we know him. Rediff.com
  5. ↑ Arangettram Tamil Film EP Vinyl record by V Kumar. Macsendisk
  6. ↑ Riaz K Ahmed. (2 February 2019). . #46YearsOfVettri #46YearsOfArangetram 🎉🎉Congratulations @VettriTheatres 🎊🎊On Completing 46 Successfully Amazing Years, I Remember Enjoying Most of My Favourite Films There! #Arangetram Should've Been A Great Start For Your Successful Journey Of 46 Years😊👌
  7. ↑ ராம்ஜி, வி. (9 July 2019). அரங்கேற்றம் - அப்பவே அப்படி கதை!. Kamadenu

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰ১৯৭৩ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰংগেত্ৰম (১৯৭৩ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৬৪৯৮০ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।