কুলধৰ শইকীয়া (Kuladhar Saikia; চমুকৈ কুল শইকীয়া) ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান (এপ্ৰিল ২০১৮ - নৱেম্বৰ ২০১৯)। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক লগতে অসম সাহিত্য সভাৰ সভাপতি আছিল।১ আৰক্ষী বিভাগত তেওঁ দেখুৱা উৎকৃষ্ট কাৰ্যদক্ষতাৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ পৰা দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে। অসম আৰক্ষী সমাজৰ কল্যাণৰ বাবে তেখেতে "প্ৰজেক্ট প্ৰহৰী" নামৰ এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছিল।২ ইয়াৰ লগতে তেখেত অসম প্ৰকল্প নামেৰে অৰ্থনৈতিক নীতি গৱেষণা গোট এটা গঠন কৰিছিল।
আৰক্ষী সেৱাৰ লগত জড়িত শইকীয়া এজন সুসাহিত্যিক। তেখেতে ১৯৯৮ চনত মুনীন বৰকটকী বঁটা আৰু ২০০০ চনত কথা বঁটা লাভ কৰে। ২০১৫ চনত গল্প সংকলন "আকাশৰ ছবি আৰু অন্যান্য গল্প"ৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে।৩ তেখেত ২০১৯ বৰ্ষত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ ২ তাৰিখে তেওঁ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।৪ ২০২১ চনৰ ২২ ছেপ্টেম্বৰত তেওঁক অৰুণোদয় সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে শিৱসাগৰত ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা গ্ৰহণ কৰে। ৫
প্ৰাৰম্ভিক জীৱন
কুলধৰ শইকীয়াৰ জন্ম ১৯৫৯ চনত। ৰঙিয়াৰ হাইস্কুলত পঢ়াশলীয়া শিক্ষা লাভ কৰি তেখেতে কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক্বিশ্ববিদ্যালয় আৰু দিল্লীৰ ৰাজজাছ কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৬ দিল্লী স্কুল অৱ ইকোন’মিক্সৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰাৰ পিছত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজত কিছুদিন অৰ্থনীতি পঢ়াইছিল। ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰাৰ আগতে তেখেতে কিছুদিন পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনীতি সেৱাৰ বিষয়া হিচাপে আৰু তাৰ পিছত কিছুদিন ভাৰতীয় ৰে’ল যাতায়াত সেৱাৰ বিষয়া হিচাপেও কাম কৰিছিল। ২০০০-২০০১ চনত তেখেতে আমেৰিকাৰ পেন্সিলভানিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ত সন্মানীয় ফুলব্ৰাইট সভ্য হিচাপে “নেতৃত্ব আৰু ব্যৱস্থাপনা” বিষয়ৰ পাঠ্যক্ৰম আৰু লগতে “সামুদায়িক বিকাশ আৰু সম্পদ-ব্যৱস্থাপনা” বিযয়ত গৱেষণা কাৰ্যক্ৰম সম্পন্ন কৰে। তেখেতে অলপদিনৰ বাবে ৱাশ্বিংটনত বিশ্ব-বেঙ্কৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ পৰা "অপৰাধ আৰু উন্নয়ন" বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল।
সাহিত্যিক জীৱন
