ভাৰতৰ মুখ্য ন্যায়াধীশ
৯ প্ৰবন্ধ
-
ভাৰতৰ মুখ্য ন্যায়াধীশ
ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী তথা শীৰ্ষ ন্যায় বিষয়া। ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা ন্যায় বিষয়ক মুখ্য প্ৰশাসনিক বিষয়া।
-
ৰঞ্জন গগৈ
ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪) ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল।
-
দীপক মিশ্ৰ
ন্যায়াধীশ দীপক মিশ্ৰ (জন্ম ৩ অক্টোবৰ ১৯৫৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ জগদীশ সিং খেহৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়।তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এন. ভি. ৰমনা
নুথালাপতি ভেংকট ৰমনা চমুকৈ এন. ভি. ৰমনা (N. V. Ramana, জন্ম: ২৭ আগষ্ট ১৯৫৭) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু বৰ্তমান ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
-
জগদীশ সিং খেহৰ
ন্যায়ধীশ জগদীশ সিং খেহৰ (Jagdish Singh Khehar; জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ। তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে।
-
তীৰথ সিং ঠাকুৰ
ন্যায়ধীশ তীৰথ সিং ঠাকুৰ বা টি. এছ. ঠাকুৰ (জন্ম: ৪ জানুৱাৰী ১৯৫২) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৩তম মুখ্য ন্যায়ধীশ। তেওঁৰ পিতৃ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ দেৱী দাস ঠাকুৰ অসমৰ পূৰ্বৰ ৰাজ্যপাল আছিল। তিৰথ সিং ঠাকুৰ তেওঁৰ পিতৃৰ চেম্বাৰত ১৯৭২ চনত যোগ দি কৰ্মজীৱন আৰম্ভ কৰে।
-
শৰদ অৰবিন্দ ববডে
শৰদ অৰবিন্দ ববডে (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ইয়াৰ আগতে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।
-
সঞ্জীৱ খান্না
সঞ্জীৱ খান্না (Sanjiv Khanna; জন্ম: ১৪ মে' ১৯৬০) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক ন্যায়ধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ অৱসৰৰ পিছত তেওঁক নিযুক্তি দিয়া হয়। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, যিটো পদত তেওঁৰ পিতৃ দেৱৰাজ খান্নাইও আছিল।
-
ভূষণ ৰামকৃষ্ণ গাৱাই
ভূষণ ৰামকৃষ্ণ গাৱাই (Bhushan Ramkrishna Gavai) (জন্ম:২৪ নৱেম্বৰ ১৯৬০), বি আৰ গাৱাই নামেৰে অধিক পৰিচিত এজন ভাৰতীয় আইনবিদ যিয়ে ২০২৫ চনৰ ১৪ মে'ৰ পৰা ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।