বৌৱা দেৱী (Baua Devi) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবনী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প।১ এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়। দৃষ্টিনন্দন জ্যামিতিক শৈলীয়েই হৈছে ছবিসমূহৰ মূল বৈশিষ্ট্য। বৰ্তমান ইয়াক হস্তনিৰ্মিত কাগজ আৰু কেনভাছলৈ স্থানান্তৰ কৰা হৈছে।২ বৌৱা দেৱীয়ে ১৯৮৪ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। মধুবানী চিত্ৰশিল্পলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৭ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
জীৱনী
বৌৱা দেৱীয়ে প্ৰায় ৬০ বছৰ ধৰি মৈথিলী চিত্ৰকলা অনুশীলন কৰি আহিছে।৩ তেওঁ ১২ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ শাহুয়েকে তেওঁক চিত্ৰকলা অনুসৰণ কৰিবলৈ উৎসাহিত কৰিছিল। ১৯৬৬ চনত বস্ত্ৰ মন্ত্ৰালয়ৰ উপদেষ্টা সংস্থা অইল ইণ্ডিয়া হস্তশিল্প পৰিষদৰ পৰিচালক পুপুল জয়কাৰে মুম্বাইৰ শিল্পী ভাস্কাৰ কুলকাৰ্ণীক কলা আৰু শিল্পী বিচাৰি মধুবানীলৈ প্ৰেৰণ কৰিছিল। যেতিয়া তেওঁ কুলকাৰ্ণীক লগ পাইছিল তেতিয়া তেওঁ এগৰাকী কিশোৰী আছিল আৰু শিল্পীসকলৰ দলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ আছিল। তেওঁলোকে মিথিলা কলাক বেৰৰ পৰা আনুষ্ঠানিকভাৱে কাগজ আৰু কেনভাচলৈ স্থানান্তৰ কৰিছিল। পৰম্পৰাগতভাৱে মধুবানী চিত্ৰ ঘৰৰ বেৰত কৰা কলা হিচাপে অনুশীলন কৰা হৈছিল। ভাস্কৰ কুলকৰ্ণীয়ে তেওঁলোকৰ চিত্ৰকৰ্মসমূহ সংগ্ৰহালয়লৈ লৈ গৈছিল আৰু পিছলৈ তেওঁ বৌৱা দেৱীক ৰাষ্ট্ৰীয় শিল্প সংগ্ৰহালয়লৈ আহিবলৈ উৎসাহিত কৰিছিল। কুলকাৰ্ণীৰ বাবে কাম কৰা প্ৰথম বছৰত তেওঁক প্ৰতি পেইণ্টিংত ১.৫০ টকা পৰিশোধ কৰা হৈছিল।৪ তাৰ পিছত তেওঁৰ শিল্প স্পেইন, ফ্ৰান্স আৰু জাপানৰ চিত্ৰ বিথিকা আৰু সংগ্ৰহালয়লৈ নিয়া হৈছে।৫ ২০১৫ চনত তেওঁৰ এখন চিত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণৰ সময়ত হেন'ভাৰৰ মেয়ৰ ষ্টিফেন স্কষ্টক উপহাৰ দিছিল।৬
শৈলী
যোৱা পাঁচ দশকধৰি মধুবানী কলাৰ প্ৰাধান্য বৃদ্ধি পাইছে আৰু বৌৱা দেৱীৰ শিল্পয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছে। তেওঁ ১৯৮৯ চনত চেণ্টাৰ পম্পিডুত মেজিকিয়েনছ দে লা টেৰেত দে টেৰেত নিজৰ শিল্প প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় মহিলা চিত্ৰশিল্পী। তেওঁ কাগজৰ সৰু শ্বীটৰ পৰা ২০ ফুট ডাঙৰ পটভূমিত মিথিলা শৈলীৰ ছবি আঁকে। তেওঁৰ চিত্ৰসমূহত ধৰ্মীয় কাহিনী যেনে ভগৱান কৃষ্ণ আৰু সীতাৰ দৃষ্টিভংগীৰে ৰাম আৰু সীতাৰ পৌৰাণিক কাহিনী আদি প্ৰতিফলিত হয়। বৌৱা দেৱীয়ে তেওঁৰ চিত্ৰৰ বাবে হস্তনিৰ্মিত কাগজ আৰু প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰে। মুখ্যতঃ তেওঁৰ পেলেটত ক'লা, হালধীয়া, ৰঙা আৰু বগা ৰং ব্যৱহাৰ কৰে।
বঁটা আৰু সন্মান
- পদ্মশ্ৰী, ২০১৭
- ৰাষ্ট্ৰীয় পুৰস্কাৰ, ১৯৮৪৭
তথ্যসূত্ৰ
- ↑ (30 September 2017). Madhubani Painting. Abhinav Publications. ISBN 9788170171560
- ↑ (2003). Madhubani Painting. Abhinav Publications. ISBN 9788170171560
- ↑ MithilaConnect, Team. (2017-02-03). Baua Devi of Jitwarpur village gets Padmashree award. MithilaConnect Local
- ↑ Painting on the Wall - Indian Express. archive.indianexpress.com
- ↑ Baua Devi. artiana.com
- ↑ PM Modi gifts Bihar artist's painting to Hannover mayor - Times of India. The Times of India
- ↑ President Mukherjee confers Padmi Shri to Madhubani artist Baua Devi. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৌৱা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮২২১৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।