শইকীয়াদেৱৰ এতিয়ালৈ ২৮ খন চুটিগল্প সংকলন প্ৰকাশ হৈছে। ২০০০ চনত তেখেতলৈ সন্মানীয় “কথা” পুৰস্কাৰ আগবঢ়োৱা হয়। অসমৰ স্থানীয় বাতৰি কাকত-আলোচনীৰৰ লগতে ইংৰাজী কাকত-আলোচনীতো শইকীয়াদেৱে নিয়মীয়াকৈ অৰ্থনৈতিক বিকাশৰ পৰা ব্ৰেণ্ড ব্যৱস্থাপনা, শক্তি পৰিকল্পনাৰ পৰা সাহিত্য সমালোচনা, কূটনৈতিক কৌশল আদি বিভিন্ন বিষয়ৰ সম্বন্ধত নিবন্ধ লিখি আহিছে। তেওঁৰ কিছুমান প্ৰকাশিত নিবন্ধ “Energy Resources and Planning in the North East” গ্ৰন্থত প্ৰকাশ হৈছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) আদিৰ দৰে ভাৰতৰ আগশাৰীৰ ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষানুষ্ঠানে তেখেতক ব্যৱস্থাপনা, বিকাশৰ সামুদায়িক নিৰ্ণয় ব্যৱস্থা আদি বিষয়ত বক্তব্য ৰাখিবলৈ অতিথি বক্তা হিচাপে নিমন্ত্ৰণ কৰি আহিছে। অসমৰ সামগ্ৰিক বিকাশ আৰু সংবৰ্ধন সম্পৰ্কে প্ৰকাশ পোৱা “Assam: Beyond 2000” নামৰ অৱলোকন নথি-প্ৰকল্পৰ তেখেতো এগৰাকী সম্পাদক আছিল। “Assam Police: Through the Years” নামৰ গ্ৰন্থৰ তিনিজনীয়া সম্পাদনা সমিতিৰ এজন হিচাপে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শইকীয়াদেৱ এজন উচ্চ প্ৰশংসিত নাট্যকাৰো। বহু কেইখন গভীৰ চিন্তোদ্দীপক নাটক লিখাৰ উপৰিও তেখেতে দূৰদৰ্শনৰ বাবে দুখন টেলি-ফিল্মৰ চিত্ৰনাট্য লিখি পৰিচালনাও কৰিছে।৭
গল্প পুথিসমূহ
- তীৰ্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰছোৱা
- আখৰাত মই আৰু অন্যান্য
- গ্ৰহান্তৰ
- গল্পৰ আঁৰৰ মানুহ
- বেলিফুলৰ ছবি
- মৃত্যু হীনতা আৰু অন্যান্য গল্প
- আড্ডা
- বাইলেন নম্বৰ তিনি
- এক ডজন গল্প
- আৰু কেইটামান গল্প
- হোষ্টেলৰ এলাৰ্ম ঘড়ী
- অলকানন্দ এপাৰ্টমেণ্ট
- মাথোঁ গল্প
- প্ৰায় মানুহ
- আকাশৰ ছবি আৰু অন্যান্য গল্প
- চলিহাৰ চহৰ
উপন্যাস
নিৰ্জন দ্বীপত এদিন
বঁটা আৰু সন্মান
- আখৰাত মই আৰু অন্যান্য গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা, ১৯৯৮
- "কথা বঁটা", ২০০০
- দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক
- "আকাশৰ ছবি আৰু অন্যান্য গল্প"ৰ বাবে সাহিত্য অকাডেমি বঁটা, ২০১৫
- অসম সাহিত্য সভাৰ সভাপতি, শুৱালকুছি অধিৱেশন, ২০২০
- ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা, ২০২১
তথ্যসূত্ৰ
- ↑ Assam Police-Nagarik Committees. www.assampolice.gov.in
- ↑ {{Cite web | url = www.thestatesman.com/mobi/news/northeast/curbing | title = Curbing witch-hunting: An Assam police officer''s relentless campaign | website = www.thestatesman.com | access-date = 2016-02-26 }}
- ↑ Writing helps my policing: Kuladhar Saikia - Times of India. The Times of India
- ↑ আমাৰ অসম
- ↑ (22 September 2021). ড° কুলধৰ শইকীয়ালৈ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা
- ↑ (২৬ এপ্ৰিল ২০১৮). সাহিত্য অকাডেমি বিজয়ী কুলধৰ শইকীয়া পৰৱৰ্তী ডিজিপি. নিয়মীয়া বাৰ্তা
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলধৰ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৫৭৩৬৮৪ (৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।