স্থপতিবিদ
১৭ প্ৰবন্ধ
-
লিঅ'নাৰ্ড' দা ভিন্সি
লেয়নাৰ্দ’ দি ছেৰ পিয়েৰ’ দা ৱিঞ্চি (Leonardo di ser Piero da Vinci,; ১৫ এপ্ৰিল ১৪৫২ – ২ মে ১৫১৯) আছিল ইতালীয় নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক।
-
মাইকেলেঞ্জেল'
মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি (৬ মাৰ্চ ১৪৭৫ – ১৮ ফেব্ৰুৱাৰী ১৫৬৪), বা চমুকৈ মাইকেলেঞ্জেল আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম।
-
ওস্তাদ আহমদ লাহোৰী
ওস্তাদ আহমদ লাহোৰী (প্ৰায় ১৫৮০-১৬৪৯) যাক আহমদ মিমাৰ (অৰ্থ 'আহমদ স্থপতি') নামেৰেও জনা যায়, মোগল সাম্ৰাজ্যৰ এজন স্থপতি আৰু অভিযন্তা আছিল। তেওঁ ছাহজাহানৰ ৰাজত্বকালত মুখ্য স্থপতি হিচাপে কাম কৰিছিল।
-
লী ক'ৰবাজিয়ে
চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (Charles-Édouard Jeanneret-Gris), যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (Le Corbusier;; ৬ অক্টোবৰ, ১৮৮৭ – ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক। তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়।
-
আতাউল্লাহ ৰছিদী
আতাউল্লাহ ৰছিদী বিন আহমদ ম’মাৰ আছিল ১৭ শতিকাৰ এজন স্থপতি আৰু বৰ্তমানৰ ভাৰতৰ মোগল সাম্ৰাজ্যৰ এজন গণিত লেখক। তেওঁ ঔৰংগাবাদৰ বিবি কা মকবৰা আৰু শ্বাহজাহানাবাদৰ কিছুমান অট্টালিকাৰ ডিজাইন কৰিছিল। এজন গণিত লেখক হিচাপে তেওঁ আৰবী ভাষাৰ খুলাছাত আল-হিছাব আৰু সংস্কৃত ভাষাৰ বীজগণিত ফাৰ্চী ভাষালৈ অনুবাদ কৰে।
-
দিদি কণ্ট্ৰেক্টৰ
ডেলিয়া নাৰায়ণ বা দিদি কণ্ট্ৰেক্টৰ (১৯২৯ – জুলাই ৫, ২০২১) আছিল এজন আমেৰিকান স্থপতিবিদ। তেওঁ ভাৰতত কৰা বহনক্ষম ভৱনসমূহৰ কামৰ বাবে জনাজাত আছিল। এই ক্ষেত্ৰত তেওঁ থলুৱা সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰিছিল।
-
নন্দ কিশোৰ মহেশ্বৰী
নন্দ কিশোৰ মহেশ্বৰী অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷ নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷ নন্দ কিশোৰ মহেশ্বৰীয়ে ভালেসংখ্যক নাটক, অনাতাঁৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ইংৰাজী,…
-
শীলা শ্ৰী প্ৰকাশ
শীলা শ্ৰী প্ৰকাশ (Sheila Sri Prakash, জন্ম: ৬ জুলাই ১৯৫৫) হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ (urban designer)। তেখেত 'শিল্পা আৰ্কিটেক্টছ' নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।
-
শ্বাহ কালিম আল্লাহ জাহানাবাদী
খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।
-
ওস্তাদ ইছা
ওস্তাদ ইছা শ্বিৰাজী (পাৰ্চী: استاد عيسى شیرازی) আছিল ছাফাৱী পাৰস্যৰ (বৰ্তমান ইৰাণ) শ্বিৰাজ চহৰৰ এজন পাৰ্চী স্থপতি, এওঁক প্ৰায়ে ভাৰতৰ আগ্ৰাত থকা তাজমহলৰ সহকাৰী স্থপতি হিচাপে বৰ্ণনা কৰা হয়।
-
গুণধৰ্ম
গুণধৰ্ম বা গুণদৰ্মাকৰ নাম ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা নৱম শতিকাৰ বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ বৰোবুদুৰৰস্থপতিবিদ হিচাপে দাবী কৰা হয়।
-
জাহা হাদিদ
ডেম জাহা মুহাম্মদ হাদিদ (জন্ম: ৩১ অক্টোবৰ ১৯৫০ – মৃত্যু: ৩১ মাৰ্চ ২০১৬) এগৰাকী ইৰাক আৰু ব্ৰিটিছ স্থপতি, শিল্পী আৰু ডিজাইনাৰ আছিল। তেওঁ বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভণি স্থাপত্যকীৰ্তিত মুখ্য ব্যক্তি হিচাপে স্বীকৃত।
-
ফটৌমাটা বেৰী
ফটৌমাটা বেৰী ( Fatoumata Barry) জন্ম: ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা গিনিৰ এজন স্থপতিবিদ আৰু লেখক। তেওঁ গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত, আৰু অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী।
-
ফ্ৰেঙ্ক লইড ৰাইট
ফ্ৰেঙ্ক লইড ৰাইট ছিনিয়ৰ (Frank Lloyd Wright Sr.) আছিল এজন প্ৰসিদ্ধ আমেৰিকান স্থপতিবিদ। তেওঁৰ ৭০ বছৰৰ সৃষ্টিশীল সময়ছোৱাত তেওঁ ১০০০ৰো অধিক গঠনৰ ডিজাইন কৰিছিল।
-
বালকৃষ্ণ দোশী
বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ। তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
মেৰিনা তবচ্চুম
মেৰিনা তবচ্চুম (জন্ম ১৯৬৮ বা ১৯৬৯) এগৰাকী বাংলাদেশী স্থপতি। তেওঁ মেৰিনা তবচ্চুম আৰ্কিটেক্টছৰ প্ৰধান স্থপতি। তবচ্চুমে দুবাৰকৈ স্থাপত্যৰ বাবে আগা খান বঁটা লাভ কৰে - ২০১৬ চনত ঢাকাৰ বৈত-উৰ-ৰৌফ মছজিদৰ ডিজাইনৰ বাবে আৰু ২০২৫ চনত বাংলাদেশৰ বিভিন্ন স্থানত খুদি বাৰীৰ ডিজাইনৰ বাবে।
-
ৰাফায়েল
ৰাফায়েল (Raffaello Sanzio da Urbino) ইটালীৰ এগৰাকী যশস্বী শিল্পী তথা স্থপতিবিদ। তেওঁৰ কৰ্মৰাজি বিশেষকৈ বিষয়বস্তুৰ স্পষ্টতা (clarity of form) তথা সৃষ্টিৰ সৰলতা (ease of composition)ৰ বাবে প্ৰসিদ্ধ।