অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ. কে. ত্ৰিবেদী

আৰ. কে. ত্ৰিবেদী বা ৰাম কৃষ্ণ ত্ৰিবেদী (১ জানুৱাৰী ১৯২১ – ১৯ নৱেম্বৰ ২০১৫) ১৯৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৯৯০ চনৰ ২ মে'লৈকে গুজৰাটৰ ৰাজ্যপাল আছিল। ত্ৰিবেদীয়ে ১৯৮২ চনৰ ১৮ জুনৰ পৰা ১৯৮৫ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতৰ সপ্তম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৮ জানুৱাৰী ২০২৫ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আৰ. কে. ত্ৰিবেদী বা ৰাম কৃষ্ণ ত্ৰিবেদী (১ জানুৱাৰী ১৯২১ – ১৯ নৱেম্বৰ ২০১৫) ১৯৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৯৯০ চনৰ ২ মে'লৈকে গুজৰাটৰ ৰাজ্যপাল আছিল।১ ত্ৰিবেদীয়ে ১৯৮২ চনৰ ১৮ জুনৰ পৰা ১৯৮৫ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতৰ সপ্তম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ তৃতীয় সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মভূষণ বঁটা লাভ কৰিছিল।২

ম্যানমাৰ (বাৰ্মা)ৰ ম্যুংগিয়ানত জন্মগ্ৰহণ কৰা ত্ৰিবেদীয়ে এক উজ্জ্বল শৈক্ষিক অভিলেখৰ সৈতে ৰেংগুন আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৪ জুলাই,১৯৪৩ চনত তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ দুয়োটাৰে সৈতে ৩৬ বছৰতকৈ অধিক সময় বিশিষ্ট সেৱা আগবঢ়াই ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰে।

তেওঁ পৰিকল্পনা আৰু উন্নয়ন, বিত্তীয় প্ৰশাসন, শিক্ষা আৰু কৰ্মী প্ৰশাসনৰ ক্ষেত্ৰত কাম কৰি ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগৰ সৰ্বোচ্চ অসামৰিক পদলৈ উন্নীত হৈছিল। ১৯৭৯ চনত তেওঁ চুপাৰ এনুৱেট কৰে। তেওঁ ইউ পিৰ গুৰুত্বপূৰ্ণ জিলাসমূহত জিলা দণ্ডাধীশ হিচাপে আৰু এলাহাবাদৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইউ পিৰ চিকিৎসা, বিত্ত, শক্তি আৰু গৃহ বিভাগৰ মুৰব্বীও আছিল। তেওঁ ইউ পিত শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিন কাম কৰিছিল আৰু তাৰ পিছত মুছুৰীত ভাৰতীয় চৰকাৰী কৰ্মচাৰীৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী একাডেমীৰ উপাধ্যক্ষ হিচাপে কাম কৰিছিল। বুণ্ডেলখণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও আছিল।

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত তেওঁ অসামৰিক যোগান আৰু সহযোগিতা আৰু ভাৰতৰ পৰিকল্পনা আয়োগ বিভাগত কাম কৰি ভাৰতৰ ৫ম পঞ্চবাৰ্ষিক পৰিকল্পনা ৰচনা কৰিছিল। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচনৰ উপ-সভাপতি আৰু কুৱালালামপুৰৰ এছিয়ান চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেচন ( ESCAP-UN )ৰ উপদেষ্টা আছিল। ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰি ভাৰতৰ সংসদলৈ ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনকে ধৰি বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰ তদাৰক কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Eminent bureaucrat RK Trivedi no more
  2. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ. কে. ত্ৰিবেদী” প্ৰবন্ধৰ সংশোধন ৪৬৪৮২৬ (১৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।