বিহাৰৰ ব্যক্তি
২২ প্ৰবন্ধ
-
কৰ্পূৰী ঠাকুৰ
কৰ্পূৰী ঠাকুৰ (Karpoori Thakur; ২৪ জানুৱাৰী ১৯২৪ – ১৭ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষক আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল…
-
শাৰদ কুমাৰ
শাৰদ কুমাৰ (Sharad Kumar; জন্ম: ১ মাৰ্চ ১৯৯২) এজন ভাৰতীয় পেৰা হাই জাম্পাৰ আৰু প্ৰাক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ। বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা শাৰদ কুমাৰে ২০১০ চনৰ এছিয়ান পেৰা গেমছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰে।
-
আয়েশা শৰ্মা
আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।
-
প্ৰভাৱতী দেৱী
প্ৰভাৱতী দেৱী নাৰায়ণ ( Prabhavati Devi Narayan; বিবাহৰ পূৰ্বে প্ৰসাদ; ১৯০৬ – ১৫ এপ্ৰিল ১৯৭৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ নিবাসী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত মুক্তি যুঁজাৰু তথা সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ পত্নী।
-
বৌৱা দেৱী
বৌৱা দেৱী (Baua Devi) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়।
-
মহাসুন্দৰী দেৱী
মহাসুন্দৰী দেৱী (Mahasundari Devi, ১৫ এপ্ৰিল ১৯২২ - ৪ জুলাই ২০১৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়।
-
শিল্পা শুক্লা
শিল্পা শুক্লা (Shilpa Shukla) হৈছে ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আৰু থিয়েটাৰ শিল্পী৷ তেওঁ ২০০৭ চনত মুক্তিপ্ৰাপ্ত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি চক দে ইণ্ডিয়াত অভিনয় কৰি চৰ্চালৈ আহিছিল৷ ২০১৩ চনত তেওঁ নিঅ'-নয়ৰ চলচ্চিত্ৰ বি.এ.
-
গোদাৱৰী দত্ত
গোদাৱৰী দত্ত (Godawari Dutta) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়।
-
নিত্যানন্দ ৰাই
নিত্যানন্দ ৰাই (জন্ম ১ জানুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী। ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত উজিয়াৰপুৰৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়।
-
নেহা শৰ্মা
নেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা। শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল।
-
সীতা দেৱী
সীতা দেৱী (Sita Devi,১৯১৪–২০০৫) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ বিশেষকৈ মধুবানী চিত্ৰশিল্পৰ সৈতে জড়িত। মধুবানী চিত্ৰশিল্পৰ তেওঁ এগৰাকী প্ৰখ্যাত শিল্পী আৰু এই চিত্ৰকৰ্মৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ভাৰতৰ প্ৰথম শিল্পীসকলৰ ভিতৰৰ এগৰাকী, ১৯৮১ চনত তেওঁ পদ্মশ্ৰী আৰু ১৯৮৪ চনত বিহাৰ ৰত্ন সন্মান লাভ…
-
আকাশ দীপ
আকাশ দীপ (Akash Deep; জন্ম:-১৫ ডিচেম্বৰ ১৯৯৬) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ, ঘৰুৱা ক্ৰিকেটত বংগ ক্ৰিকেট দলৰ হৈ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ আৰু বেংগল প্ৰ’ টি-২০ লীগত চাৰ্ভোটেক চিলিগুৰি ষ্ট্ৰাইকাৰছৰ হৈ…
-
খান ছাৰ
