মৰিছাছ
৭ প্ৰবন্ধ
-
মৰিছাছ
মৰিছাছ (Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যি দেশৰ প্ৰধান সাগৰীয় বন্দৰ।
-
উৰ্বশী গোৰিয়া
উৰ্বশী দেৱী গোৰিয়া (জন্ম: ৮ জানুৱাৰী ১৯৯৯) এগৰাকী মৰিছিয়ান মডেল, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৮ উপাধি লাভ কৰিছিল। তেওঁ মৰিছিয়াছক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছিল আৰু ইউনিচেফত VOY হিচাপে সক্ৰিয় সদস্য।
-
নাটাচা আপানা
নাটাচা দেৱী পাথৰেড্ডী আপানা (ইংৰাজী: Nathacha Devi Pathareddy Appanah; জন্ম ২৪ মে' ১৯৭৩) এগৰাকী মৰিছাছীয়—ফৰাচী লেখিকা। তেওঁ মৰিছাছত নিজৰ কৈশোৰৰ বেছিভাগ সময় অতিবাহিত কৰিছিল আৰু ফ্ৰান্সলৈ প্ৰব্ৰজন কৰাৰ আগতে লি মৰিচিয়ান আৰু উইক-এণ্ড স্কোপত সাংবাদিক হিচাপে কাম কৰিছিল।
-
পল্লৱী গুঙ্গাৰাম
পল্লৱী গুঙ্গাৰাম (জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩), পল্লৱী ৰাম নামেও পৰিচিত, এগৰাকী মৰিছাছৰ সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৩ উপাধি লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল।
-
বিবেকা বাবাজী
বিবেকা বাবাজী (২৭ মে’ ১৯৭৩ – ২৫ জুন ২০১০) এগৰাকী মৰিছাছৰ অভিনেত্ৰী, ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী আছিল। তেওঁ মিছ মৰিছাছ ৱাৰ্ল্ড ১৯৯৩ আৰু মিছ মৰিছাছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ লাভ কৰিছিল।
-
মৰিচাছৰ নাৰী
মৰিচাছৰ নাৰীয়ে (Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সমাজত নাৰীৰ ভূমিকা ২০ শতিকাত সলনি হৈছিল। ঐতিহাসিকভাৱে মৰিচাছ সংস্কৃতিয়ে পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি বজাই ৰাখিছিল, যিয়ে পৰিয়াল আৰু কৰ্মজীৱনকো সামৰি লৈছিল।
-
ষ্টেট বেংক অৱ মৰিচাছ (ইণ্ডিয়া)
পূৰ্বতে ষ্টেট বেংক অৱ মৰিচাছ (ইণ্ডিয়া) লিমিটেড নামেৰে জনাজাত এছ বি এম বেংক (ইণ্ডিয়া) লিমিটেড ভাৰতৰ মুম্বাইত অৱস্থিত এটা বাণিজ্যিক বেংক। এই বেংকটো মৰিচাছৰ বিত্তীয় সেৱা কোম্পানী এছ বি এম হোল্ডিংছ লিমিটেডৰ সহযোগী প্ৰতিষ্ঠান।