গুৱাহাটীৰ উল্লেখযোগ্য ঠাই
৯ প্ৰবন্ধ
-
পাণবজাৰ
পাণবজাৰ অসমৰ গুৱাহাটী মহানগৰৰ এক অঞ্চল। পল্টন বজাৰ, আমবাৰী, ফাঁচী বজাৰ আদি অঞ্চলবিলাক ওচৰা-ওচৰিকৈ অৱস্থিত। ব্ৰহ্মপুুত্ৰ নদীৰ দক্ষিণ পাৰত নগৰ কেন্দ্ৰৰ ই এক গুৰুত্বপূৰ্ণ অংশ।
-
বেলতলা
গুৱাহাটী মহানগৰীৰ প্ৰায় দক্ষিণ স্থিত বেলতলা মহানগৰীৰ আটাইতকৈ ঐতিহাসিকভাৱে পুৰণি অঞ্চল। ই মহানগৰীৰ আন্তগাথনিত উল্লেখযোগ্য অঞ্চল।
-
মালিগাঁও
মালিগাঁও(Maligaon) হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এটি জনবসতিপূৰ্ণ এলেকা৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়ামখনি মালিগাঁৱতেই অৱস্থিত৷ কামাখ্যা মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰকে ধৰি একাধিক উপাসনাগৃহ মালিগাঁৱৰ আশে-পাশে অৱস্থিত৷ দুৰ্গা দেৱীৰ পূজাও…
-
গণেশগুৰি
গণেশগুৰি (Ganeshguri) গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমৰ গুৱাহাটী চহৰত অৱস্থিত। ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল।
-
পল্টন বজাৰ
পল্টন বজাৰ (Paltan Bazaar) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এক বসতিস্থল। ইয়াৰ চৌপাশে পাণ বজাৰ, উলুবাৰী, ৰিহাবাৰী, ফাঁচী বজাৰ অৱস্থিত। পল্টন বজাৰ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান। যাতায়াত-যোগাযোগ, ব্যৱসায়-বাণিজ্য, হোটেল আদিকে ধৰি আন বহুতো সেৱাৰেই পল্টন বজাৰ হৈছে কেন্দ্ৰস্থল।
-
শিলপুখুৰী
শিলপুখুৰী হৈছে অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ এটি ব্যস্ত আৰু ঘন বসতিপূৰ্ণ অঞ্চল। ১৮৯৯ খ্ৰীষ্টাব্দত শিলপুখুৰী অঞ্চলটো গুৱাহাটী পৌৰসভাৰ অন্তৰ্ভুক্ত হয়। শিলপুখুৰীৰ পুৰণি নাম আছিল কুকুৰমুতা। গুৱাহাটীৰ এটি পুৰণি পুখুৰী 'শিলপুখুৰী'ৰ কাষে-পাজৰে এটি জনবসতি গঢ় লৈ উঠিছিল।
-
চান্দমাৰী
চান্দমাৰী (Chandmari) হৈছে অসমৰ গুৱাহাটীত থকা পুৰণি বসতিস্থলৰ ভিতৰত অন্যতম৷ চান্দমাৰী কামৰূপ মহানগৰ জিলাৰ পৰা পূব দিশত অৱস্থিত৷ অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ লগতে কেইখনমান শৈক্ষিক প্ৰতিষ্ঠান চান্দমাৰীত আছে৷ তাৰে ভিতৰত হ'লি চাইল্ড কনভেণ্ট, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপত অৱস্থিত ভাস্কৰ…
-
চন্দ্ৰপুৰ, গুৱাহাটী
চন্দ্ৰপুৰ পাহাৰেৰে আবৃত, আৰু ই মূলতঃ এক ঔদ্যোগিক অঞ্চল। ASEB থাৰ্মেল প্ৰকল্পটো চন্দ্ৰপুৰ চহৰৰ প্ৰধান ঔদ্যোগিক প্ৰকল্পসমূহৰ এক অন্যতম প্ৰকল্প। অঞ্চলটোত এনটিচি (NTC) প্ৰকল্পটো বন্ধ কৰি দিয়া হয় আৰু এএছএফচি লিমিটেড (ASFC Ltd.) প্ৰকল্পটো বৰ্তমান কাৰ্যক্ষম অৱস্থাত আছে।
-
ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ
ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ অসমীয়া সংগীতজ্ঞ, কবি আৰু চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাৰ স্মৃতিত নিৰ্মিত এটা স্মাৰক প্ৰাংগণ আৰু সাংস্কৃতিক স্থান। ই ভাৰতৰ অসমৰ গুৱাহাটীৰ জালুকবাৰী অঞ্চলত, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত অৱস্থিত।