পেছাগতভাৱে খান ছাৰ (Khan Sir) নামেৰে পৰিচিত ফৈজল খান (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন ভাৰতীয় শিক্ষক আৰু ইউটিউবাৰ। তেওঁ ভাৰতত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা প্ৰশিক্ষক কেন্দ্ৰ চলায়।
-
দীনেশ ভ্ৰমাৰ
দীনেশ ভ্ৰমাৰ ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী আৰু ভোজপুৰী ভাষাৰ কবি। তেখেতে ভোজপুৰী সাহিত্যত গজল আৰু ৰুবায়ী প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছে। ভোজপুৰী সাহিত্যৰ কবি ভ্ৰমাৰ হৃদয় আৰু আত্মাত মূলতঃ প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি। তেওঁৰ গীতৰ দাপোনত জিলিকি থকা মুখখনেই হৈছে কবি নিজেই।
-
দুলাৰী দেৱী
দুলাৰী দেৱী ( Dulari Devi; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় শিল্পী আৰু চিত্ৰকৰ। ২০২১ চনত মধুৱনী চিত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
দুৰ্গেশ কুমাৰ
দুৰ্গেশ কুমাৰ (Durgesh Kumar) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু ৱেব ছিৰিজসমূহত অভিনয় কৰে।
-
নিতিন নবীন
নিতিন নবীন (Nitin Nabin) ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা। বৰ্তমান তেওঁ দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৫ চনৰ ডিচেম্বৰ মাহত দলটোৰ সংসদীয় ব’ৰ্ডে তেওঁক এই পদত নিযুক্তি দিছিল।
-
নিবেদিতা ঝা
নিবেদিতা ঝা (জন্ম: ৪ এপ্ৰিল ১৯৬৫) বিহাৰৰ এগৰাকী ভাৰতীয় সাংবাদিক, সমাজকৰ্মী আৰু কবি। তেওঁ বিশেষকৈ নাৰী অধিকাৰ আৰু সামাজিক ন্যায় সম্পৰ্কীয় কামৰ বাবে পৰিচিত আৰু বৰ্তমান তেওঁ ‘বিহাৰ মহিলা সমাজ’ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নিশ্চলানন্দ সৰস্বতী
নিশ্চলানন্দ সৰস্বতী (Nishchalananda Saraswati) হʼল এগৰাকী ভাৰতীয় আধ্যাত্মিক নেতা আৰু অদ্বৈত বেদান্ত পৰম্পৰাৰ পণ্ডিত। তেওঁ ভাৰতৰ ওড়িশাৰ পুৰীৰ ঋগবেদিয়া (বৈদিক) পূৰ্বমনয় শ্ৰী গোবৰ্ধন পীঠৰ ১৪৫তম জগদগুৰু শংকৰাচাৰ্য।
-
মৈথিলী ঠাকুৰ
মৈথিলী ঠাকুৰ (Maithili Thakur; জন্ম:-২৫ জুলাই ২০০০) ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোকসংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত নেপথ্য কণ্ঠশিল্পী আৰু এগৰাকী ভাৰতীয় ৰাজনীতিক।তেওঁ হিন্দী, মৈথিলী, ভোজপুৰী, আৱাধি, মগাহী আৰু অন্যান্য ভাৰতীয় ভাষাৰ মৌলিক গীত, কাভাৰ আৰু পৰম্পৰাগত লোকসংগীত গায়।
-
সুভদ্ৰা দেৱী
সুভদ্ৰা দেৱী (Subhadra Devi ) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ পেপাৰমেকিং শিল্পৰ সৈতে জড়িত। বিহাৰৰ দৰভংগাৰ মানিগাছিতত থকা পৈতৃক ঘৰত পৰিয়ালৰ ডাঙৰবোৰক পেপাৰমেকিঙৰ কাম কৰা দেখি সুভদ্ৰাই এই কাম কৰিবলৈ শিকে আৰু সময়ত এই কলাৰ এগৰাকী প্ৰখ্যাত শিল্পী হৈ উঠে।
-
সুৰেশ চন্দ্ৰ মিশ্ৰ
সুৰেশ চন্দ্ৰ মিশ্ৰ (১৯০৩ – ৩০ মাৰ্চ ১৯৯৩), পণ্ডিত সুৰেশ চন্দ্ৰ মিশ্ৰ নামেও জনাজাত, আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী। তেখেত ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ বিহাৰৰ মংঘীৰ সমষ্টিৰ বাবে প্ৰথম লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।