জম্মু আৰু কাশ্মীৰৰ ব্যক্তি
৬ প্ৰবন্ধ
-
মেহবুবা মুফটি
মেহবুবা মুফটি ছয়েদ (Mehbooba Mufti Sayed; জন্ম: ২২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ নেত্ৰী৷ তেওঁ ২০১৬ চনৰ ৪ এপ্ৰিলৰ পৰা ১৯ জুন ২০১৮ লৈকে পূৰ্বৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ নৱম আৰু শেষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ জম্মু-কাশ্মীৰৰ…
-
শীতল দেৱী
শীতল দেৱী (Sheetal Devi; জন্ম: ১০ জানুৱাৰী ২০০৭) এগৰাকী ভাৰতীয় পেৰা-আৰ্চাৰ। তেওঁ ২০২২ চনৰ এছিয়ান পেৰা গেমছত মহিলাৰ কম্পাউণ্ড ধনুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক মহিলাৰ ডাবলছত ৰূপৰ পদক লাভ কৰাৰ পিছত মিক্সড ডাবলছ আৰু মহিলাৰ ব্যক্তিগত শাখাত দুটা স্বৰ্ণ পদক লাভ কৰে।
-
ৰাকেশ কুমাৰ
ৰাকেশ কুমাৰ (Rakesh Kumar, জন্ম ১৩ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় পেৰা-ধনুৰ্বিদ। তেওঁ পুৰুষৰ কম্পাউণ্ড অপেন প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে।
-
কাশ্মীৰৰ ৰেশ্মা
ৰেশ্মা (১৯৫০ - নৱেম্বৰ ২০২২), আছিল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী লিঙ্গান্তৰিত গায়িকা আৰু অধিকাৰ কৰ্মী। তেওঁ জনসাধাৰণৰ মাজত কাশ্মীৰৰ ৰেশ্মা নামেৰে পৰিচিত। তেওঁ খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ গীতৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত হাজাৰ হাজাৰবাৰ দেখা হৈছিল।
-
বিক্ৰম মিশ্ৰী
বিক্ৰম মিশ্ৰী (Vikram Misri; জন্ম:-৭ নৱেম্বৰ ১৯৬৪) ভাৰতীয় বৈদেশিক সেৱাৰ এজন ভাৰতীয় কূটনীতিবিদ৷ তেওঁ ২০২৪ চনৰ জুলাই মাহৰ পৰা ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মহাৰজা গুলাব সিং
মহাৰাজ গুলাব সিং (২১ অক্টোবৰ ১৭৯২ – ৩০ জুন ১৮৫৭) জম্মু-কাশ্মীৰৰ প্ৰথম মহাৰাজ আৰু ডোগ্ৰা বংশৰ প্ৰতিষ্থাপক। মূলতঃ শিখ সাম্ৰাজ্যৰ সেনাপতি হিচাপে তেওঁ প্ৰথম এংলো-শিখ যুদ্ধত ব্ৰিটিছৰপক্ষ লয় আৰু ১৮৪৬ চনত কিছুসময়ৰ বাবে শিখ]সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হয়।