অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মালিগাঁও

মালিগাঁও(Maligaon) হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এটি জনবসতিপূৰ্ণ এলেকা৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়ামখনি মালিগাঁৱতেই অৱস্থিত৷ কামাখ্যা মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰকে ধৰি একাধিক উপাসনাগৃহ মালিগাঁৱৰ আশে-পাশে অৱস্থিত৷ দুৰ্গা দেৱীৰ পূজাও…

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

মালিগাঁও(Maligaon) হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এটি জনবসতিপূৰ্ণ এলেকা৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়ামখনি মালিগাঁৱতেই অৱস্থিত৷১ কামাখ্যা মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰকে ধৰি একাধিক উপাসনাগৃহ মালিগাঁৱৰ আশে-পাশে অৱস্থিত৷ দুৰ্গাৰ পূজাও মালিগাঁৱত উলহ-মালহেৰে উদযাপন কৰা হয়৷

যাতায়াত

বিমান সেৱা

মালিগাঁৱৰ সমীপৱৰ্তী বিমান বন্দৰটো হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ৷

ৰে'ল সেৱা

উত্তৰ-পূব সীমান্ত ৰে’লৱে বা চমুকৈ N.F.Railway ভাৰতবৰ্ষৰ ওঠৰটা ৰে'ল মণ্ডলৰ অন্তৰ্গত৷ ২ ইয়াৰ মুখ্য কাৰ্যালয়টো মালিগাঁৱতেই অৱস্থিত৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ লগতে পশ্চিম বংগ আৰু বিহাৰৰ কিছু অংশৰ ৰে'ল সেৱা মালিগাঁৱৰ পৰাই নিয়ন্ত্ৰিত হয়৷ কামাখ্যা ৰে'লৱে ষ্টেছন, আমিনগাওঁ ৰে'লৱে ষ্টেছনৰ পৰা মালিগাঁৱলৈ আহিব পাৰি৷ গুৱাহাটী ৰে'লৱে ষ্টেছন মালিগাঁৱৰ পৰা প্ৰায় চাৰি মাইল নিলগত৷ ৩

নিলাচল পাহাৰ
নিলাচল পাহাৰছবি: Saurmandal · CC BY-SA 4.0

আকৰ্ষণৰ ঠাই

৫

উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়াম

উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেডিয়াম হৈছে মালিগাঁৱত থকা এখন বহুমুখী ষ্টেডিয়াম৷ এইখন খেলপথাৰত সাধাৰণতে ফুটবল, ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়৷ ইয়াৰ লগতে অইন খেলসমূহো আয়োজিত হৈ থাকে৷ ১৯৭৬ চনত এইখন ষ্টেডিয়ামত ৩৩খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷ সেইবাৰ অসমৰ ক্ৰিকেট দলটোৱে উৰিষ্যাৰ ক্ৰিকেট দলটোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ ১৯৭৮ চনৰ পৰা ২০০৯ চনৰ ভিতৰত এইখন ষ্টেডিয়ামত আৰু ৩২খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেল আয়োজিত হৈছিল৷ ৬ ৭ in 1976 when অসম ক্ৰিকেট দল played against Orissa cricket team.৮ মধ্য ক্ষেত্ৰ ক্ৰিকেট দলটোৱে যেতিয়া উত্তৰ ক্ষেত্ৰৰ ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেতিয়া এইখন ষ্টেডিয়ামতে পুনৰ ১৮খন A-তালিকাভুক্ত মেচ অনুষ্ঠিত হৈছিল৷ ৯অৱশ্যে তাৰপিছৰ পৰা ষ্টেডিয়ামখনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেল অনুষ্ঠিত হোৱা নাই৷ ১০

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Railway stadium, Maligaon. cricketarchive.com
  2. ↑ (2015). Organization Structure. Indian Railways
  3. ↑ Maligaon
  4. ↑ Places To Visit Near Maligaon Market, Guwahati
  5. ↑ https://www.justdial.com/Guwahati/Tourist-Attraction-in-Maligaon/nct-10596038
  6. ↑ Sports Venue. Assam Government
  7. ↑ First-class matches
  8. ↑ Scorecard
  9. ↑ Scorecard
  10. ↑ Other matches

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটীৰ উল্লেখযোগ্য ঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালিগাঁও” প্ৰবন্ধৰ সংশোধন ৪০৩৫৩৮ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।